Zubeen garg murder: দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:হাৰ্টথ্ৰৱ জুবিন গাৰ্গ হত্যাকাণ্ড গোচৰৰ শুনানি দৈনিক অব্যাহত আছে ন্যায়াধীশ শৰ্মিষ্ঠা ভূঞা নেতৃত্বাধীন ফাষ্টট্ৰেক আদালতত। আদালতৰ চমন অনুসৰি বুধবাৰে সাক্ষ্যদানৰ বাবে আদালতত উপস্থিত হৈছিল যদিও সময়ৰ অভাৱত বৃহস্পতিবাৰেহে সাক্ষ্য প্ৰদান কৰে পৰীক্ষিত শৰ্মাই ৷
আনহাতে সাক্ষ্য দান কৰি পৰীক্ষিত শৰ্মাৰ সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্রিয়া প্ৰকাশ কৰি কয়,ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখক৷ য়ট পার্টিত থকা বাকী সকলেও আহি কথাবোৰ ক’ব বিচাৰি আছে৷ ন্যায়িক আয়োগৰ সন্মুখতো সকলোবোৰ কথা কৈছোঁ৷ জুবিন আমাৰ বাবে কি আছিল কেনেকৈ বুজাই কম৷বিচাৰাধীন বিষয় বাবে ছিংগাপুৰৰ ঘটনাৰ সকলো ক’ব পৰা নাই৷মোৰ সাক্ষ্যই ৫ শতাংশ সহায় কৰিলেও ধন্য হ’ম । এদিন সকলোৱে গম পাম ২০২৫ৰ ১৯ ছেপ্টেম্বৰত আচলতে কি হৈছিল।
উল্লেখ্য যে ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া গৰাকীয়ে আৰু কয় যে অচিৰেই গুৱাহাটীত উপস্থিত হ’ব আনকেইজন প্ৰৱাসী অসমীয়া৷




































