HimantaBiswaSarma : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰে শুকুৰবাৰে অসম বৈভৱ-অসম সৌৰভ আৰু অসম গৌৰৱ সন্মান প্রাপকৰ নাম ঘোষণা কৰাৰ লগতে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত চলিত বৰ্ষৰ পৰা এটা ৰাষ্ট্ৰীয় বঁটা প্রচলন সিদ্ধান্ত গ্রহণ কৰে।
বিশিষ্ট চকু ৰোগ বিশেষজ্ঞ ডাঃ হর্ষ ভট্টাচার্যলৈ আগবঢ়োৱা হৈছে ২০২৫ৰ অসম বৈভৱ সন্মান। অসম চৰকাৰে প্ৰদান কৰা ৰাজ্যৰ অন্যতম শীর্ষ অসম বৈভৱৰ লগতে একেটা বৰ্ষৰ বাবে অসম সৌৰভ আৰু অসম গৌৰৱ সন্মান প্রাপকসকলৰ নামো কালি ঘোষণা কৰা হয়।
শুকুৰবাৰে জনতা ভৱনত অনুষ্ঠিত এক কেবিনেট বৈঠকত এই সিদ্ধান্তক আনুষ্ঠানিক ৰূপ দি প্ৰথমবাৰৰ বাবে বঁটাটি প্রসিদ্ধ গায়িকা তথা ড° হাজৰিকাৰ অন্যতম ঘনিষ্ঠ শিল্পী ঊষা মংগেশকাৰক প্ৰদানৰো সিদ্ধান্ত লোৱা হয়। কেবিনেট বৈঠকৰ পাছত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এই কথা সদৰী কৰে।
মুখ্যমন্ত্রী ড° শৰ্মাই কৰা ঘোষণা অনুসৰি, অসম সৌৰভ সম্মান প্রদান কৰা হ’ব ক্রমে ড° কুশল কোঁৱৰ শৰ্মা, বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদ, সংগীত শিল্পী পুলক বেনাৰ্জী আৰু হাড়গিলা সংৰক্ষণৰ অভিযান চলাই অহা ড° পূর্ণিমা দেৱী বর্মনক। আনহাতে, অসম গৌৰৱ বঁটা তথা সম্মান প্রদান কৰা হ’ব বিভিন্ন ক্ষেত্ৰৰ নগৰাকী ব্যক্তিৰ উপৰি এটা স্বেচ্ছাসেবী সংগঠন আৰু এটা কৃষক উৎপাদন সংস্থা (এফপিঅ’)ক।
মুখ্যমন্ত্রীয়ে কৰা ঘোষণা অনুসৰি, ‘বটা প্রাপক ব্যক্তিসকল হ’ল বিশিষ্ট সমাজসেৱক দেৱী প্রসাদ বাগ্রোদিয়া, খ্যাতিসম্পন্ন ফুটবল খেলুৱৈ হলিচৰণ নাৰ্জাৰী, পর্যটন উদ্যোগী দিকপল লাহন, দৃষ্টিহীন ক্রিকেট খেলুৱৈ চিমু দাস, পাম তেলৰ আদর্শ খেতিয়ক হৰকান্ত বসুমতাৰী, সাঁচিপাত সংৰক্ষণত আত্মনিয়োগ কৰি অহা ধনজিৎ তালুকদাৰ, খাদ্য পৰ্যটনৰ হকে কাম কৰি সফলতা অর্জন কৰা নিবেদিতা য়েইন, দবা খেলত অসমৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ মায়ংক চক্রবর্তী, প্রগতিশীল আদা খেতিয়ক জিতেন চাৰাংফাংচা আৰু লাখপতি বাইদেউ তথা গাখীৰ উৎপাদনেৰে সফলতা অর্জন কৰা উদ্যোগী মহিলা তনুমায়া সোণাৰ বিশ্বকর্মা।
অসম গৌৰৱ বঁটা আগবঢ়োৱা স্বেচ্ছাসেবী অনুষ্ঠানটো হৈছে ডিমৰীয়াৰ কলং-কপিলী আৰু এফপিঅ’টো হৈছে গোলাঘাটৰ পদুম পথাৰ এগ্রো অর্গেনিক এফপিঅ’। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে অতিশীঘ্ৰে ২০২৬ৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ সন্মান প্রাপকসকলৰ নামো ঘোষণা কৰা হ’ব।
