AssamGovernment: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নিৰ পাছতো উৎকোচ নিদিলে বিভিন্ন নীতি-নিয়মৰ অজুহাতত এবছৰ-দুবছৰ পৰ্যন্ত ফাইল লৰচৰ নহয় দায়িত্ববাহী বিষয়াৰ টেবুলৰ পৰা। উৎকোচ বা ধন দিলেই আকৌ নীতি-নিয়ম ধোঁৱাচাঙত তুলি এমাহতে হৈ যায় সকলো কাম-কাজ।
বিশেষকৈ মাটি ক্রয়-বিক্রয়ৰ নামত সামগ্রিক প্রক্রিয়াটোত মণ্ডল-কাননগোৰ পৰা আৰম্ভ কৰি বিভাগীয় দায়িত্ববাহী বিষয়ালৈ কমেও পাঁচ লক্ষাধিক টকা খৰচ কৰিবলগীয়া হয়। যাৰ বাবে বহু খিলঞ্জীয়া মুছলমান লোক জটিল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে।
চাংসাৰিত এক সংবাদমেলত এই গুৰুতৰ অভিযোগ কৰি অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদ আৰু সম্পাদক মইনুল হকে কয়, ‘ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত মাটি ক্রয়-বিক্রয়ৰ ক্ষেত্ৰত যি জটিলতা আহিছে তাৰ এক উচিত তথা স্থায়ী সমাধান লাগে।’
নেতাদ্বয়ে হিন্দু-মুছলমানৰ মাটি ক্রয়-বিক্রয়ৰ নামত শেহতীয়াকৈ বিভাগীয় কার্যালয়ত যি দুর্নীতি-অনিয়ম সংঘটিত হৈ আছে তাৰ পৰা পৰিত্ৰাণ বিচাৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে আৰু এক তদন্তৰ দাবী কৰে। তেওঁলোকে কয় যে এই ক্ষেত্রত বিশেষভাবে ক্ষতিগ্রস্ত হৈছে খিলঞ্জীয়া মুছলমানসকল।
সংবাদমেলত পৰিষদৰ নেতাদ্বয়ে বিভিন্ন দুর্নীতি-অনিয়মৰ প্ৰসংগ উনুকিয়াই কয়, ‘মুখ্যমন্ত্রী ড° শর্মাই ইতিমধ্যে হিন্দু আৰু মুছলমানৰ মাজত মাটি কিনা-বেচা বিষয়টোত এক স্থিতি স্পষ্ট কৰি কৈছিল যে হিন্দু আৰু খিলঞ্জীয়া মুছলমান মানুহৰ মাজত মাটি ক্রয়-বিক্ৰয় কৰিব পাৰিব। অর্থাৎ হিন্দুৱে খিলঞ্জীয়া মুছলমানক আৰু খিলঞ্জীয়া মুছলমানে হিন্দু লোকৰ মাজত মাটি কিনা-বেচা কৰিব পাৰিব বুলি স্পষ্টকৈ ঘোষণা কৰিছিল। কেবিনেটত এই সিদ্ধান্ত লোৱা হ’ল যদিও বাস্তৱত অর্থাৎ অফিচ-কাছাৰীত ইয়াৰ জটিলতা আঁতৰা নাই।
অৱশ্যে ধনৰ বিনিময়ত জটিলতাবোৰ নোহোৱা হৈ পৰে। তেওঁলোকে আক্ষেপ কৰি কয় যে মুখ্যমন্ত্রীয়ে খিলঞ্জীয়া মুছলমানসকলক এই জটিলতাৰ বাহিৰত ৰখা হ’ব বুলি ঘোষণা কৰিছিল, অর্থাৎ হিন্দু আৰু খিলঞ্জীয়া মুছলমান মানুহে মাটি কিনা-বেচা কৰিব পাৰিব বুলি স্পষ্টকৈ উল্লেখ কৰিছিল।
