আজাৰাস্থিত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মাজনী দাসে ২০২০ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কলা শাখাত কামৰূপ মহানগৰ জিলাৰ চৰকাৰী আৰু প্ৰাদেশীকৃত বিদ্যালয়ৰ ছাত্ৰী সকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত সভাত অতিৰিক্ত উপায়ুক্ত পল্লবী কছাৰীৰ পৰা ২৫ হাজাৰ টকা পুৰস্কাৰ হিচাপে লাভ কৰে ।
ইয়াৰ উপৰিও বিদ্যালয়ৰ আন তিনি গৰাকী ছাত্ৰী ক্ৰমে লিপিকা দাস আৰু ছায়াৰাণী দাস(কলা শাখা) আৰু নেইনা বড়োৱে(বিজ্ঞান শাখা) ভাল ফলাফল দেখুওৱাৰ বাবে ৫০০০ টকাৰ পুৰস্কাৰ লাভ কৰে । এই পুৰষ্কাৰ সমূহ চৰকাৰৰ ‘বেটী বচাও বেটী পঢ়াও’ আচঁনিৰ অধীনত আজি প্ৰদান কৰা হয় । বিদ্যালয় খনৰ এনে সাফল্যত অঞ্চলবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে ।





























