ৰামদিয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ: হৰিনাম ধ্বনিৰে মুখৰিত ৰামদিয়া
The 578th birth anniversary of Mahapurush Srimanta Sankardeva in Ramdia: Ramdia is filled with the sound of Harinam
হাজো,২০ ছেপ্টেম্বৰ : কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়া আঞ্চলিক গুৰুজয়ন্তী উদযাপন সমিতিৰ উদ্যোগত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অধীনৰ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ আতিথ্য ত আজিৰ পৰা তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ আৰম্ভ হয়।ৰামদিয়া কৰুণা কান্ত কলিতা আঞ্চলিক শাখা সাংস্কৃতিক কেন্দ্ৰ মাজৰকুৰি,ৰামদিয়া প্ৰাঙ্গণত অনুষ্ঠিত আৱিৰ্ভাৱ মহোৎসৱৰ আজি পুৱা পৰিৱেশ নিকাকৰণৰ পিছত ৰামদিয়াৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে গছপুলি ৰোপন কৰে।পুৱা ন বজাত গুৰুজনাৰ জয়ন্তী উদযাপন সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত ড৹ নৃপেন চন্দ্ৰ দাসলৈ শ্ৰদ্ধাঞ্জলি তৰ্পন কৰে পত্নী স্বপ্না দাসৰ পৰিয়াল বৰ্গৰ লগতে বাপ বান্ধৱ আই মাতৃ সকলে।
দিনৰ এঘাৰ বজাৰ পৰা ভাগৱত সহ সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে হাজো জিলা শাখাৰ প্ৰাক্তন সভাপতি শৰৎ চন্দ্ৰ মালাকাৰে।এই
সাংস্কৃতিক শোভাযাত্ৰা উৎসৱ থলীত আৰম্ভ হৈ বৃহত্তৰ ৰামদিয়া পৰিভ্ৰমণ কৰি হাহদিয়াত সামৰণি পৰে।এই সময় ছোৱাত ৰামদিয়া অঞ্চল হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰে।বিয়লি পাঁচ বজাৰ পৰা অনুষ্ঠিত কুইজ প্ৰতিযোগিতা উদ্ধোধন কৰে অৱসৰী ৰেল বিষয়া মহেন্দ্ৰ নাথ ডেকাই। সন্ধিয়া ছয় বজাত মুখ্য বন্তি প্ৰজ্বলক হিচাপে বৰপেটা সত্ৰৰ বুঢ়া ভকত নাৰায়ণ আতৈ উপস্থিত থকাৰ লগতে শিশু যুৱক-যুৱতী বিদ্যালয় ৰ ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে।সাত বজাত প্ৰাৰ্থনা অনুষ্ঠানৰ পাছত বৰগীত প্ৰতিযোগিতা উদ্ধোধন কৰে সহকাৰী শিক্ষক হৰিচন্দ্ৰ ভৰালীয়ে।আঠ বজাত স্বপ্না দাসৰ সঞ্চালনাত প্ৰতিনিধি সভা খন অনুষ্ঠিত হয়।উদ্ধোধন কৰে অৱসৰী বিষয় শিক্ষয়ি ত্ৰী ৰিজু ভৰালীয়ে। কাইলৈ (৩ আহিন) পুৱা দীপক ডেকাৰ পৰিচালনাত ঊষা কীৰ্তন,পংকজ বৈশ্যৰ পৰিচালনাত প্ৰাতঃ প্ৰসঙ্গ, ছয় বজাত পৰিৱেশ নিকাকৰণ,আঠ বজাত ধৰ্মধ্বজা উত্তোলনৰ পাছত সুনীল কুমাৰ ভৰালী, অনিন্দিতা ডেকা আৰু চবিন বৈশ্যৰ সঞ্চালনাত প্ৰাৰ্থনা অনুষ্ঠান।দহ বজাত ৰাজেন্দ্ৰ বৈশ্যৰ নেতৃত্বত সামূহিক নাম প্ৰসঙ্গ অনুষ্ঠিত হব।বিয়লি চাৰি বজাত চন্দীবৰ মেধিৰ সঞ্চালনাত শিশু,যুৱক- যুৱতীৰ চৰিত্ৰ গঠনত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক বিশেষ সভা অনুষ্ঠিত হব।উদ্ধোধন কৰিব দীনেশ চন্দ্ৰ দাসে।ইয়াত সংবাদ কৰ্মী এঞ্জেলা চাংমাই,হিৰেণ দাস আৰু মুকুন্দ চন্দ্ৰ দাসে।
সন্ধিয়া সাত বজাৰ পৰা অনুষ্ঠিতব্য সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব এমট্ৰনৰ পৰামৰ্শদাতা তথা দাপোনৰ মুখ্য সম্পাদক দিনমণি ভাণ্ডাৰকায়স্থই। ২২ ছেপ্টেম্বৰ(৪ আহিন)ৰ পুৱা আঞ্চলিক সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰণৰ পাছত আই সকলৰ নাম প্ৰসঙ্গ আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ হাজো জিলা শাখাৰ সেৱা বাহিনীৰ অধিনায়ক যুৱৰাজ দাসৰ (নামাচাৰ্য) নেতৃত্বত বাপুভকত সকলৰ নাম প্ৰসঙ্গ অনুষ্ঠিত হব।বিয়লি তিনি বজাৰ পৰা মুকলি ধৰ্মালোচনী সভাখন অনুষ্ঠিত হব। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই উদ্ধোধন কৰিব লগীয়া ধৰ্মা লোচনা সভাত বিশিষ্ট ভাগৱত বাখ্যাকাৰ ৰন্টু শইকীয়া,অধ্যক্ষ বিশ্বজিত কলিতা,চিকিৎসক ডাঃ মাধৱ কলিতা,কাৰ্যবাহী অভিযন্তা গোবিন্দ সিং, বৰপেটা শাখা সত্ৰ সমিতিৰ সম্পাদক ড৹ হৰিৰাম দাস, বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, চিন্তামণিৰ সম্পাদক প্ৰভাত চন্দ্ৰ দাস,চক্ৰ বিষয়া নিতুল খাটনিয়াৰ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকা,খণ্ড উন্নয়ন বিষয়া ইন্দ্ৰনীল কাশ্যপ, জিলা সদস্য ৰেৱতী ডেকা মজুমদাৰ আৰু ৰামদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম শইকীয়া উপস্থিত থাকিব। তদুপৰি এই মুকলি ধৰ্মালোচনী সভাতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট শিক্ষাবিদ ড৹ দয়ানন্দ পাঠকে।নিশালৈ সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চ উদ্ধোধন কৰিব আই অ চি এলৰ ডেপুটি মেনেজাৰ কুমুদ চন্দ্ৰ বৈশ্যই।
ADVERTISEMENT




































