ওদালগুৰি চহৰৰ উত্তৰ-পশ্চিম দিশত অৱস্থিত ঐতিহাসিক শ্ৰীশ্ৰী মুক্তেশ্বৰী দেৱালয়ৰ সমীপৰ কোমোৰামখা গাওঁত উদ্ধাৰ হৈছে এটি প্ৰাচীন যুগৰ বিষ্ণুমুৰ্তি।গাওঁখনৰ এগৰাকী মহিলাই সমীপৰে কল্যানী নৈত গা ধুবলৈ যোৱাৰ সময়ত নদীখনৰ বুকুৰ পৰা প্ৰায় ছয় ইঞ্চি উচ্চতাৰ বিষ্ণুৰ মুৰ্তিটো উদ্ধাৰ কৰে। ইয়াকে লৈ গাওঁখনৰ বাসিন্দাৰ লগতে বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হয়।বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজে মুৰ্তিটো চাবলৈ ভিৰ কৰাৰ লগতে চাকি-ধুপ জ্বলাই সেৱা কৰে।
মুৰ্তিটো উদ্ধাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি বিগত ৩১ ডিচেম্বৰত জয়ন্ত ৰাভাৰ পত্নী কল্পনা ৰাভাই আনদিনাৰ দৰে গাওঁৰ আন মহিলাৰ সৈতে সমীপৰে বৈ যোৱা কল্যানী নৈত গা ধুবলৈ গৈছিল। গা ধুই ঘৰমুৱা হবলৈ ধৰা অৱস্থাত নৈখনৰ বুকুত ধাতুৰ টুকুৰা এটা প্ৰত্যক্ষ কৰে। টুকুৰাটো হাতেৰে তুলিবলৈ চেষ্টা কৰাত বিষ্ণুৰ মুৰ্তিটো ওপৰলৈ উঠি আহে। লগে লগে কল্পনা ৰাভাই নৈখনৰ পাৰত থকা আন মহিলাক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ লগতে মুৰ্তিটো ঘৰলৈ লৈ আনে।মূৰ্তিটো ঘৰলৈ আনি পৰিয়ালটোৱে এখন থাপনা পাতি মুৰ্তিটো ৰখাৰ ব্যৱস্থা কৰে।
ঘটনাৰ খবৰটো বিয়পি পৰাত জয়ন্ত ৰাভাৰ ঘৰলৈ গাওঁৱাসী ৰাইজৰ সোঁত বয়। চোতালত ৰখা মূৰ্তিটো প্ৰত্যক্ষ কৰিবলৈ সকলোৱে ভিৰ কৰাৰ লগতে ধুপ-চাকি জ্বলাই সেৱা কৰে। মূৰ্তিটো কি ধাতুৰে নিৰ্মিত সেয়া কোনেও স্পষ্টভাৱে প্ৰকাশ কৰিব পৰা নাই যদিও সোণৰ সৈতে আন ধাতুৰ মিশ্ৰণৰ দ্বাৰা মুৰ্তিটো নিৰ্মাণ কৰা হৈছে বুলি একাংশ গাওঁৱাসীয়ে দাবী কৰে। জয়ন্ত ৰাভাৰ পৰিয়ালটোৱে উদ্ধাৰ হোৱা বিষ্ণুৰ মুৰ্তিটো দিনত ৰাইজৰ বাবে মুকলি কৰি দিয়ে যদিও নিশা নিৰাপত্তাৰ অভাৱত ঘৰৰ ভিতৰত থৈ দিয়ে।
পৰিয়ালটোৱে জানিবলৈ দিয়া মতে তেওঁলোকে এটি মন্দিৰ স্থাপন কৰি মুৰ্তিটো ৰখাৰ বাবে চিন্তা চৰ্চা কৰিছে।উল্লেখ্য যে উক্ত অঞ্চলটো হৈছে এক ইতিহাস প্ৰসিদ্ধ অঞ্চল। গাওঁখনৰ সমীপতে থকা শ্ৰীশ্ৰী মুক্তেশ্বৰী দেৱালয়খন সতী বেউলাৰ জন্মক্ষেত্ৰ(উজনি নগৰ) হিচাপে জনা যায়। দেৱালয়খনৰ স্থাপন সন্দৰ্ভত তথ্য নাই যদিও বাৰশ খ্ৰীষ্টাব্দৰ সময়তে স্থাপিত হোৱা বুলি অনুমান কৰা হৈছে।
উক্ত অঞ্চলটোৰ চাৰিওফালে প্ৰাচীন মুৰ্তি ভগ্নাৱশেষ থকা বুলি জনবিশ্বাস থকাৰ সমান্তৰালভাৱে পূৰ্ৱেও অঞ্চলটোত এনেধৰণৰ মুৰ্তি অথবা শিলাখণ্ড উদ্ধাৰ হৈছে। অঞ্চলটোৰ বৃদ্ধসকলে এতিয়াও তাহানিৰ সেই স্মৃতিবোৰ সুৱৰি থকা দেখা গৈছে। ইয়াৰ পাছতো ৰাজ্যৰ বিয়াগোম পুৰাতত্ব বিভাগটোৱে কোনো ধৰণৰ গৱেষণাৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হোৱা নাই। অঞ্চলটোত বিভাগটোৱে নিজা গৱেষণা অথবা খনন কাৰ্য চলালে আৰু অধিক প্ৰাচীন যুগৰ ইতিহাস প্ৰসিদ্ধ সম্পদ লাভ কৰাৰ সন্দেহ কৰা হৈছে।
































