বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিৰ স্থাপনৰ কাম শুভাৰম্ভ
বিহপুৰীয়া ২০ ছেপ্টেম্বৰ: লখিমপুৰ জিলাৰ বিহপুৰীয়াত নিৰ্মিয়মান জুবিন ক্ষেত্ৰত জুবিন দিৱসৰ দিনটোতে প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ভেটি নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰা হয়৷ বিহপুৰীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন সমিতিৰ উদ্যোগত বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰত এক মাঙ্গলিক কাৰ্যৰ দ্বাৰা ভেটি নিৰ্মাণৰ কাম শুভাৰম্ভ কৰে সমিতিৰ সভাপতি অনিল কাকতি,কাৰ্যকৰী সভাপতি জগত বৰা আৰু বিহপুৰীয়া পৌৰসভাৰ পৌৰপতি দিপশিখা বৰাই৷ নিৰ্মাণ সমিতিৰ সম্পাদক হীৰকজ্যোতি বৰুৱাই আঁতধৰা অনুষ্ঠানত সমিতিখনৰ বিষয়ববীয়া সহ বিহপুৰীয়াৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকি সহযোগিতা আগবঢ়াই৷ উল্লেখযোগ্য যে বিহপুৰীয়াবাসীৰ সপোনৰ জুবিন ক্ষেত্ৰত নৱেম্বৰ মাহৰ আগে পিছে প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে নিৰ্মাণ সমিতিখনে দিন ৰাতি একাকাৰ কৰি জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ কাম আগবঢ়াই নিছে। বিহপুৰীয়াৰ জুবিন ক্ষেত্ৰখন জাকতজিলিকা কৰি তুলি জুবিন গাৰ্গৰ সৃষ্টি ৰাজিৰ চৰ্চা, প্ৰচাৰ আৰু প্ৰশাৰৰ উদ্দেশ্যে সমিতিয়ে গ্ৰহণ কৰা প্ৰচেষ্টাত বিহপুৰীয়াবাসীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াইছে ৷ উল্লেখযোগ্য যে বিহপুৰীয়া নগৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ী পৰিয়াল গুপ্তা পৰিয়ালে বিহপুৰীয়া নাৰায়ণপুৰ ৰাজ্যিক ঘাই পথৰ দাতিঁত প্ৰদান কৰা এক কঠা ভূমিত এক কোটি টকাৰ প্ৰকল্প ব্যয়েৰে প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতিমুৰ্তি স্থাপনৰ লগতে জুবিন ক্ষেত্ৰ নিৰ্মাণ ৰ কাম অব্যাহত ৰাখিছে৷




































