AssamFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : একাংশ বার্ড সদস্য আৰু পঞ্চায়তৰ গাঁওপ্ৰধানৰ মইমতালিত শিৱসাগৰ জিলাৰ কে’বাশ বানাক্ৰান্ত লোক চৰকাৰী সাহায্যৰ পৰা বঞ্চিত হৈ ৰোৱাৰ আশংকাই দেখা দিছে। উল্লেখ্য যে যোৱা জুলাইৰ বিধ্বংসী বানৰ কৱলত পৰা পূব অসমৰ তিনি জিলাৰ অন্যতম শিৱসাগৰৰ বানৰ ক্ষয়-ক্ষতিৰ দ্রুত পৰীক্ষণ জৰীপ আজি অন্ত পৰে।
তৎসত্ত্বেও আজিলৈ কে’বাশ পৰিয়ালৰ বাসগৃহত চৰকাৰী জৰীপকাৰী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে। স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি শিৱসাগৰ নগৰৰ দিখৌ দলঙৰ পৰা এ টি ৰোড হৈ ৰংঘৰ চাৰিআলি আৰু হাতীখোঁক হৈ ঢুলীয়াপাৰলৈকে এই বৃহত্তৰ অঞ্চলৰ ৰাইজ জৰীপৰ আওতালৈ নাহিল; অথচ এই অঞ্চলৰ ৰাইজো বান আৰু বৰষুণৰ পানীত কমেও এমাহ ডুব গৈ আছিল।
ফলত অনেক লোক বাসগৃহ আৰু বাসগৃহৰ চৌহদত থকা বিস্তৰ সা-সামগ্রী নষ্ট হয়। বানে প্ৰৱল ৰূপ ধাৰণ কৰাৰ সময়ছোৱাত বহুতে নিজ ঘৰ-বাৰী এৰি আন ঠাইত আশ্রয় ল’বলগীয়া হৈছিল। তৎসত্ত্বেও এইসকল লোকৰ ঘৰত চৰকাৰী জৰীপকাৰী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে।
অভিযোগ অনুসৰি একাংশ গাঁও প্রধান আৰু পঞ্চায়তৰ ৱাৰ্ড সদস্যই স্বয়ম্ভূ বিচাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈ জৰীপ কৰা শিক্ষকসকলক এই পৰিয়ালসমূহৰ ঘৰলৈ যাবলৈ নিদিলে। ইয়াকে লৈ চৌদিশে তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
কাৰণ জৰীপৰ পৰা বঞ্চিত হোৱাৰ ফলত তেওঁলোক ভবিষ্যতে চৰকাৰী সাহায্য নোপোৱাৰ আশংকা আছে। কাৰণ এই জৰীপ অনুসৰিয়ে চৰকাৰে সাহায্য আগবঢ়োৱাৰ কথা।
ইতিমধ্যে এই লোকসকল মুখ্যমন্ত্ৰীৰ বান সাহায্যৰ চাউল আৰু দাইলৰ পৰাও বঞ্চিত হৈছে। অভিযোগ অনুসৰি একাংশ ৱাৰ্ড সদস্য আৰু গাঁওপ্রধানে চৰকাৰী সাহায্যৰ টোপোলা প্ৰশাসনৰ পৰা সংগ্ৰহ কৰি বানাক্ৰান্তসকলৰ পৰিৱৰ্তে নিজৰ অঙহী-বঙহীক দিয়ে। গতিকে বিষয়টো সম্পৰ্কত তদন্তৰ দাবী উত্থাপন হৈছে।
উল্লেখ্য যে নগৰৰ নআলিৰ বহুসংখ্যক পৰিয়ালৰ বাসগৃহ এতিয়াও বানৰ কৱলতে আছে। চৰকাৰী জৰীপকাৰীয়ে ৰাজপথৰ পৰাই আন কোনো লোকক পৰিয়ালকেইটাৰ মুৰব্বীৰ নাম সুধি আঁতৰি যায়। উল্লেখ্য যে এই জৰীপ যোৱা ন আগষ্টৰ পৰা আৰম্ভ হয়।
এই জৰীপ কাৰ্যত চৰকাৰে ৫৭৪ জন জৰীপকাৰী নিয়োগ কৰে। এই জৰীপত তাঁতশাল, পশুধন, গাহৰি, ছাগলী, হাঁহ-কুকুৰা আদি ক্ষয়-ক্ষতিৰ বিষয়েও সন্নিবিষ্ট কৰা হৈছে।




































