ৰাইজৰ এটি চিনাকী নাম বিপুল চেতিয়া ফুকন ৷ ১৯৮২ৰে পৰা প্ৰায় ৬০৫৯ টা বিহুগীত ৰচনা কৰা এইগৰাকী শিল্পীৰ সুৰীয়া কন্ঠ ৰাইজে আকুলতাৰে আদৰি লৈছিল । সংগীতৰ মাধ্যমেৰে শিল্পী বিপুল চেতিয়া ফুকনে এসময়ত মোহাচ্ছন্ন কৰি ৰাখিছিল ৰাজ্যবাসীক । বৰ্তমানো ৰচনা কৰি আছে ইটোৰ পিছত সিটো গীত ৷ কিন্তু এইগৰাকী আজন্ম শিল্পীৰ আজি সৰ্বদিশতে অৱহেলিত তথা বঞ্চিত ।
কেৱল বিহুনামৰ বাবেই জনপ্ৰিয় এইগৰাকী শিল্পীৰ ওচৰলৈ আহিছিল জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ দৰে বহু গ্লেমাৰ সৰ্বস্ব কন্ঠশিল্পী ৷ অসমৰ বিভিন্ন বিহুমঞ্চত ৰাইজৰ মৰমৰ শিল্পী বিপুল চেতিয়া ফুকনৰ গীতে খলকনি তুলিবলৈ সক্ষম হৈছিল যদিও বৰ্তমান বহু গায়কে তেওঁৰ গানসমূহ চোৰ কৰাত আক্ষেপ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ৷ বহুজনে আকৌ শিল্পীজনাৰ গীত ব্যৱহাৰ কৰি নামটো উল্লেখ কৰাৰ পৰাও বিৰত থাকিল।
আনহাতে শিল্পীপেঞ্চনৰ পৰা বঞ্চিত যদিও কাৰো ওপৰত কোনোধৰণৰ আক্ষেপ নাই শিল্পীগৰাকীৰ ৷ মুঠতে এটাসময়ত এইগৰাকী শিল্পীৰ সান্নিধ্য লাভ কৰিবলৈ বহুতো সাংস্কৃতিক লোকৰ আগমন হৈছিল যদিও আজি এইগৰাকী শিল্পীয়ে কৰিবলগা হৈছে যথেষ্ট সংগ্ৰাম ৷





























