Nagaon EVM Training নগাঁৱত প্ৰিজাইডিং বিষয়াৰ বিশেষ ইভিএম প্ৰশিক্ষণত জিলা আয়ুক্ত
নগাঁও, ২০ ছেপ্টেম্বৰ: নগাঁও লোকসভাৰ উপনিৰ্বাচন নগাঁও জিলাৰ বাবে নিয়োজিত প্ৰিজাইডিং বিষয়াসকলৰ বাবে আজি, এক গুৰুত্বপূৰ্ণ ই.ভি.এম. অনুশীলন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জিলাখনৰ তিনিটা মুখ্য প্ৰশিক্ষণ কেন্দ্ৰ ক্ৰমে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, নগাঁও পলিটেকনিক আৰু নগাঁও ছোৱালী কলেজত এই বিশেষ অনুশীলন কাৰ্যসূচীৰ আয়োজন কৰা হয়। লোকসভা নিৰ্বাচন পৰিচালনা প্ৰক্ৰিয়া অধিক সুচাৰু, সক্ৰিয় আৰু ত্ৰুটিহীন কৰি তোলাৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলা
আয়ুক্ত আৰণ্যক শইকীয়াও উপস্থিত থাকে। আয়ুক্তগৰাকীয়ে প্ৰত্যেকটো কেন্দ্রতে উপস্থিত হৈ ই.ভি.এম. আৰু ভি.ভি.পি.এ.টি. পৰিচালনা সংক্ৰান্তীয় প্ৰশিক্ষণ প্ৰক্ৰিয়া প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ আৰু তদাৰক কৰে। নিৰ্বাচনী দায়িত্বত নিয়োজিত সকলো বিষয়াক উদ্দেশ্যি বক্তব্য ৰাখি আয়ুক্তগৰাকীয়ে সততা, দায়িত্ববোধ আৰু দক্ষতাৰে কাৰ্যসম্পাদন কৰিবলৈ আহ্বান জনায়। ইয়াৰ উপৰিও, তেওঁ উপস্থিত সকলো নিৰ্বাচনী বিষয়া আৰু কৰ্মচাৰীৰ সৈতে পোনপটীয়াভাৱে ভাব-বিনিময় কৰি তেওঁলোকৰ সন্দেহ সমূহ আঁতৰাই মনোবল বৃদ্ধি কৰে।
ADVERTISEMENT




































