দুয়োটা কিডনী বিকল হোৱাৰ কাৰণে সম্প্ৰতি বিছনাতে পৰি মৃত্যুৰ ক্ষণ গণি আছে ভূৰাগাঁও থানাৰ অন্তৰ্গত হাতীলৰুৱা পথাৰ গাঁৱৰ এগৰাকী মহিলাই । আৰ্থিক দৈন্যতাত ভূগা মহিলাগৰাকীয়ে অৰ্থৰ অভাৱত বিনা চিকিৎসাই বিচনাতে পৰি ছটফটাই থাকিবলগীয়া হৈছে ৷ চিকিৎসাৰ অভাৱত বিছনাত পৰি থকা মহিলাগৰাকী নাম ছাকিনা খাতুন ৷ অসহায় মহিলাগৰাকীৰ স্বামী ২০ বছৰৰ পূৰ্বে মৃত্যু হোৱাত আনৰ ঘৰত কাম কৰি পৰিয়ালৰ দায়িত্ব পালন কৰি আছিল ৷ কিন্তু যোৱা দুই তিনি মাহ ধৰি মহিলাগৰাকী দুৰাৰোগ্যত আক্ৰান্ত হোৱাত দৰিদ্ৰ পৰিয়ালটো উপায়ন্তৰ হৈ পৰিছে ৷
স্থানীয় একাংশ ব্যক্তিৰ সহায়ত মহিলাগৰাকীক চিকিৎসাৰ বাবে গুৱাহাটী জি এম চি লৈ নিয়া হৈছিল যদিও অৰ্থৰ অভাৱৰ বাবে দুদিন পিছতে ঘৰলৈ ঘুৰাই অনা হয় ৷ উপায়ন্তৰ হৈ অসহায় মহিলাগৰাকীৰ পৰিয়ালৰ লোকে সহায়ৰ কাৰণে ৰাজ্যবাসীৰ ওচৰত কাতৰ আহ্বান কৰিছে ৷ অসহায় মহিলাগৰাকীক কোনো সদাশয় ব্যক্তিয়ে যদি সহায় আগবঢ়াই তেন্তে ৯৪০১২৫৫২০৩ নম্বৰত যোগাযোগ কৰিব পাৰে ৷ অথবা মহিলাগৰাকীৰ বেংক একাউণ্ট নম্বৰ ০৭৭৯০১০১১৬৫৩৪, IFSC UTBI0BGNG34 ত গৈ সাহাৰ্য আগবঢ়াব পাৰে ৷





























