Nepal : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : চুবুৰীয়া নেপালত জলপ্রলয়ত মৃতকৰ সংখ্যা কালি ৬৪০ জনলৈ বৃদ্ধি পায়। এই কথা সদৰী কৰি নেপাল আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি বৰ্তমানেও সহস্রাধিক লোক সন্ধানহীন হৈ আছে। গতিকে মৃতকৰ সংখ্যা বৃদ্ধিৰ প্ৰৱল আশংকা আছে।
নেপাল আৰক্ষীয়ে সদৰী কৰা অনুসৰি শনিবাৰৰলৈকে বানবিধ্বস্ত চিতুৱান জিলাৰ পৰা ২৩৩, নৱালপার্চি পূবৰ পৰা ১৫৮টা,গোর্খাৰ পৰা ৪৮টা,নৱালপাৰ্চি পশ্চিমৰ পৰা ৪৭টা, ধাদিঙৰ পৰা ৪৫টা, নুয়াকটৰ পৰা ৪১টা, তানাহুনৰ পৰা ৩১টা আৰু ৰাসূয়া জিলাৰ ১৩টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।
স্থিতি সলনি প্রধানমন্ত্রী শ্বাহৰ গ্ৰহণ কৰিলে ভাৰতীয় উদ্ধাৰকাৰী বাহিনী
চুবুৰীয়া নেপালৰ শেহতীয়া ভয়াৱহ প্রাকৃতিক দুৰ্যোগৰ ফলত সন্ধানহীন হোৱা ভাৰতীয় নাগৰিকসকলৰ ২৮৭ জনৰ আজিও শুংসূত্র নোলাল। দেশৰ বৈদেশিক মন্ত্রণালয়ে আজি বিয়লি প্রকাশ কৰা অনুসৰি সন্ধানহীন এই দুই শতাধিক ভাৰতীয়ৰ অধিকাংশই হৈছে পর্যটক।
উল্লেখ্য যে পুৰুষ-মহিলাসহ অসমৰো ১০ জন লোক নেপালৰ এই জলপ্ৰলয়ত সন্ধানহীন হয়। এইসকলৰ উদ্ধাৰ অভিযান অব্যাহত আছে বুলি বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰিছে। আনহাতে, এই পর্যন্ত বানত আবদ্ধ ৮৮ জন ভাৰতীয় লোকক উদ্ধাৰ কৰা হৈছে বুলি বৈদেশিক মন্ত্রণালয়ে বিবৃতিত প্রকাশ কৰিছে। নেপালৰ এই বিধ্বংসী বানত একাংশ ভাৰতীয় লোক মৃত্যুমুখত পৰা বুলিও ভাৰত চৰকাৰে ধাৰণা কৰিছে।
ইয়াৰ ভিত্তিত চৰকাৰে চুবুৰীয়া দেশখনলৈ একাধিক ফৰেনচিক বিশেষজ্ঞৰ দল প্ৰেৰণৰ সিদ্ধান্ত লৈছে। দুই-এদিনৰ ভিতৰতে ভাৰতীয় ফৰেনচিক বিশেষজ্ঞৰ দল নেপালত উপস্থিত হৈ ডিএনএৰ নমুনা সংগ্ৰহৰ কাম আৰম্ভ কৰিব বুলি উচ্চস্তৰীয় চৰকাৰী সূত্রই জনায়। ইতিমধ্যে এটা ভাৰতীয় ১১ জনীয়া বিশেষ প্রযুক্তিবিদৰ দল প্রাকৃতিক দুর্যোগ বিধ্বস্ত দেশখনত উপস্থিত হৈছে। এই বিশেষজ্ঞৰ দলে বিভিন্ন সুৰংগৰ মাজত উদ্ধাৰ অভিযান চলাব বুলি বিদেশ মন্ত্রণালয়ে প্রকাশ কৰিছে।
বিদেশ মন্ত্রণালয়ে জনোৱা মতে ইতিমধ্যে এই দল কাঠমাণ্ডুত উপস্থিত হৈছে। ইয়াৰ পূৰ্বে আন এটা বিশেষজ্ঞৰ দল নেপালত উপস্থিত হয়। এই সম্পৰ্কত দেশৰ বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, ‘বিশেষজ্ঞৰ দলে পৰিস্থিতিৰ বুজ লৈছে। উদ্ধাৰ কাৰ্যৰ বাবে কি কি আহিলাৰ প্ৰয়োজন হ’ব সেয়া তেওঁলোকে বুজ ল’লে।’