অৱশ্যে দুয়োটা বৰ্ষৰ বাবে পৃথক অনুষ্ঠানৰ আয়োজন কৰা হ’ব। ২০২৫ৰ সন্মানসমূহ অহা ডিচেম্বৰত প্ৰদান কৰা হ’ব। ২০২৬ৰ সন্মানসমূহ অহা ফেব্ৰুৱাৰীত প্ৰদানৰ সম্ভাৱনা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে।
ইপিনে, এই সংবাদমেলতে মুখ্যমন্ত্রীয়ে প্রথমবাৰলৈ প্ৰদান কৰিবলগীয়া সুধাকণ্ঠৰ নামৰ ৰাষ্ট্ৰীয় বঁটাৰ বিষয়েও সদৰী কৰে। তেওঁ কয় যে তিনি বছৰৰ অন্তৰালত প্ৰদান কৰিবলগীয়া বঁটাটিত ১০ লাখ টকা আৰু এটা স্মাৰক থাকিব।
মুখ্যমন্ত্রীয়ে কয়, ‘বঁটাটোৰ নাম হ’ব ড° ভূপেন হাজৰিকা স্মাৰক ৰাষ্ট্ৰীয় বটা। কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, পৰিচালক, অভিনেতা, প্রযোজক আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত জড়িত ব্যক্তিক এই বঁটা প্রদান কৰা হ’ব। ড° ভূপেন হাজৰিকা যিবোৰ ক্ষেত্ৰৰ লগত জড়িত আছিল, সেইবোৰ ক্ষেত্ৰৰ ব্যক্তিকেই এই বঁটা প্ৰদান কৰা হ’ব।প্ৰথমবাৰৰ বাবে এই বঁটা অহা ২৯ নৱেম্বৰত দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’বলগীয়া ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠানত প্রদান কৰা হ’ব। এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঊষা মংগেশকাৰক বঁটাটি প্রদান কৰিব।’
প্রসংগক্রমে মুখ্যমন্ত্রীয়ে দিল্লীৰ উক্ত আয়োজনৰ সন্দৰ্ভত কয় যে পাঁচৰ পৰা সাত হেজাৰ লোকৰ উপস্থিতিত ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। কে’বাটাও কাৰ্য ইয়াৰ বাবে গ্রহণ কৰা হৈছে। সুধাকণ্ঠৰ জীৱনৰ বিভিন্ন দিশক তুলি ধৰি এই অনুষ্ঠানত বিশেষভাৱে গীত পৰিৱেশন কৰা হ’ব।
অসমৰ উপৰি শ্রেয়া ঘোষাল, শংকৰ মহাদেৱন আদিৰ দৰে যশস্বী শিল্পীয়েও ইয়াত গীত পৰিবেশন কৰিব। অসমৰ পৰা এহেজাৰ ল’ৰা-ছোৱালীকো এই অনুষ্ঠানৰ বাবে দিল্লীলৈ লৈ যোৱা হ’ব। মুখ্যমন্ত্রীয়ে সদৰী কৰা অনুসৰি, তেওঁলোকে ড° হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ আৰু ‘উই আৰ ছেম বোট ব্রাদাৰ’ শীর্ষক গীত দুটি পৰিৱেশন কৰিব। তদুপৰি, ড° হাজৰিকাক বিষয়বস্তুৰূপে লৈ এখন প্রদর্শনীৰো আয়োজন কৰা হ’ব।
এই অনুষ্ঠানত কে’বাজনো কেন্দ্রীয় মন্ত্রী, সাংসদ, ৰাজ্যপাল, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রী আদিও উপস্থিত থাকিব বুলি ড° শৰ্মাই সদৰী কৰে। ইপিনে, এই গোটেই অনুষ্ঠান চৰকাৰী আৰু বেচৰকাৰী যৌথ সহযোগিতাত অনুষ্ঠিত কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ৰাজকোষৰ পৰা বহু কম খৰচ কৰাৰ বাবেই এই আয়োজনত ব্যক্তিগত খণ্ডৰ পৃষ্ঠপোষকতা বিচৰা হ’ব বুলি মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।
