Nepal :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : নেপালৰ ভয়য়াৱহ আকস্মিকবান আৰু প্রাকৃতিক বিপৰ্যয়ৰ পাছতে সম্প্ৰতি নতুনকৈ আলোচনালৈ উঠি আহিছে দেশখনৰ সাধাৰণ জনতাৰ এক পুৰণি বিশ্বাস। দুৰ্যোগৰ কিছুদিনৰ পূর্বে নেপালৰ কাপোলানচক জিলাৰ বিখ্যাত ভগৱতী মন্দিৰৰ দেৱীৰ মূৰ্তিৰ পৰা হেনো পানী বা ‘ঘাম’ ওলোৱা দেখা গৈছিল। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে ব্যাপক কৌতূহল।
যোৱা ২২ আগষ্টৰ সন্ধিয়া আৰতিৰ সময়ত মন্দিৰত উপস্থিত থকা ভক্তসকলে দেৱী ভগৱতীৰ মূৰ্তিত ঘামৰ দৰে পানীৰ কণিকা দেখা পায়। বিষয়টো দৃষ্টিগোচৰ হোৱাৰ লগে লগে বিশেষ ধর্মীয় আচাৰ আৰম্ভ হয় মন্দিৰত। পাছত দেৱীৰ উদ্দেশ্যে ‘ক্ষমা পূজা’ও কৰা হয়। স্থানীয় বিশ্বাস অনুসৰি, দেৱতাৰ মূৰ্তিত এই ধৰণৰ অস্বাভাৱিক পৰিৱৰ্তনে দেখা দিলে সেয়া হেনো কোনো ডাঙৰ বিপদ, প্রাকৃতিক দুর্যোগ বা দেশৰ ওপৰত আসন্ন সংকটৰ ইংগিত হ’ব পাৰে।
বিপৰ্যয়ৰ সময়ৰ মিলেই এতিয়া সবাতোকৈ চৰ্চাৰ বিষয় হৈ পৰিছে। ২২ আগষ্টত মূর্তিত ‘ঘাম’ দেখা পোৱাৰ চাৰি দিনৰ পাছতে অর্থাৎ ২৬ আগষ্টত নেপালত ভয়াৱহ আকস্মিক বান আৰু ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। হিমালয় অঞ্চলত বৰফ আৰু শিল খহি পৰাৰ পাছত নদীৰ পানী আকস্মিকভাৱে বাঢ়ি বিস্তৃত অঞ্চলত ব্যাপক ক্ষয়ক্ষতিৰ সৃষ্টি কৰে।
স্থানীয় সূত্রই জনোৱা মতে, ঘটনাৰ লগত সাম্প্রতিক পালানচ’ক ভগৱতী মন্দিৰ নেপালৰ অন্যতম গুৰুত্বপূৰ্ণ ধর্মীয় স্থান। পঞ্চখাল অঞ্চলত অৱস্থিত এই মন্দিৰত দেৱী ভগৱতীৰ ক’লা শিলৰ মূৰ্তি আছে। স্থানীয় লোকসকলে এই দেৱীক বিপদ আৰু দুৰ্ভাগ্যৰ পৰা ৰক্ষাকাৰী শক্তিৰূপে বিশেষভাৱে পূজা কৰে।
মূৰ্তিক কেন্দ্ৰ কৰি পূর্বেও নানা অলৌকিক বিশ্বাস প্রচলিত আছে। ডাঙৰ কোনো ঘটনা বা বিপৰ্যয়ৰ পূৰ্বে দেৱীৰ মূৰ্তিত এনে ধৰণৰ পৰিৱৰ্তন দেখা যায় বুলি একাংশ স্থানীয় লোকে দাবী কৰে।
অৱশ্যে এই ঘটনাক ভৱিষ্যৎ বিপৰ্যয়ৰ ‘পূর্বাভাস’ৰূপে গণ্য কৰাক লৈ দ্বিমত আছে। মূর্তিত আর্দ্রতা সৃষ্টি হোৱাৰ অন্তৰালত পৰিৱেশৰ তাপমাত্রা, আর্দ্রতা, শিলৰ গঠন বা আন কোনো প্রাকৃতিক কাৰণ থাকিব পাৰে।
একাংশ বিশেষজ্ঞৰ মতে, নেপালৰ সাম্প্ৰতিক ভয়াৱহ বানৰ অন্তৰালত মূল কাৰণ আছিল হিমবাহ সংক্রান্তীয় স্খলন আৰ তাৰ ফলত সৃষ্টি হোৱা আকস্মিক জলস্রোত।
তথাপি বিজ্ঞান আৰু বিশ্বাসৰ এই টনা-আঁজোৰাৰ মাজতে পালানচক ভগৱতীৰ ‘ঘাম’ ওলোৱা ঘটনাই নেপালত পুনৰ এক প্রাচীন লোক বিশ্বাসক সন্মুখলৈ আনিছে।































