ASHB:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদৰ ভিতৰত চৰাত চলিছে ব্যাপক স্বজনতোষণ নীতি। পৰিষদৰ আয়ুক্ত গৰাকীৰ নিৰ্দেশতে চলিছে এই স্বজন তোষণ আৰু দুৰ্নীতিৰ বেহা। পৰিষদৰ গুৱাহাটীত থকা ভাৰাতীয়া আঁচনিৰ খালি হোৱা ঘৰসমূহৰ আৱণ্টনৰ ক্ষেত্রত চলিছে দুর্নীতি তথা আয়ুক্ত গৰাকীৰ স্বজন তোষণনীতি।
নতুনকৈ ঘৰ আৱণ্টন কৰাৰ ক্ষেত্ৰত কোনো নীতি নিয়ম পালন কৰা হোৱা নাই। উচ্চ আয়ৰ লোকক আৱন্টন কৰা হৈছে মধ্য তথা নিম্ন আয়ৰ লোকক আবণ্টন দিয়াৰ বাবে নিৰ্মাণ কৰা ঘৰ। অসম চৰকাৰে আগেয়ে সাংবাদিক সকলক প্রতিশ্রুতি দিছিল যে যোগ্য সাংবাদিক সকলক পৰিষদৰ ভাৰাতীয়া আঁচনিৰ ঘৰ আৱন্টন দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব। কিন্তু দেখা গল ওলোটা এখন ছবিহে।
মহানগৰীৰ হেঙেৰাবাৰী হাউচিং কলনীৰ এ আই জি বি বিল্ডিঙত বসবাস কৰা দৈনিক অসম কাকতৰ সম্পাদক অনিল বৰুৱাৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালে সেই ঘৰটো এৰি দিয়ে।
উল্লেখযোগ্য যে পৰিষদত অসমৰ ভালেমান সাংবাদিকে ঘৰ আৱণ্টন বিচাৰি আবেদন কৰি থোৱা আছে। এনে অৱস্থাত এই ঘৰটো তেনে এগৰাকী ঘৰ পোৱাৰ যোগ্য সাংবাদিকক আৱণ্টন দিব লাগিছিল। কিন্তু এই ঘৰটো আৱন্টন দিয়া হ’ল পৰিষদৰ আয়ুক্তৰ এগৰাকী আত্মীয়ক। মধ্য আয়তকৈ ওপৰৰ উচ্চ আয়ৰ লোকক হোৱা সত্বেও আয়ুক্তৰ আত্মীয় গৰাকীক এই ঘৰটো আৱণ্টন দিয়া বুলি প্রকাশ।
তদুপৰি প্ৰায় কোনোদিনে মেৰামতি নকৰা এই অট্টালিকাটোৰ এই আৱণ্টিত ঘৰটোৰ ভিতৰ চ’ৰা পৰিষদে পৰিষদৰ ধনেৰে আটক ধুনীয়াকৈ মেৰামতি কৰি দিয়া দেখা যায়। কি যোগ্যতাৰ ভিত্তিত শশ আবেদনকাৰীৰ মাজৰ পৰা এই আয়ুক্ত গৰাকীৰ আত্মীযক ঘৰটো আৱন্টন দিয়া হ’ল তাৰ স্পষ্টতা ৰাইজে বিচাৰিছে। তদুপৰি একাংশ পুৰণি ভাৰাতীয়াক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে।






























