TeaGarden :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : দেশত উৎপাদিত মুঠ চাহৰ অর্ধেকেই অসমতে উৎপাদন হোৱাৰ পাছতো কেতবোৰ কাৰকে সম্প্ৰতি ৰাজ্যৰ চাহ উদ্যোগক গভীৰ সংকটলৈ ঠেলি দিছে। বিগত কিছু বছৰ পূৰ্বে আৰম্ভ হোৱা এই সংকট সম্প্রতি অধিক গভীৰ হৈছে। যোৱা জুলাইৰ বিধ্বংসী বান, অস্বাভাৱিকভাৱে উষ্ণতা বৃদ্ধি আদি কাৰকে চাহ উদ্যোগক জুৰুলা কৰা বুলি চর্চা হৈছে।
এই প্ৰৱল বানৰ পাছতে প্রবাহিত এক শক্তিশালী ধুমুহাতো অর্ধশতাধিক চাহ বাগিচা ক্ষতিগ্রস্ত হয়। তদুপৰি জলবায়ু পৰিৱৰ্তন তথা বিগত কিছু বছৰৰ পৰা অস্বাভাৱিকভাৱে বৃদ্ধি পাবলৈ ধৰা তাপমাত্রা আদিয়ে যি প্রতিকূল পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ ফলত চাহ উদ্যোগৰ স্থায়িত্বৰ প্ৰতি সংশয়ৰ সৃষ্টি হৈছে।
একেদৰে উৎপাদিত চাহৰ মূল্য অপৰিৱৰ্তিত থকাটোরে চাহ উদ্যোগৰ প্ৰতি পুঁজিপতিসকলক মোহভংগ কৰিছে বুলি চৰ্চা হৈছে। লক্ষ্যণীয় যে বিগত কিছু বছৰত একাধিক বৃহৎ প্রতিষ্ঠানে অসমত চাহ বাগিচা বিক্ৰী কৰে। এনে পৰিস্থিতিত চাহ বাগিচাৰ শ্রমিক-কর্মচাৰীসকলো নিজৰ ভৱিষ্যতক লৈ শংকিত হৈছে। বিশেষকৈ শ্রমিকসকলে পৰম্পৰাগতভাৱে বাগিচাত কাম কৰাতকৈ আন সুস্থিৰ আয়ৰ কামৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিবলৈ লৈছে।
এই সম্পর্কত এজন শ্রমিকে কয়, ‘জীৱন অনিশ্চিত হৈছে। বতৰে বাগিচাৰ কামত বাধা-বিঘিনি সৃষ্টি কৰিবলৈ লৈছে। মজুৰিও তেনেই কম। ততোধিক ডাঙৰ কথাটো হ’ল যে পূৰ্বৰ লেখীয়াকৈ আমি কৰা এই কাম এতিয়া আৰু নিৰ্ভৰযোগ্য হৈ থকা নাই।’
শ্রমিকজনে আঙুলিয়াই দিয়ে যে চাহ- অর্থনীতি সলনি হৈছে। এই সম্পৰ্কত তেওঁ আৰু কয়, ‘পূৰ্বৰ দৰে চাহ আৰু এতিয়া লাভজনক উদ্যোগ হৈ থকা নাই। কামতো অনিশ্চয়তাৰ সৃষ্টি হৈছে।’ সেয়েহে তেওঁ জীৱিকা সলনিৰ চিন্তা-চৰ্চা কৰা বুলি জানিবলৈ দিয়ে। এনে চিন্তাই আন বহু শ্রমিকৰ মনতো গা কৰি উঠাৰ ইংগিত স্পষ্ট হৈছে। কাৰণ বিগত কিছু বছৰত অসমত চাহ শ্রমিকৰ সংখ্যা হ্রাস পাবলৈ ধৰিছে। শ্রমিকসকলে আন কামত নিয়োজিত হ’বলৈ মন মেলিছে।
উল্লেখ্য যে দেশত উৎপাদিত মুঠ চাহৰ ৫২ শতাংশই অসমত উৎপাদন হয়। ৰাজ্যৰ চাহ উদ্যোগে সাত লক্ষাধিক শ্রমিকক সংস্থাপন দিছে। একেদৰে ৰাজ্যত প্রায় ডেৰ লক্ষ অর্থাৎ এক লাখ ৪০ হেজাৰ ক্ষুদ্র চাহ খেতিয়কো আছে। ব্রিটিছৰ দিনৰ পৰাই চাহ শ্রমিকসকলে হাতেৰে চাহপাত ছিঙি আহিছে। কিন্তু শেহতীয়াভাবে জলবায়ু পৰিৱৰ্তনৰ ফলত গৰমৰ মাত্রা বৃদ্ধি পাবলৈ ধৰাত বাগিচাৰ মাজত ৰৈ হাতেৰে পাত ছিঙা কাম একপ্ৰকাৰ অত্যন্ত কঠিন হৈছে।
