NepalFloods :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নেপালৰ শেহতীয়া জলপ্রলয়ত দৰাচলতে অসমৰ কিমান লোক সন্ধানহীন হ’ল তাৰ সঠিক তথ্য পোহৰলৈ অহা নাই। শুকুৰবাৰে ৰাজ্যিক দুর্যোগ উপশম কর্তৃপক্ষই দেশখনত এই বিধ্বংসী বানত ১০ জন লোক সন্ধানহীন হয় বুলি প্রকাশ কৰে যদিও কালিও সন্ধানহীন লোকৰ সংখ্যা ১১ জন হয় বুলি দুর্যোগ উপশম কর্তৃপক্ষই প্রকাশ কৰিছে।
এইসকল লোকৰ একাংশ নেপালত কর্মসূত্রে বাস কৰিছিল। আনসকলৰ একাংশই কৈলাশ মানস সৰোবৰ যাত্ৰাত অংশগ্রহণ কৰিবলৈ গৈ সন্ধানহীন হয়। দুর্যোগ উপশম কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি শনিবাৰেও ডকমকাৰ দাইদাক গাঁৱৰ ঋতুপর্ণ ব্ৰহ্ম, মন্ত্রি বসুমতাৰী আৰু সোণেশ্বৰ নাৰ্জাৰী, মেৰাপানীৰ ৰাহুল দৈমাৰী, ডবকাৰ শতদল নাথ, গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ পংকজ নৌগ, নলবাৰীৰ অৰৰাৰ অৰুণ মহন্ত,গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপিকা দিপালী সৰকাৰ আৰু তেওঁৰ স্বামী মানস কুমাৰ ঘোষ, নলবাৰীৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডাঃ তীর্থ চলিহা আৰু পশ্চিম কাৰ্বি আংলঙৰ উত্তৰ ৰংখাং গাঁৱৰ বিৰছন চাংমা সন্ধানহীন হৈ আছে। স্বাভাৱিকতে এইসকলৰ পৰিয়ালত তীব্র উৎকণ্ঠা বিৰাজ কৰি আছে।
মেৰাপানীৰ ৰাহুল দৈমাৰীৰ পৰিয়ালত হাহাকাৰ
শেহতীয়াকৈ নেপালত সৃষ্টি হোৱা প্রলয়ংকৰী জলপ্রলয়ত অসমৰ গোলাঘাট জিলাৰ মেৰাপানীৰ এজন যুৱক সন্ধানহীন হোৱা বুলি ৰাজ্য চৰকাৰে তথ্য প্ৰকাশ কৰাৰ পাছতে চিন্তিত হৈ পৰিছে পৰিয়ালটো। চেন্ট্রেল নেপালৰ নোৱাকত জিলাৰ ত্ৰীশূলীখোলা অঞ্চলৰ পৰা বানপানীত সন্ধানহীন হোৱা যুৱকজন মেৰাপানীৰ জয়পুখুৰী গাঁৱৰ ৰাহুল দৈমাৰী (৩৬)।
তথ্যমতে ৰাহুলে নেপালৰ এনড্রেক্স নামৰ এটা পাইপলাইন কোম্পানীত কাম কৰিছিল। উক্ত দিনা ৰাহুলে কোম্পানীৰ কামত কৰ্মৰত হৈ আছিল। নিমিষতে অহা বানত ৰাহুল উটি যোৱাৰ সন্দেহ কৰা হৈছে। উল্লেখ্য যে পূর্বে ভূটানত কৰ্মৰত ৰাহুলে শেহতীয়াকৈ নেপাললৈ বদলি হৈ গৈছিল। অসম চৰকাৰে জাৰি কৰা সন্ধানহীন লোকৰ তালিকাত ৰাহুলৰ নাম প্রত্যক্ষ কৰি এতিয়া মেৰাপানীৰ জয়পুখুৰীৰ ৰাহুলৰ ঘৰত হাহাকাৰ লাগিছে।
কিছুদিন পূর্বে পিতৃ বিয়োগৰ বাবে ঘৰলৈ অহা ৰাহুলে পিতৃৰ দহা, কাম-কাজ সম্পন্ন কৰি ১৪ আগষ্টত ৰাহুলে নেপাললৈ ৰাওনা হয়। কৰ্মৰত কোম্পানী তথা নেপাল চৰকাৰৰ পৰা অদ্যাপি ৰাহুলৰ পৰিয়ালক কোনো তথ্য জনোৱা নাই বুলি পৰিয়ালৰ লোকে সদৰী কৰিছে।
উল্লেখ্য যে নেপালৰ জলপ্ৰলয়ত সর্বাধিক ক্ষতি হৈছে চেন্ট্রেল নেপালৰ নোৱাকট জিলা। সেয়েহে ৰাহুলৰ পৰিয়ালে ৰাহুলৰ অৱস্থিতি সন্দৰ্ভত ব্যৱস্থা গ্রহণ কৰিবলৈ জনাইছে। উল্লেখ্য যে ঘটনাৰ পাছৰে পৰা ৰাহুলৰ অৱস্থিতি আৰু ফোন যোগাযোগ বিচ্ছিন্ন হৈ আছে।
মোৰ চকুৰ সন্মুখতে বহুতক উটুৱাই নিলে: গৌতম দাস
‘মোৰ চকুৰ সন্মুখতে মোৰ সহকর্মীসহ বহুতক বিধ্বংসী বানে উটুৱাই নিলে।’ এই মন্তব্য নেপালৰ জলপ্ৰলয়ত কথমপি প্ৰাণৰক্ষা পৰা ডবকাৰ গৌতম দাস নামৰ যুৱকজনৰ। ‘দৈনিক অগ্রদূত’ক তেওঁ এই বান পৰিস্থিতি সম্পৰ্কত ফোনত কয়, ‘মই কথমপি পাহাৰত উঠি প্ৰাণৰক্ষা কৰিলো। পাহাৰতে দুদিন ধৰি থাকিবলগীয়া হ’ল। ভোকে-পিয়াহে দুটা দিন পাহাৰৰ ওপৰতে কটালো।’ এই ভয়ংকৰ ঘটনাৰ প্ৰত্যক্ষদর্শীজনে লগতে কয়, ‘দুদিন অনাহাৰে অনিদ্ৰাৰে পাহাৰৰ ওপৰত কটোৱাৰ পাছত নেপালৰ সেনাবাহিনীয়ে মোক হেলিকপ্টাৰৰে উদ্ধাৰ কৰে। সম্প্রতি মই কাঠমাণ্ডুৰ এখন হোটেলত আশ্রয় লৈ আছো।’
আনহাতে এই ভয়ংকৰ বান দুর্যোগত গৌতমৰ সতীর্থ ডবকাৰে শতদল নাথ আজিও সন্ধানহীন হৈ আছে। তদুপৰি কাৰ্বি আংলঙৰ বিৰছন সন্ধানহীন হৈ থকাৰ কথাও গৌতমে জনায়।




































