TinsukiaMedicalCollege : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ হাস্পতাল পৰিচালনা সমিতিৰ পৰিচালনা সঞ্চালক সমিতি নতুনকৈ গঠন কৰিছে।
ৰাজ্যপালৰ নিৰ্দেশ মৰ্মে জাৰি কৰা এক অধিসূচনা যোগে এই সমিতি গঠন কৰা হৈছে। চৰকাৰী অধিসূচনা অনুসৰি নতুনকৈ গঠিত ২২ জনীয়া সমিতিখনৰ সভাপতি হিচাপে তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক পুলক গোহাঁইক দায়িত্ব দিয়া হৈছে, আনহাতে তিনিচুকীয়াৰ জিলা আয়ুক্ত উপ-সভাপতি হিচাপে থাকিব।
সমিতিখনত জিলাখনৰ আন বিধায়কসকলক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। সেই অনুসৰি সদস্য হিচাপে আছে ৮১ নং শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, ৮২ নং ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা, ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু ৮৪ নং ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন।
ইয়াৰ উপৰিও সমিতিত অসমৰ চিকিৎসা শিক্ষা সঞ্চালক, তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, যুটীয়া স্বাস্থ্য সঞ্চালক, অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য), উপাধ্যক্ষ, অধীক্ষক, পৌৰসভা, জিলা পৰিষদ, আই এম এ, প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড, এপিডিচিএল, লোক নিৰ্মাণ বিভাগৰ প্ৰতিনিধি আৰু হাস্পতালৰ কৰ্মচাৰীৰ প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হৈছে।
কিন্তু এই সমিতি গঠনক লৈ এতিয়া তিনিচুকীয়া জিলাত তীব্ৰ চৰ্চা চলিছে। জিলাখনৰ প্ৰায় সকলো বিধায়কৰ নাম এই গুৰুত্বপূৰ্ণ সমিতিত সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ’ল যদিও অতি আচৰ্যজনকভাৱে মাকুম বিধানসভা সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী সঞ্জয় কিষাণৰ নাম এই তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই। মাকুম সমষ্টিটো তিনিচুকীয়া জিলাৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি আৰু চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক পৰিসৰৰ ভিতৰতে পৰে।
এনে ক্ষেত্ৰত জিলাখনৰ এগৰাকী জ্যেষ্ঠ বিধায়কৰ নাম বাদ পৰাটোৱে ৰাজনৈতিক মহলৰ লগতে সাধাৰণ ৰাইজৰ মাজতো নানা প্ৰশ্নৰ উদ্ৰেক কৰিছে। এয়া অনিচ্ছাকৃত ভুল নে ৰাজনৈতিক কাৰণত ইচ্ছাকৃতভাৱে বাদ দিয়া হ’ল, তাকে লৈ এতিয়া চৌদিশে চৰ্চা অব্যাহত আছে।
উল্লেখ্য যে বৰ্তমানৰ মাকুম সমষ্টিৰ বিধায়ক তথা তিনিচুকীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰু অসম চৰকাৰৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণৰ কাৰ্যকালতে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ যাত্ৰা আৰম্ভ হৈছিল। তেখেত বিধায়ক হৈ থকাৰ সময়তে অসমৰ ১৩ সংখ্যক চিকিৎসা মহাবিদ্যালয় হিচাপে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়খনে অনুমোদন লাভ কৰিছিল আৰু তেখেতেই পূৰ্বৰ পৰিচালনা সমিতিৰ অধ্যক্ষৰ দায়িত্বতো আছিল।
তেখেতৰ কাৰ্যকালতে ২০১৯ চনৰ সাত জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাকুমৰ শুকানপুখুৰীত এই মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল, যাৰ বাবে অসম আন্তঃগাঁথনি বিত্তীয় কৰ্তৃপক্ষৰ জৰিয়তে প্ৰায় ৩৫০ কোটি টকা ব্যয় কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ২০২৪ চনৰ ন মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী মহাবিদ্যালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল।
এনে এগৰাকী বিধায়কক বৰ্তমান নতুনকৈ অনুমোদন জনোৱা সমিতিৰ পৰা আঁতৰাই ৰখা খবৰে ৰহস্যৰ সৃষ্টি কৰিছে।




































