দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্রাচীন অসমৰ সভ্যতা-সংস্কৃতিৰ গৌৰৱোজ্জ্বল প্রতীক গুপ্তযুগৰ স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন স্বৰূপ দ-পৰ্বতীয়া শৈলদ্বাৰ উপযুক্ত সংৰক্ষণৰ অভাৱত এতিয়া তৰপে তৰপে খহিছে। পৰাধীনতাৰ কালত ব্ৰিটিছ চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰা এই ঐতিহাসিক জাতীয় ঐতিহ্যৰ প্রতীক শৈলৱাৰখন কেন্দ্ৰীয় চৰকাৰৰ পুৰাতত্ত্ব আৰু জৰীপ বিভাগে ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰিয়ে চৰম দুর্ভাগ্যজনকভাৱে নিজৰ কৰ্তব্য আৰু দায়িত্ব সামৰিলে।
প্রাচীন অসমৰ সমৃদ্ধিশালী ইতিহাসৰ গৌৰৱগাথা তুলি ধৰা যিসমূহ পুৰাতাত্ত্বিক সমল আজিও উজ্জীবিত হৈ আছে, সেহবোৰৰ ভিতৰত তেজপুৰৰ দ-পৰ্বতীয়াৰ শৈলদ্বাৰ অন্যতম। দ-পৰ্বতীয়া শৈলদ্বাৰে প্ৰাচীন অসমৰ স্থাপত্য-ভাস্কৰ্যৰ এক বর্ণিল অধ্যায় উদ্ভাসিত কৰি আহিছে।
এক আপুৰুগীয়া জাতীয় সম্পদৰূপে চিহ্নিত হৈ অহা তেজপুৰ চহৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত অৱস্থিত দ-পৰ্বতীয়াৰ এই শৈলদ্বাৰখন দেশী-বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্রবিন্দু। ব্রিটিছ আমোলতে শৈলদ্বাৰখন পর্যবেক্ষণ কৰি এই সন্দৰ্ভত প্রখ্যাত ইতিহাসবিদ তথা পুৰাতত্ত্ববিদ ৰাখালদাস বেনার্জীয়ে এই বুলি নিজৰ অভিমত প্রকাশ কৰিছিল, ‘কামৰূপীয়া স্থাপত্য-ভাস্কৰ্যৰ ইয়াতকৈ ভাল দৃষ্টান্ত বোধকৰো আৰু নাই।’
এই শৈলদ্বাৰখন গুপ্তযুগৰ নিদৰ্শন বুলি ব্যক্ত কৰি প্রখ্যাত ইতিহাসবিদগৰাকীয়ে কৈছিল, ‘গুপ্তযুগেই ভাৰতীয় ভাস্কৰ্যৰ চৰম উন্নতিৰ যুগ আছিল।’ শৈলদ্বাৰখনৰ সন্দৰ্ভত ভাৰতীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগে এইবুলি অভিমত ব্যক্ত কৰিছে যে ইটা আৰু শিলেৰে নিৰ্মিত প্রাচীন মন্দিৰৰ অৱশিষ্টবোৰৰ অৱস্থিতি পূৱা-পশ্চিমা।
মন্দিৰটো বর্গাকৃতিৰ গৰ্ভগৃহ আৰু আয়তাকাৰ মণ্ডপৰে পৰিবেষ্টিত। এই অঞ্চলটো ধেনুভিৰীয়াকৈ সুন্দৰভাৱে খোদিত দুৱাৰৰ গাঁথনিৰ বাবে জনাজাত। এয়া ষষ্ঠ শতিকাৰ গুপ্ত কলাৰ উল্লেখযোগ্য বৈশিষ্ট্য। দুৱাৰৰ চৌকাঠৰ তলত এটা ওখ দুৱাৰডলি সংলগ্ন আৰু চৌকাঠৰ উলম্ব অংশত চাৰিটা বেণ্ডেৰে সজ্জিত।