ভাৰতৰ এনে প্রচেষ্টাক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদাৰতা বুলি অভিহিত কৰিছে নেপালে। উল্লেখ্য যে কালিলৈকে নেপালে বিদেশী উদ্ধাৰকাৰী বাহিনীৰ সাহায্য নলয় বুলি ঘোষণা কৰিছিল যদিও নিশালৈ এই স্থিতি সলনি কৰে। সেই অনুসৰি দেশখনে ভাৰতৰ উদ্ধাৰকাৰীৰ সাহায্য গ্রহণ কৰিছে। নিশা প্রধানমন্ত্রী বলেন্দ্ৰ শ্বাহে ভাৰতৰ উদ্ধাৰকাৰী বাহিনীৰ সহায় ল’ব বুলি ঘোষণা কৰে।
ইপিনে, সময়ে সময়ে হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে উদ্ধাৰ অভিযান বাৰে বাৰে বাধাগ্ৰস্ত হৈছে। তদুপৰি তিব্বতত এটা হ্রদে পাৰ ভঙাৰ ফলত পুনৰ ভয়াৱহ বান সৃষ্টিৰ আশংকা কৰি চীনে নেপালক সতৰ্ক কৰি দিয়াত উদ্ধাৰ অভিযান স্থগিত ৰখা হয়। অৱশ্যে বানৰ আশংকা হ্রাস পোৱাত আজি দুয়োখন দেশে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে।
নেপাল চৰকাৰৰ দুৰ্যোগ প্রশমন বিভাগৰ মতে এই ভয়াৱহ বানত নেপাল আৰু তিব্বতত ২,৪২৬ জন লোক সন্ধানহীন হয়। ইয়াৰে ৫১৭ জন বিদেশী নাগৰিক। সন্ধানহীন এই দুই সহস্রাধিক লোকৰ ৫৫৪ জন তিব্বতৰ পৰা সন্ধানহীন হয়। সম্প্রতি চীন আৰু নেপাল চৰকাৰে নিজ নিজ দেশত উদ্ধাৰ অভিযান পুনৰ আৰম্ভ কৰিছে।
উল্লেখ্য যে যোৱা ২৬ আগষ্টৰ এই বানৰ পাছত তিব্বতত নতুন হৃদৰো উৎপত্তি হয়। এই হ্রদেই পাৰ ভাঙি পুনৰ প্ৰৱল বান সৃষ্টিৰ আশংকা নমাই আনে। অৱশ্যে হৃদটো পাৰ ভঙাৰ ফলত সৃষ্ট বানৰ পৰা বিশেষ ক্ষয়-ক্ষতি নহ’ল। আনহাতে, এই নতুন হ্রদ সম্পৰ্কত এল্টন বায়াৰ্ছ নামৰ এজন বিশেষজ্ঞই কয় যে এই হ্রদ অত্যন্ত অস্থিৰ হৈ আছে। হ্রদটো শেহতীয়া বানে সৃষ্টি কৰা ধ্বংসস্তূপৰ দ্বাৰা গঠিত হৈছে বুলিও বিশেষজ্ঞজনে উল্লেখ কৰিছে।
ক্ষতিগ্রস্ত হ’ল ৯৩ হেজাৰ লোক
নেপালৰ এই সংহাৰী বানত কমেও ৯৩ হেজাৰ লোক ক্ষতিগ্রস্ত হয়। এই তথ্য প্রকাশ কৰিছে ৰেডক্ৰছ আৰু ৰেড ক্রিছেন্ট ছ’চাইটি আদিয়ে। এই আন্তর্জাতিক সংস্থাসমূহে এই বান ক্ষতিগ্রস্তসকলক জৰুৰী সাহায্যৰ প্ৰয়োজন বুলিও উল্লেখ কৰিছে। একেদৰে এই জটিল পৰিস্থিতি সম্পৰ্কত ইউনিচেফৰ মুখপাত্ৰ ৰিকাৰ্ড পায়াছে কয়, ‘জীৱনত প্ৰথমবাৰৰ বাবে এনে দুখজনক আৰু ভয়ংকৰ পৰিৱেশ দেখিলো।’




