ইফালে, কেবিনেটত শুকুৰবাৰে শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় বঁটাৰ ধনৰ পৰিমাণ বৃদ্ধিৰো সিদ্ধান্ত গ্রহণ কৰা হয়। এই প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে এই বঁটাৰ ধনৰ পৰিমাণ পাঁচ লাখ টকাৰ পৰা ১৫ লাখলৈ বৃদ্ধি কৰা হ’ব। বঁটাটোৰ গাম্ভীর্যতা অধিক বৃদ্ধিৰ বাবেই এই বৃদ্ধিৰ সিদ্ধান্ত লোৱা হৈছে।
তদুপৰি, কেবিনেটত কালি আন কেতবোৰ সিদ্ধান্তও গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীয়ে সদৰী কৰা অনুসৰি, অহা নৱেম্বৰত মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্রক্রিয়া সম্পূৰ্ণ কৰা হ’ব। তাৰ বাবে আজি দুয়োখন পৰিষদৰ নিৰ্বাচন বিধিত অনুমোদন জনোৱা হয়। লগতে নির্বাচন আয়োগৰ লগতো প্রয়োজনীয় প্রক্ৰিয়াবোৰ আগবঢ়োৱা হৈছে।
শুকুৰবাৰে খনিজ সম্পদৰ পৰা ৰয়েল্টি সংগ্ৰহৰ সংশোধনী বিধিতো কেবিনেট বৈঠকে অনুমোদন জনায়। মুখ্যমন্ত্রীয়ে এই সন্দর্ভত কয়, ‘লৌহ আকৰ আৰু চুণশিলৰ গ্রেড অনুসৰি ৰয়েল্টি সংগ্ৰহৰ প্ৰস্তাৱ চৰকাৰে লৈছে। সেই প্রস্তাৱত আজি কেবিনেট বৈঠকে অনুমোদন জনায়।’
কেবিনেটে কালি ৰঙিয়াত তিনিশ কোটি টকা বিনিয়োগেৰে ৱেলস্পান গোটৰ অন্তৰ্গত বিটেক প্লাষ্টিক প্রাইডেট লিমিটেডক উদ্যোগ স্থাপনতো অনুমোদন দিয়ে।
ৰাহুল গান্ধীক কটাক্ষ
কংগ্ৰেছে চৰকাৰৰ বিভিন্ন বিষয়ক লৈ দেশজুৰি অব্যাহত ৰখা ধাৰাবাহিক প্রতিবাদী কার্যসূচীক কালি সংবাদমেলতে সমালোচনা কৰে মুখ্যমন্ত্রী ড° শর্মাই। বিষয়টোক লৈ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কংগ্রেছক উদ্দেশি মন্তব্য কৰে যে দলটোৱে প্রতিবাৰে নিৰ্বাচনত ৰাহুল গান্ধীক এক ‘প্রডাক্ট’ হিচাপে প্রক্ষেপ কৰি আহিছে আৰু প্রতিবাৰে ব্যৰ্থ হৈও আহিছে। ৰাহুল গান্ধী এটা ব্যর্থ ‘প্রডাক্ট’ বুলি এই প্রসংগতে মুখ্যমন্ত্রীয়ে মন্তব্য কৰে।
তদুপৰি কয়, ‘এইবাৰ আকৌ জেন-জি বুলি প্রক্ষেপ কৰিছে। ৫৭ বছৰীয়া বয়স্কজনকে জেন-জি বুলি আগবঢ়াই দিছে কংগ্ৰেছে। মোৰ বয়সো ৫৭ বছৰ। কংগ্ৰছে একেটা প্রডাক্ট বাৰে বাৰে আগবঢ়াই দি আহিছে আৰু বাৰে বাৰে ব্যৰ্থ হৈছে। ব্যৰ্থতাৰ পাছত সেইজনে শান্তি বিচাৰি কেইদিনমানৰ বাবে ক’ৰবালৈ গুচি যায়। গ্রাহকেও বাৰে বাৰে একেটা প্রডাক্ট দেখি বিৰক্ত হৈছে।’
শেহতীয়াকৈ এটা বৈদ্যুতিন মাধ্যমৰ স্বত্বাধিকাৰী আৰু এজন ড্ৰাগছ ব্যৱসায়ীৰ মাজৰ বাৰ্তালপৰ অভিযোগে ব্যাপক চর্চা লাভ কৰিছে। এই সন্দৰ্ভত সাংবাদিকে কৰা এক প্রশ্নত সমগ্র বিষয়টোক লৈয়েই মুখ্যমন্ত্রীয়ে অজ্ঞতা প্রকাশ কৰে। একে সময়তে এই ঘটনাৰ তদন্ত এতিয়ালৈকে কোনো ‘এনজিঅ’ই বিচৰা নাই বুলিও মুখ্যমন্ত্ৰীয়ে কয়।





























