ManipurViolence : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্কঃ উত্তপ্ত মণিপুৰত পুনৰ প্ৰাণ গ’ল আন এজনৰ। মঙলবাৰে মণিপুৰত মেইতেই জনগোষ্ঠীৰ তিনিগৰাকী মহিলাৰ মৃত্যু হয়। এই ‘হত্যাকাণ্ড’ৰ প্ৰতিবাদত ৰাজ্যজুৰি বন্ধৰ আহ্বানো জনোৱা হয়। ইয়াৰ মাজতে পুনৰ হিংসাত্মক ঘটনা সংঘটিত হয়।
কামজং জিলাত জ্বলাই দিয়া হৈছে একাধিক ঘৰ। ইয়াৰ সমান্তৰালকৈ, কাংপোকপি অঞ্চলত গুলীবিদ্ধ হৈ মৃত্যু হৈছে কুকি-জো জনগোষ্ঠীৰ এজন লোকৰ।
এই ঘটনাক কেন্দ্ৰ কৰি মণিপুৰত পুনৰ উত্তেজনাৰ সৃষ্টি হৈছে। মঙলবাৰে কাংপোকপিৰ পি মল্ডিং গাঁৱৰ ওচৰত গুলীয়াই হত্যা কৰা হয় এজন লোকক। মৃত লোকজনৰ নাম পাওলেন খংসাই।
অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰি কুকি-জো জনগোষ্ঠীৰ লোকজনক হত্যা কৰে। গাঁওখনৰ কাষৰীয়া বনাঞ্চলৰ পৰা উদ্ধাৰ কৰা হয় তেওঁৰ মৃতদেহ। এই হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে লেইমাখং থানাৰ আৰক্ষীয়ে।
তিনি বছৰতকৈও অধিক সময় ধৰি অশান্ত হৈ আছে মণিপুৰ। মেইতেই আৰু কুকিসকলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত প্ৰায় ২৬০জন লোকৰ প্ৰাণ গৈছে। আনহাতে, যোৱা কেইদিনমানৰ পৰা মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি পাইছে।
ফেব্ৰুৱাৰী মাহৰ পৰা কুকি আৰু নগাসকলৰ মাজত হোৱা সংঘৰ্ষত কমেও ৫০জন লোকৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত কেৱল যোৱা এমাহতে কমেও ৪০জন লোকৰ মৃত্যু হৈছে।
ম্যানমাৰ সীমান্তত থকা কামজং জিলাতো আক্ৰমণ চলোৱা হৈছে। কামজঙৰ উপৰি কাংপোকপি, উৰখুল আৰু থৌবাল জিলাৰো কেবাখনো গাঁৱত আক্ৰমণ চলোৱা হৈছে। দুয়োপক্ষৰ বাসিন্দাসকলৰ ঘৰতো অগ্নিসংযোগ কৰা হৈছে।
সোমবাৰে কাংপোকপি আৰু ইম্ফলৰ সীমান্তত হোৱা আক্ৰমণত তিনিগৰাকী মহিলাৰ মৃত্যুৰ পাছত চৰকাৰে উপযুক্ত নিৰাপত্তাৰ আশ্বাস দিছিল। কিন্তু ইয়াৰ মাজতে কামজং জিলাত একাধিক ঘৰত অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে।
তথ্য অনুসৰি, বুধবাৰে পুৱতি নিশা চাছাদৰ ওচৰৰ খোকাই কুকি গাঁৱৰ একাধিক ঘৰত সন্দেহযুক্ত উগ্ৰপন্থীয়ে জুই লগাই দিয়ে।






























