অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু মাদক দ্ৰব্য সৰবৰাহৰ সন্দৰ্ভত গ্ৰেপ্তাৰ হোৱা ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃ সৌভিক চক্ৰৱৰ্তীৰ জামিন সন্দৰ্ভত মুম্বাইৰ বিশেষ আদালতে ১০ ছেপ্তেম্বৰত শুনানি দিব ৷ এই কথা সদৰী কৰিছে ৰিয়াৰ অধিবক্তা সতীশ মানচিন্দেই ৷ অধিবক্তা সতীশ মানচিন্দেই কয় যে মুম্বাইৰ আদালতে ৰিয়া আৰু সৌভিকৰ জামীন আবেদন সন্দৰ্ভত শুনানি দিবলৈ সন্মতি প্ৰকাশ কৰিছে ।
উল্লেখযোগ্য যে নাৰ্ক’টিক্স কন্ট্ৰোল ব্যুৰ(NCB)য়ে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক সুশান্ত সিং ৰাজপুতৰ মৃত্যু আৰু মাদক দ্ৰব্য যোগানৰ সন্দৰ্ভত বিগত তিনিদিনৰ পৰা জেৰা অব্যাহত ৰাখিছিল ৷ ইয়াৰ পিছত মংগলবাৰে ৰিয়াক গ্ৰেপ্তাৰ কৰে NCBয়ে ৷
ৰিয়াৰ মেডিকেল তদন্তৰ পিছত এক বিশেষ ভিডিঅ’ৰ জৰিয়তে ৰিয়াই মুম্বাইৰ ন্যায়াধীশৰ লগত আলাপ কৰে ৷ ন্যায়ালয়ে ৰিয়াৰ জামিন আবেদন নাকচ কৰি ২২ ছেপ্তেম্বৰলৈকে অভিনেত্ৰীগৰাকীক ন্যায়িক জিম্মাত লয় ৷
আনহাতে NCBয়ে দাবী কৰিছে যে ৰিয়া মাদক দ্ৰব্য সৰবৰাহৰ অন্যতম অভিযুক্ত আছিল । আৰু তেওঁ সুশান্তৰ কাৰণে মাদক দ্ৰব্য যোগান ধৰিছিল ৷ আনহাতে ৰিয়াক Narcotics Drugs and Psychotropic Substances আইনৰ ২৭(A), ২১, ২২, ২৯, ২৮ৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰৰ পাছত ৰিয়াক ক’ভিড-১৯ পৰীক্ষা কৰা হয় যদিও নিগেটিভ আহে।
ইপিনে ৰিয়াৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত NCB ৰ অতিৰিক্ত নিৰ্দেশক আশোক জৈনে কয়, “ৰিয়াক গ্ৰেপ্তাৰ কৰিবলৈ আমাৰ ওচৰত যাৱতীয় প্ৰমাণ আছিল ৷ অৱশ্যে ৰিয়াৰ লগত কোনো মাদক দ্ৰব্য পোৱা নাই।”
মংগলবাৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুৱা মুম্বাইৰ Byculla Jailলৈ নিয়ে ৷ ৰিয়াক ১৪দিনৰ কাৰণে জেললৈ প্ৰেৰণ কৰা হৈছে। উল্লেখযোগ্য যে Byculla Jail মুম্বাইৰ একমাত্ৰ মহিলা জেইল । এই জেলখনত শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ লগতে বহু হাইপ্ৰফাইল মহিলা অভিযুক্ত আছে ।