দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মাজুলীৰ কমলাবাৰীত পুৱতি নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে গুৱাহাটীৰ নিবাসী তথ্যচিত্ৰ পৰিচালক নিমানন্দ দাসে। নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ বাহন পথৰ কাষৰ এটা দ’ খাৱৈত বাগৰি পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ পাছত ঘটনাস্থলীত উপস্থিত হৈ বিশিষ্ট অভিনেতা ৰাজীৱ ক্ৰ’ই মৃতদেহটো চিনাক্ত কৰে।
তথ্য অনুসৰি, নিমানন্দ দাস মাজুলীত চলি থকা এখন বিশেষ তথ্যচিত্ৰৰ পৰিচালক হিচাপে কৰ্মৰত আছিল। অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন আৰু কৰ্মৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণৰ উদ্দেশ্যে দৃশ্যগ্ৰহণ কৰিবলৈ তেওঁ মাজুলীলৈ আহিছিল।
কিন্তু দৃশ্যগ্ৰহণৰ ব্যস্ততাৰ মাজতে সংঘটিত এই ভয়ংকৰ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে। নিমানন্দ দাসৰ আকস্মিক মৃত্যুত চলচ্চিত্ৰ আৰু তথ্যচিত্ৰ জগতৰ লগতে মাজুলীতো শোকৰ সৃষ্টি হৈছে।




































