নৱবৰ্ষৰ আনন্দ উলাহৰ মাজতে শুকুৰবাৰে বিয়লি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খনামুখৰ হাওৰাপাৰত এঘৰ লোকৰ ঘৰৰ পাছফালে প্ৰকাণ্ড অজগৰ সাপ আবিৰ্ভাৱ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে । সূত্ৰ মতে হাওৰাপাৰৰ বাসিন্দা হেমন্ত কলিতাই বিয়লি চাৰি বজাত ঘৰৰ পাছফালে অজগৰ সাপডাল প্ৰত্যক্ষ কৰে ।
ইয়াৰ পাছতে তেওঁ আজাৰাৰ সৰ্পবন্ধু হিচাপে পৰিচিত মিলু দাসক খবৰ দিয়ে । অৱশেষত মিলু দাসে স্থানীয় যুৱক সকলৰ সহযোগত অজগৰডাল অক্ষত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
প্ৰায় আঠ ফুট দৈৰ্ঘ্যৰ ১৫ কেজি ওজনৰ অজগৰডাল বন বিভাগৰ জৰিয়তে সন্ধিয়া ৰাণী বনাঞ্চলৰ গভীৰ অৰণ্যত এৰি দিয়া হয় । অৱশ্যে ক’ৰ পৰা কেনেকৈ আবাসীক অঞ্চলটোলৈ অজগৰডাল আহিল সেয়া জানিব পৰা হোৱা নাই ।






























