বিভিন্ন উন্নয়নমূলক কামৰ বাবে উত্তৰ-পূব অঞ্চল উন্নয়ন বিভাগ (ড’নাৰ)এ আবণ্টন দিয়া শ শ কোটি টকা ব্যৱহাৰ কৰিব পৰা নাই অসম চৰকাৰে। সেইবাবে শ শ ব্যৱহাৰিক প্রমাণপত্র (ইউ চি) দাখিলতাে ব্যর্থ হৈছে চৰকাৰ। শেহতীয়াকৈ ড’নাৰ মন্ত্রণালয়ে প্রকাশ কৰিছে আভ্যন্তৰীণ প্রতিবেদন। তাতেই অসমৰ এনে ব্যর্থতাৰ তথ্য সন্নিবিষ্ট হৈছে। প্রতিবেদনত উল্লেখ কৰা অনুসৰি অসমে ড’নাৰে মােকলাই দিয়া বিভিন্ন উন্নয়নমূলক কামৰ ২০৬.৪৫ কোটি টকা ব্যয় কৰাত ব্যৰ্থ হৈছে।
আনহাতে, দাখিল কৰিবলৈ বাকী থকা ব্যৱহাৰিক প্ৰমাণপত্ৰৰ সংখ্যা ১৮৭ খন। উত্তৰ-পূৰ্বাঞ্চলৰ।ৰাজ্যকেইখনৰ ভিতৰত অসমেই সর্বাধিক ব্যৱহাৰিক প্রমাণপত্র দাখিল কৰিবলৈ বাকী আছে বুলিও প্রতিবেদন প্রকাশ কৰা হৈছে।ইপিনে, অসম চৰকাৰৰ উচ্চস্তৰীয় সূত্রই জনায় যে ব্যৱহাৰিক প্রমাণপত্র দাখিল কৰিবলৈ ড’নাৰ মন্ত্রণালয়ৰ পৰা অসম চৰকাৰক বাৰম্বাৰ হেঁচা দি থকা হৈছে; কিন্তু তাৰ বাবে যিবােৰ প্ৰক্ৰিয়াৰ মাজেৰে ব্যৱস্থাটো আগবাঢ়িব লাগে সেয়াই আৰম্ভ হােৱা নাই।
তথ্য অনুসৰি এই পর্যন্ত ড’নাৰ মন্ত্রণালয়ে অসমক ৫৪৭ খন অনুমােদিত আঁচনিৰ বিপৰীতে মােকলাই দিয়া পুঁজিৰ পৰিমাণ ৪,৭০৮.৯৭ কোটি টাকা। তাৰে ৪.০৫৯ কোটি টকা চৰকাৰে ব্যৱহাৰ কৰিছে। অব্যবহৃত পুঁজিৰ পৰিমাণ কমেও ৬৪৯.১০ কোটি টকা। এই ধনৰ বিপৰীতে থকা উন্নয়নমূলক আঁচনিৰ সংখ্যা ২৫৮ খন। ইয়াৰ কিছু পৰিমাণৰ পুজি শেহতীয়াকৈ ব্যৱহাৰ হােৱা বুলি চৰকাৰে দেখুৱাইছে; কিন্তু ব্যৱহাৰিক প্রমাণপত্র দাখিলত ব্যর্থ হৈছে।
উল্লেখ্য যে চৰকাৰৰ বিভিন্ন বিভাগৰ জৰিয়তে আবণ্টিত পুঁজি ব্যয় কৰা হয়। কাম আৰম্ভ হােৱাৰ পাছত ৰূপায়ণ কৰা বিভাগটোৱে ৰূপান্তৰ আৰু উন্নয়ন (টি এণ্ড ডি) বিভাগক বিল দাখিল কৰে। ৰূপান্তৰ আৰু উন্নয়ন বিভাগে নিজৰ ভাগৰ কামখিনি কৰি বিল জমা দিয়ে বিত্ত বিভাগক। কামৰ অগ্ৰগতিৰ ভিত্তিত বিত্তই নির্দিষ্ট বিভাগবােৰক তেতিয়াহে ধন মােকলােৱাৰ প্রক্রিয়া আৰম্ভ কৰে। পুঁজি লাভৰ পাছত আঁচনি কার্যকৰী কৰা বিভাগে টি এণ্ড ডিক ব্যৱহাৰিক প্রমাণপত্র দাখিল কৰে।
ৰূপান্তৰ আৰু উন্নয়ন বিভাগে সেইবােৰ দিয়ে বিত্ত বিভাগক। বিত্ত বিভাগেই ড’নাৰ মন্ত্রণালয়ক প্রমাণপত্র জমা দিয়ে। ডনাৰ মন্ত্রণালয়ৰ নভেল বিভাগ হিচাপে টি এণ্ড ডিয়ে ইয়াত ভূমিকা পালন কৰে। ইপিনে, ড’নাৰে বছৰ ভিত্তিত ৰাজ্যবােৰক পুঁজি মােকলাই দিয়ে। আঁচনি ভিত্তিত ৯০ ৪১০ হিচাপতে পুঁজি দিয়া হয়। তাৰ বিপৰীতে ৰূপায়ণ প্রক্রিয়াৰ লেহেমীয়া গতিৰ ফলত বছৰ বছৰ ধৰি অসমত অব্যৱহৃত হৈ পৰি ৰৈছে আবণ্টিত ধন।





























