কেৰেলাৰ কড়িক’ড়ত শুক্ৰবাৰে বিয়লি ৭.৪১ বজাত সংঘটিত হয় এক শোকাৱহ বিমান দূৰ্ঘটনা। ডুৱাইৰ পৰা অহা বিমানখন প্ৰায় ৩৫ ফুট খাৱৈত পৰি দুটা টুকুৰাত পৰিণত হয়। শেহতীয়াকৈ পোৱা তথ্য অনুসৰি এই দুৰ্ঘটনা ১৮জন যাত্ৰীৰ মৃত্যু হয় ৷ বন্দে মিশ্যনৰ অধীনত এই বিমানখনত আছিল ১৯১ লোক ৷ইয়াৰে আহত হয় প্ৰায় ৬০ জন ব্যক্তি ৷আনহাতে অনুকূল ৱতৰৰ কাৰণে পাইলটে এবাৰতে বিমানখন ৰখা পৰা নাছিল ৷
যাৰ কাৰণে আকাশতে বহু সময় ঘূৰি আছিল বিমানখন ।বিমানখন বচাবলৈ বহু চেষ্টা কৰিছিল পাইলটে ৷বিমানখনৰ সন্মুখভাগটো সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হয় যদিও ৷সৌভাগ্যক্ৰমে অগ্নিসংযোগ নহ’ল বিমানখনত । আজি ডুবাইৰ দূতাবাস খোলা থাকিব , বিমানখনত মৃত্যু হোৱা লোক আৰু আঘাতপ্ৰাপ্ত লোক মসকলক যাতে উদ্ধাৰ কৰিব পাৰে। আজি কেৰালা ৰাজ্যপাল আৰিফ মহম্মদ আৰু মুখ্যমন্ত্ৰী পি বিজয়ন ঘটনাস্থলীত উপস্থিত হ’ব ৷
আমেৰিকাৰ বৈদেশিক মন্ত্ৰণালয়ে কয় যে কেৰেলাত হোৱা বিমান দূৰ্ঘটনাৰ লগত তেওঁলোকৰ সমবেদনা আছে ৷ ইফালে বিমানখনৰ এই দুৰ্ঘটনাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰেলাৰ মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নৰ লগত মত বিনিময় কৰে ৷কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও লোকসকলক উদ্ধাৰৰ কাৰণে এনডিআৰএফ বাহিনীক প্ৰেৰণ কৰে ৷ লগতে মুখ্যমন্ত্ৰী বিজয়নেও আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী আৰু চিকিৎসাকৰ্মীক ঘটনা স্থলীত উপস্থিত হৈ সকলো ধৰণৰ সহায় সহযোগ কৰিবলৈ আহ্বান কৰে ।
উল্লেখযোগ্য যে দূৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ নিহত পাইলট দুজনৰ কেপ্তেইনজন ভাৰতীয় বায়ুসেনাৰ উইং কমাণ্ডাৰ দীপক চাথে বুলি চিনাক্ত কৰা হৈছে ৷তেওঁৰ মৃত্যু নিশ্চিত কৰে ভাৰতীয় বায়ুসেনা বিভাগে ৷ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন পাইলট ছাথেই এটা সময়ত বিশেষ দক্ষতাৰ বাবে ৫৮ এন ডি এ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদককো অৰ্জন কৰিছিল ৷পৰৱৰ্তীসময়ত বায়ুসেনাৰ বিষয়াজন এয়াৰ ইণ্ডিয়াৰ স’তে৷জড়িত হৈ পৰে ৷অৱশ্যে নিহত আনজন পাইলটৰ পৰিচয় এতিয়ালৈকে সদৰী কৰা নাই ।