দুৱাৰৰ সোঁ আৰু বাঁওফালে আভা সম্বলিত নদী দেৱী গংগা আৰু যমুনাৰ চিত্ৰ সুন্দৰকৈ খোদিত কৰা হৈছে। সোঁমাজত গৰুড়ৰ চিত্ৰ খোদিত কৰা হৈছে। নাগা বা নাগী, ফুল, মানৱ চিত্র, লাকুলীশ শির, কৃষ্ণ, সূর্য আদিও দুৱাৰত খোদিত কৰা হৈছে। মন্দিৰটো ভগৱান শিৱৰ নামত উৎসর্গিত।
ষষ্ঠ শতিকাৰ দ-পৰ্বতীয়াৰ উক্ত শৈলদ্বাৰখনৰ স্থাপত্য আৰু ভাস্কৰ্যৰ সন্দৰ্ভত বর্ণনা দি বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰে উল্লেখ কৰা মতে, ‘শিলৰ দুৱাৰখন মাজত কুণ্ড থকা এচটা ডাঙৰ শিলৰ সম্মুখত অৱস্থিত। সম্ভৱতঃ ইয়াত এই শিলচটা শিৱমন্দিৰৰ বেদী আছিল। কুণ্ডৰ পৰা পানী ওলাই যোৱা এটা শিলৰ নলাও আছে। মন্দিৰৰ ভিতৰফালে দীঘে প্রায় ১১ ফুট আৰু বহলে প্রায় ১০ ফুট আছিল।
পুৰণি শিলৰ মন্দিৰৰ ঠাইতে পাছৰ যুগত ইটাৰে মন্দিৰ সজা হৈছিল।’ এই শিলৰ দুৱাৰখন আদি গুপ্তযুগৰ ভাস্কৰ্যৰ নিদৰ্শন বুলি ব্যক্ত কৰি তেওঁ বর্ণনা দিছিল যে দুৱাৰৰ স্তম্ভ দুটা আৰু ওপৰত পথালিকৈ দিয়া শিলটোত মূর্তি তথা ফুলকটা আছে। ইয়াৰ মূৰ্তিবোৰ খোদাই কৰা নহয়, বাহিৰলৈ ওলোৱা।
স্তম্ভ দুটা দীঘলে পাঁচ ফুট তিনি ইঞ্চি আৰু বহলে এফুট চাৰি ইঞ্চি। ওপৰৰ শিলচটা দীঘলে পাঁচ ফুটন ইঞ্চি আৰু বহলে এফুট তিনি ইঞ্চি। স্তম্ভ দুটাৰ তলৰ পিনে হাতত মালা লৈ গংগা আৰু যমুনাৰ মূৰ্তি আছে। যমুনাৰ সোঁহাতে তলত দুটা নাৰী মূর্তি- এগৰাকী নাৰী থিয় হৈ থকা চামৰধাৰিণী আৰু আনগৰাকী ফুলৰ পাত্ৰ লৈ আঁঠুকাঢ়ি থকা অৱস্থাৰ।
আনহাতে, আন এটা নাৰী মূর্তি যমুনাৰ জ্যোতিৰ্মণ্ডলৰ বাঁওপিনে দুটা উৰি যোৱা হাঁহ আৰু সোঁফালে আঁঠুকাঢ়ি থকা নাগী মূর্তি আছে। গংগাৰ কাষতো দুয়োপিনে দুটা নাৰী মূর্তি-বাঁওপিনে নাগী আৰু সৌপিনে দুটা হাঁহৰ মূৰ্তি আছে। স্তম্ভ দুটাৰ ওপৰৰ অংশ দীঘলীয়াকৈ চাৰি ভাগত ভগোৱা। নাগীৰ শিৰৰ পৰা আৰম্ভ হোৱা প্ৰথম ভাগটো বগাই যোৱা ধুনীয়া পাতেৰে স’তে লতাকটা, দ্বিতীয় ভাগত পদুম পাতৰ লগতে আন আন ফুল কটা, তৃতীয় ভাগতচাৰিটা নাৰী মূৰ্তি আৰু চতুর্থ ভাগত অকল ফুলকটা আছে।
ওপৰৰ পথালি শিলচটা দুয়োমূৰে স্তম্ভতকৈ কিছু বাহিৰলৈ ওলোৱা। ইয়াৰ মাজভাগত হাতত মালা লৈ উৰি যোৱা এটা গৰুড়ৰ মূর্তি আৰু দুয়ো মূৰে দুটা আন মূর্তি আছে। ওপৰৰ ভাগত লানিকৈ পাঁচোটা ভাগত পাঁচোটা মূর্তি। সেইবোৰ ক্ৰমে- ১) চাৰিখন হাতৰ আৰু বাঁওহাতে ডম্বৰু লৈ থকা নৰমূৰ্তি (শিৱ), ২) ঘোঁৰাৰ দৰে মুখৰ আঁঠুকাঢ়ি থকা।