গতিকে চাহ শ্রমিকসকলে জীৱিকাৰ বাবে আন পথ ল’বলৈ উদগ্রীব হৈছে। এই সম্পর্কত এজন চাহ বাগিচাৰ মালিকে জনায় যে চাহ উদ্যোগে সম্প্রতি কেতবোৰ জটিল সমস্যাৰ স’তে যুঁজ-বাগৰ কৰিবলগীয়া হৈছে। ‘উৎপাদন হ্রাস পাইছে আৰু শ্ৰমিকৰ ওপৰত নিৰ্ভৰ কৰি থাকিব নোৱৰা হৈছে। উপযুক্ত মজুৰি নোপোৱাৰ বাবে বহু শ্রমিকে কাম এৰিবলৈ লৈছে।’ তেওঁ এইদৰে কয়।এই সমস্যাই ক্ষুদ্র চাহ খেতিয়কসকলকো দুশ্চিন্তাত পেলাইছে।
এই সম্পর্কত চাহ বাগিচাৰ মালিকজনে কয়, ‘ক্ষুদ্র চাহ খেতিয়কসকলৰ দাম-দৰ কৰাৰ ক্ষমতা নাথাকে আৰু তেওঁলোকে ফেক্টৰীসমূহক কেঁচাপাত কম মূল্যতে বিক্ৰী কৰিবলগীয়া হয়।’
আনহাতে, বিশেষজ্ঞসকলৰ মতে, অনিয়মীয়া বৰষুণ, তাপমাত্রা বৃদ্ধি আৰু ন ন কীট-পতংগই চাহ উদ্যোগলৈ অশনি সংকেত আনিছে। ৰাজ্যৰ সৰ্বাধিক চাহ উৎপাদন হোৱা জিলা কেইখনত বিগত কিছু বছৰত তাপমাত্ৰা গৰমৰ দিনত ৩৬ ডিগ্ৰীৰ পৰা ৪০ ডিগ্রী চেলচিয়াছৰ মাজত থকাটো লক্ষ্য কৰা হৈছে। তাপমাত্ৰাৰ অস্বাভাৱিক বৃদ্ধিয়ে চাহগছ আৰু শ্রমিকসকলক জটিল অৱস্থালৈ ঠেলি দিছে।
গৱেষকসকলৰ মতে, ভাৰতত এক ডিগ্রী চেলচিয়াছ তাপমাত্রা বৃদ্ধি হ’লে চাহৰ উৎপাদন প্রতি হেক্টৰত ৮৭ কিলোগ্রাম পর্যন্ত হ্রাস পায়। এনে অৱস্থাত চাহ শ্রমিকসকল আন কামলৈ ধাৱমান হ’বলৈ লৈছে। এনেদৰে সাতে-সোতৰই মিলি ৰাজ্যৰ চাহ উদ্যোগলৈ অশনি সংকেত নামি আহিছে। ইপিনে, উত্তৰ-পূব চাহ সংস্থা (নেটা)ৰ মতে, উৎপাদনী ব্যয়ৰ স’তে চাহৰ মূল্যৰ তালমিল নোহোৱা হৈছে। বর্তমানে উৎপাদনী ব্যয়ৰ ৬০ শতাংশই শ্ৰমিকৰ বেতন আদিৰ বাবদ ব্যয় কৰিবলগীয়া হয়। এনে পৰিস্থিতিতো চাহৰ মূল্যবৃদ্ধি নঘটাত মালিকপক্ষ লোকচানৰ সম্মুখীন হ’বলগীয়া হৈছে।
একেদৰে ভাৰতীয় চাহ ব’ৰ্ডৰ উপাধ্যক্ষ বিদ্যানন্দ বৰকাকতিয়ে কয়, ‘চাহৰ উৎপাদনী ব্যয় আৰু বিক্ৰী মূল্যৰ মাজত ব্যৱধান বৃদ্ধি পাবলৈ ধৰাটো মূল উদ্বেগৰ বিষয়ত পৰিণত হৈছে। অভিজ্ঞ শ্রমিকে কাম এৰিবলৈ লোৱাৰ ফলত উৎপাদন আৰু চাহৰ মান দুয়োটাতে বিৰূপ প্ৰভাৱ পৰিছে। সাৱধানৰে সঠিককেঁচাপাত ছিঙিলেহে ভাল চাহ উৎপাদন হয়। অভিজ্ঞ শ্ৰমিকৰ অভাৱত এই কার্য সম্পাদন কঠিন হ’বলৈ ধৰিছে।’
এই সম্পর্কত একাংশই কয় যে চাহ শ্রমিকসকলে বাগিচাত কাম কৰাৰ পৰিৱৰ্তে নিৰ্মাণ, চৰকাৰী চাকৰি আদিৰ প্ৰতি আকর্ষিত হ’বলৈ ধৰিছে। ফলত ৰাজ্যৰ একাংশ জিলাত বাগিচাসমূহত কর্মত অনুপস্থিত শ্রমিকৰ সংখ্যা ৫০ শতাংশৰো অধিক হ’বলৈ ধৰিছে। বাগিচাসমূহৰ বাবে ইয়াৰ পৰিণতি কি হৈছে সেয়া সহজে অনুমেয়।




































