AssamEducation : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চৰকাৰে শিক্ষা ব্যৱস্থা উন্নত হোৱা বুলি যিমানে ডাংকোপ মাৰিছে তাৰ বিপৰীত ছবিহে দেখা গৈছে বাগসা জিলাত। অসমৰ ক’তো নেদেখা আৰু নুশুনা এখন বিদ্যালয় আছে জিলাখনত। বিদ্যালয়খন বাগসা (মুছলপুৰ) প্রাথমিক শিক্ষা খণ্ডৰ অন্তর্গত হলাৰপাৰা প্ৰাথমিক বিদ্যালয়। স্থানীয় লোকে ইয়াক হলাপাৰ প্ৰাথমিক বিদ্যালয় বুলিও কয়। কিছু বছৰ পূৰ্বে বিদ্যালয়খনৰ ওচৰৰে পাগলাদিয়া নদীৰ মথাউৰি দিয়াৰ বাবে বৰষুণৰ পানী আৱদ্ধ হৈ পৰে।
চাৰিওদিশৰ পৰা ইয়াত আহি জমা হোৱাত বিদ্যালয় চৌহদ পানীৰে উপচি পৰে। নিছলামাৰীত থকা এই হলাৰপাৰ প্রাথমিক বিদ্যালয়খন এতিয়াও আৱৰি ৰাখিছে পানী আৰু মেটেকাই। জুনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পানীত বুৰ গৈ আছে বিদ্যালয়খন। এতিয়াও বিদ্যালয় চৌহদৰ পৰা আঁতৰা নাই বোকা মেটেকা।
মাছমৰীয়াই নিতৌ মাছ মাৰে বিদ্যালয়ৰ বাকৰিত। শিক্ষাৰ সলনি বিদ্যালয়ত চলে মাছমৰীয়াৰ পুঠি, খলিহনা, গৰৈ মাছৰ আলোচনা। অক্টোবৰৰ মাজভাগলৈ বিদ্যালয়খনৰ পৰা পানী নুগুচে।
সম্প্রতি বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীঘৰ আৰু ছাত্ৰ-ছাত্ৰীৰ শৌচাগাৰ, প্ৰস্ৰাৱাগাৰ, পানী মেটেকাৰ মাজত থকাত বিদ্যালয়খনত এতিয়া সাপ আৰু ভেঁকুলীৰ বাস হৈ পৰিছে। উল্লেখ্য যে ১৯৭৪ তে স্থাপিত বিদ্যালয়খন পৰৱৰ্তী সময়ত প্রাদেশিকীকৰণ হোৱাৰ লগতে ছাত্র-ছাত্রী আৰু শিক্ষকৰ সংখ্যাও বৃদ্ধি পায়।
এতিয়াও সন্তোষজনক ছাত্র-ছাত্রী থকা বিদ্যালয়খনত আছে প্রধান শিক্ষক দেবেন তালুকদাৰ আৰু সহকাৰী শিক্ষক বিদ্যুৎ কলিতা। সম্প্রতি বিদ্যালয়খন পানী আৰু মেটেকাৰে ভৰি থকাৰ বাবে উপায়হীনভাবে শিক্ষকে ওচৰতে থকা আশ্রম বা কালী মন্দিৰত আৰু মানুহৰ ঘৰত ছাত্র-ছাত্রীক দুটা ভাগত ভাগ কৰি পাঠদান কৰিছে।
ফলত যথেষ্ট অসুবিধাত পৰিছে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকে। প্রধান শিক্ষক তালুকদাৰে সদৰী কৰা মতে,পাগলাদিয়া নৈৰ পশ্চিম পাৰে নিৰ্মাণ কৰা মথাউৰিৰ ফলতে কৃত্রিম বানপানীৰ সৃষ্টি হৈছে। স্থানীয় ৰাইজে প্ৰকাশ কৰা মতে, ছাত্র-ছাত্রীসকলে ইয়াৰ ফলত উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে।
শিক্ষা বিভাগৰ লগতে স্থানীয় ৰাজহ চক্র বিষয়া আৰু বিভাগৰ কৰ্মচাৰীক এই বিষয় সম্পৰ্কে অৱগত কৰাৰ পাছতো আজি পর্যন্ত কোনো ব্যৱস্থা গ্রহণ নকৰা বুলি ৰাইজে ক্ষোভপ্রকাশ কৰিছে। ইফালে, ভূতৰ ওপৰত দানহ পৰাদি দুজনীয়া শিক্ষকৰে চলি থকা বিদ্যালয়খনৰ পৰা সহকাৰী শিক্ষকজনক জনগণনা ২০২৬ত নিয়োজিত কৰাৰ ফলত বাৰুকৈয়ে বিপাঙত পৰিছে বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ লগতে ছাত্র-ছাত্রীসকল।
অথচ দুজনীয়া শিক্ষক থকা বিদ্যালয়ৰ পৰা শিক্ষক লোকপিয়লৰ কামত নিয়োজিত নকৰা বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে দাবী কৰিছে যদিও বিদ্যালয়খনৰ ক্ষেত্ৰত ইয়াৰ ওলোটা ছবিহে দেখা গৈছে। সেয়েহে বিদ্যালয়খনৰ কৃত্রিম বানকে ধৰি আন যাৱতীয় সমস্যাসমূহ সমাধানৰ দাবী জনাইছে স্থানীয় ৰাইজে। বিদ্যালয়খনত ছাত্র-ছাত্রীসকলক এটা উপযুক্ত শিক্ষাৰ পৰিৱেশ গঢ় দিবলৈও বিভাগীয় কর্তৃপক্ষক আহ্বান জনাইছে।




