একা নৰমূর্তি, ৩) ভৰিত ৰছীৰে বন্ধা অৱস্থাত বহি থকা লাকুলীশ শিৱ। শিৱৰ কাষত এটি নাৰীমূর্তিয়ে এটা পাত্র আগবঢ়াই দিছে আৰু সোঁফালে থিয় হৈ থকা আন এটা নাৰীমূর্তি আছে, ৪) বাঁহী বজাই থকা নৰমূৰ্তি (কৃষ্ণ) আৰু ৫) দুহাতে পদুম লৈ বহি থকা সূৰ্যৰ মূৰ্তি। সূৰ্যৰ এফালে হাতত কাপ-মৈলাম লৈ থকা এটা নৰমূর্তি আৰু আনফালে আন এটা নৰমূর্তি।
মনকৰিবলগীয়া যে পৰিত্যক্ত অবস্থাতে এই আপুৰুগীয়া সম্পদ দ-পৰ্বতীয়া শৈলদ্বাৰখনি উদ্ধাৰ কৰি ১৯২৫ৰ ১৫ মে’ৰ পৰা এই ঐতিহাসিক সম্পদৰাজি সংৰক্ষণৰ ব্যৱস্থা কৰিছিল ব্রিটিছ শাসকে। স্বাধীনতাৰ পৰৱৰ্তীকালত কেন্দ্রীয় চৰকাৰৰ ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগে এই শৈলদ্বাৰৰ সংৰক্ষণৰ দায়িত্ব লয়। ১৯৫৮৩ ইতিহাস প্রসিদ্ধ দ-পৰ্বতীয়াৰ শৈলদ্বাৰৰ এই কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক সমলৰাজি আৰু উক্ত স্থান ৰাষ্ট্ৰীয় সম্পদরূপে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰে।
চৰজমিন পৰ্যবেক্ষণৰ কালত শৈলদ্বাৰখনৰ সন্মুখত শিৱলিংগ এটি বহুৱাই থোৱা দৃষ্টিগোচৰ হ’ল-যিটোৰ শৈলদ্বাৰখনৰ লগত কোনোধৰণৰ সম্পৰ্ক নাই। পূজা-অর্চনাৰ বাবে স্থানীয় ৰাইজে এই শিৱ লিংগটো শৈলদ্বাৰখনৰ সন্মুখত স্থাপন কৰিছে বুলি জনালে। জাতিৰ এক প্রাচীনতম বর্ণাঢ্য ইতিহাস সুৰক্ষাৰ অভাৱত এতিয়া ক্রমান্বয়ে ধ্বংসৰ দিশে গতি কৰিছে।
দ-পৰ্বতীয়াৰ শৈলদ্বাৰৰ স্তম্ভ দুটাৰ তলৰ পিনে হাতত মালা লৈ গংগা আৰু যমুনাৰ মূৰ্তি আছে। যমুনাৰ সোঁহাতে দুটা নাৰী মূর্তি। এজনী নাৰী থিয় হৈ থকা চামৰধাৰিণী আৰু আনজনী ফুলৰ পাত্ৰ লৈ আঁঠুকাঢ়ি থকা অৱস্থাৰ। এই আঁঠুকাঢ়ি থকা নাৰী মূৰ্তিটোৰ মুখাবয়ৱৰ এতিয়া চিন- মোকাম নাই। যমুনাৰ বাঁওহাতে থকা চামৰধাৰিণী নাৰী মূৰ্তিটোৰ ভৰিৰ পতা দুখনো নিঃশেষ হৈ গৈছে।
আনহাতে, চালে চকু ৰৈ যোৱা যমুনাৰ নাক আৰু বাঁওভৰিৰ পতা এখনৰ লগতে বাঁওভৰিৰ আঁঠুৰ ঠিক তলৰ অংশ সম্প্রতি ভগ্নপ্রায়। একেদৰে গংগাৰ সোঁহাতে থকা চামৰধাৰিণী নাৰী মূৰ্তিটোৰ ভৰিৰ পতা দুখনো ভাঙি যোৱাৰ উপক্ৰম হৈছে। গংগাৰ বাঁওহাতে থকা নাৰীমূৰ্তিটোৰ বুকুৰ পৰা তলৰ অংশ ভগ্ন অৱস্থাত আছে। স্তম্ভ দুটাত পথালিকৈ থিয় কৰি থোৱা শিলচটাৰ ওপৰভাগত লানিকৈ পাঁচোটা ভাগত পাঁচোটা মূর্তি আছে।
