বৰপেটাৰ কয়াকুছিৰ কুৰিহা গাঁও । এই গাঁওখন বহুচৰ্চিত হৈ পৰিছে ঐতিহ্যমণ্ডিত ঢাৰি উদ্যোগৰ বাবে । সম্পূৰ্ণ নিজাববীয়া উদ্যোগত কুৰিহা গাওঁত বিগত এশ বছৰৰো অধিক সময় জুৰি জীপাল হৈ আছে এই ঐতিহাসিক থলুৱা শিল্প। ৰাজ্যৰ উদ্যোগখণ্ডলৈ নিৰৱে অৱদান আগবঢ়োৱা কুৰিহা গাওঁৰ ঢাৰি শিল্প এতিয়াও চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে ।চৰকাৰৰ সুদৃষ্টিয়ে এই উদ্যোগক অধিক টনকিয়াল কৰি তুলিব বুলি গভীৰ আশা গাঁওবাসীৰ ।
ADVERTISEMENT





