কিন্তু অতি পৰিতাপৰ বিষয় যে তেওঁলোকে কয়, ‘অফিচ-কাছাৰীত একাংশ বিষয়া-কর্মচাৰীয়ে মুখ্যমন্ত্ৰীৰ এনে ঘোষণাকো আওকাণ কৰি আহিছে। আনহাতে, একাংশ বিষয়া-কর্মচাৰীয়ে এনে ধৰণৰ কাম-কাজৰ বাবে অফিচ-কাছাৰীলৈ গ’লে হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ মাজত মাটি কিনা-বেচাত থকা বাধা আঁতৰোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী নির্দেশনা পোৱা নাই বুলিহে জানিব দিয়ে। অথচ ধনৰ বিনিময়ত দালালৰ জৰিয়তে গ’লে এই সকলো বাধা আঁতৰ হৈ যায়। মুঠৰ ওপৰত হিন্দু-মুছলমানৰ মাজত মাটি কিনা-বেচাৰ নামত ইয়াৰ সুযোগহে গ্রহণ কৰিছে একাংশ দায়িত্ববাহী বিষয়া-কর্মচাৰীয়ে। তেওঁলোকৰ ছত্ৰছায়াতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, জিলা আয়ুক্তৰ কাৰ্যালয়, একাংশ মাটিৰ দালাল উঠি ৰজা বহি ৰজা হৈছে। গতিকে এই ক্ষেত্রত মুখ্যমন্ত্রীয়ে ঘোষণা কৰা ধৰণে হিন্দু আৰু খিলঞ্জীয়া মুছলমানৰ মাজত মাটি ক্রয়-বিক্রয়ত চৰকাৰী কোনো বাধা নাই বুলি বিভাগীয়ভাৱে বিষয়া-কর্মচাৰীসকলক পুনৰ এক ৰাজহুৱা নির্দেশ প্ৰেৰণ কৰিব লাগে।’
আনহাতে, তেওঁলোকে কয় যে মুখ্যমন্ত্রী শর্মাই বিত্তমন্ত্রী হৈ থকা অৱস্থাতে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে এশ কোটি টকা বাজেট ধাৰ্য কৰিছিল আৰু এই খবৰে অসম গৰিয়া পৰিষদৰ লগতে সকলো খিলঞ্জীয়া মুছলমানকে উৎসাহিত কৰিছিল। কিন্তু পৰিতাপৰ কথা বাজেটত ধার্য কৰা সত্ত্বেও আজিও এই ধন মোকালাই দিয়া নহ’ল। ইয়াৰ উপৰি খিলঞ্জীয়া মুছলমানসকলৰ জৰীপ কৰা হ’ব বুলিও মুখ্যমন্ত্রীজনে নিশ্চিতি প্রদান কৰিছিল।
খিলঞ্জীয়া মুছলমানসকলৰ বিভিন্ন অভার-অভিযোগৰ বুজ লোৱাৰ বাবে বিভিন্ন বুদ্ধিজীৱীক লৈ কে’বাখনো উপ-সমিতিও গঠন কৰিছিল। সময়ত সেয়াও হৈ নুঠিল। মুখ্যমন্ত্রীজনে খিলঞ্জীয়া মুছলমানসকলক কেৱল সান্ত্বনা দিয়াৰ বাবেহে এনে ধৰণৰ মন্তব্য কৰে বুলি পৰিষদে খেদ প্রকাশ কৰে। লগতে অসমৰ সকলো মুছলমানকে একেটা শাৰীতে ৰখা বুলিও সন্দেহ প্রকাশ কৰে গৰিয়া পৰিষদে।
কালিৰ সংবাদমেলত পৰিষদৰ সভাপতি আব্দুল হামিদ, উপ-সভাপতি আফাজুদ্দিন আহমেদ, সম্পাদক মইনুল হক, সহকাৰী সম্পাদক চান্দ মহম্মদ আলী, মুখ্য সাংগঠনিক সম্পাদক কায়েম জামান আদি উপস্থিত থাকে।




