দুহাতে পদুম লৈ বহি থকা সূর্য মূৰ্তিটোৰ মুখাবয়ব ভগ্নপ্রায়। একেদৰে গংগাৰ মূৰৰ ওপৰত তৃতীয় শাৰীৰ ওপৰফালৰ নৰ মূৰ্তিটোৰ মূৰটো নাই। এনেদৰেই এপদ এপদকৈ খহি নিঃশেষ হোৱাৰ পথত গতি কৰিছে দ-পৰ্বতীয়াৰ শৈলদ্বাৰৰ কীৰ্তিচিহ্নসমূহ। শৈলদ্বাৰখনৰ তলৰফালে গংগা-যমুনাৰ মূৰ্তিসহ বহু মূৰ্তিৰ দেহত ক’লা চামনিয়ে আৱৰি ধৰিছে। প্রাচীন মন্দিৰৰ পুৰাতন স্থাপত্য-ভাস্কর্য খোদিত শিলাখণ্ড আৰু ইটাত শেলুৱৈয়ে ধৰিছে।
সবাতোকৈ লক্ষ্যণীয় কথা হ’ল, পাঁচ ফুট তিনি ইঞ্চি দীঘল আৰু এক ফুট চাৰি ইঞ্চি বহলৰ স্তম্ভ দুটাত পাঁচ ফুট ন ইঞ্চি দীঘল আৰু এক ফুট তিনি ইঞ্চি বহলৰ স্থাপত্য-ভাস্কর্য খোদিত শিলচটা এনেভাবে উঠাই থোৱা দেখা গৈছে যে ভূমিকম্প বা তেনে কোনো বৃহৎ জোঁকাৰণি আহিলে এই শিলৰ দুৱাৰখন ভাঙি চুচুর্মৈ হৈ যাব।
এনেদৰেই এতিয়া তৰপে তৰপে খহি ধ্বংসৰ অপেক্ষাত থিয় হৈ আছে বৈচিত্র্যময় শিল্প-ভাস্কর্য খোদিত শৈলদ্বাৰখন।
তাৎপর্যপূর্ণ যে ব্ৰিটিছৰ ৰাজত্বকালত সুৰক্ষিত অৱস্থাত থকা দ-পর্বতীয়া শৈলদ্বাৰখন ভাৰতবৰ্ষৰ স্বাধীনতাৰ পাছতে ভাৰতীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগৰ অধীনলৈ যায়। এই বিভাগৰ চূড়ান্ত অৱহেলা-অনাদৰৰ পৰিণতিতেই শৈলদ্বাৰখন আজি তথৈবচ অৱস্থাত উপনীত হৈছে।
কেন্দ্ৰীয় চৰকাৰৰ বিভাগটোৱে ৰাষ্ট্ৰীয় সম্পদৰূপে ঘোষণা কৰিয়েই এই ঐতিহ্যমণ্ডিত সম্পদৰাজিৰ দায়িত্ব সামৰিলে। শৈলদ্বাৰখনৰ নিৰাপত্তা ব্যৱস্থাও অতি উদ্বেগজনক। ভাৰত চৰকাৰৰপুৰাতত্ত্ব আৰু জৰীপ বিভাগৰ লগত যোগাযোগ কৰি জানিব পৰা গ’ল যে শৈলদ্বাৰখনৰ সুৰক্ষাৰ তদাৰকৰ বাবে শৈলদ্বাৰখনৰ চৌহদত স্থায়ীৰূপত পুৰাতত্ত্ব আৰু জৰীপ বিভাগৰ কোনো বিষয়া-কর্মচাৰী নাই।
এনেদৰেই কেন্দ্ৰীয় চৰকাৰৰ ভাৰতীয় পুৰাতত্ত্ব আৰু জৰীপ বিভাগে প্রাচীন অসমৰ গৌৰৱ গাঁথা, স্থাপত্য-ভাস্কর্যৰ উজ্জ্বল নির্দশন দ-পৰ্বতীয়াৰ শৈলদ্বাৰৰ সংৰক্ষণৰ দায়িত্ব-কত্য সম্পাদন কৰিছে। জাতীয় ঐতিহ্যবহনকাৰী এই সমলসমূহৰ এনেধৰণৰ অবাঞ্ছিত অৱক্ষয়ে সভ্যতাৰ ইতিহাসৰ অধ্যয়ন, গৱেষণা কিম্বা ভৱিষ্যতৰ পৰিকাঠামো নির্মাণৰ ঠাই বহুলাংশে যে ৰুদ্ধ কৰি দিব পাৰে সেই কথা সহজে অনুমেয়।
































