প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ জৰিয়তে ৰাজ্যত ইতিমধ্যে আৰ্থিক সাহায্য গ্ৰহণ কৰা মুঠ ৩৯ লাখ হিতাধিকাৰীৰ ভিতৰত ৪০ শতাংশই অকৃষক ৷ এই ৪০ শতাংশ অকৃষকক ৰাজনৈতিক নেতা পালিনেতাই প্ৰেৰণ কৰা তালিকাৰ জৰিয়তে এই আঁচনিৰ অন্তৰ্ভুক্ত ৰাজ্যৰ সকলো পঞ্চায়তত এই আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত সংঘটিত হৈছে ব্যাপক অনিয়ম। ফলত কৃষি বিভাগে প্ৰকৃত হিতাধিকাৰী নিৰ্বাচনৰ পুনৰ পৰীক্ষণৰ কাম আৰম্ভ কৰিছে যদটও আগন্তুক তিনিমাহলৈ প্ৰস্তুত নহয় প্ৰকৃত হিতাধিকাৰীৰ তালিকা ৷
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত দেশৰ প্ৰায় ১২ কোটি ক্ষুদ্ৰ আৰু সীমিত কৃষকক বছৰি তিনি কিস্তিত দুহেজাৰকৈ মুঠ ছহেজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ এক অভিলাষী আঁচনি ২০১৯ ৰ ২৪ ফ্ৰেব্ৰুৱাৰীত মুকলি কৰিছিল দেশৰ প্ৰধানমন্ত্ৰী । প্ৰকৃত কৃষকসকল উপকৃত হোৱাকৈ আৰম্ভ কৰা এই আঁচনিত হিতাধিকাৰীৰ নিৰ্বাচনত ৰাজ্যত ব্যাপক হাৰত সংঘটিত দুৰ্নীতিয়ে বৰ্তমান সময়ত সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷
ৰাজ্যত সংঘটিত এই ব্যাপক দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত কৃষিমন্ত্ৰী অতুল বৰাই তদন্ত ঘোষণা কৰি চলিত মাহত পুনৰ নিৰীক্ষণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছিল যদিও নিখুঁতভাৱে আঁচনি ৰূপায়ণ কৰিবলৈ হ’লে কমেও তিনিমাহৰ সময় আৱশ্যক হোৱাৰ কথা মন্ত্ৰীজনক সদৰী কৰিছে কৃষি বিষয়াসকলে ৷ ৰাজ্যৰ প্ৰায় ২২ শ পঞ্চায়তত কিষাণ সন্মান নিধি আঁচনিৰ হিতাধিকাৰীৰ নাম পুনৰ পৰীক্ষণৰ বাবে নিয়োজিত কৰা হৈছে ১৮ শ কনিষ্ঠ কৃষি বিষয়া ৷ এই বিষয়াসকলে ক্ষেত্ৰত ভিত্তিক পৰীক্ষণৰ জৰিয়তে ইতিমধ্যে ৫০ শতাংশ পুনৰীক্ষণ কাম সম্পন্ন কৰিবলৈ সক্ষম হৈছে যদিও বাকী ৫০ শতাংশ পৰীক্ষণৰ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ।





























