ADVERTISEMENT
Suspension Order:দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:ধন আত্মসাতৰ অভিযোগত নিলম্বন হ’ল কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক নাছিৰ উদ্দিন আহমেদ ৷ হাইলাকান্দিত কৰ্মৰত হৈ থকাৰ সময়ত
উপ-পঞ্জীয়ক গৰাকীয়ে নথি জালিয়াতিৰে ধন আত্মসাতৰ অভিযোগ উদ্থাপন হৈছিল৷ এই সন্দৰ্ভত বিভাগীয় তদন্তমৰ্মে অৱশেষত ৰাজ্য চৰকাৰৰ সমবায় বিভাগে এক নিৰ্দেশনাৰ জৰিয়তে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে বৰ্তমান কাছাৰ জিলা সমবায় বিভাগৰ উপ-পঞ্জীয়ক হিচাপে কৰ্মৰত হৈ থকা আহমেদক।




































