গোসাঁইগাওঁ মহকুমাৰ সদৰ অক্সিগুৰীত মঙ্লবাৰে সংঘটিত এক আক্ৰমণৰ ঘটনাক লৈ চাঞ্চল্য। অক্সিগুৰী গাওঁৰ নিবাসী আয়নাল শেখৰ পুত্ৰ সাহিন শেখক ওচৰৰ গাঁও কৰিমবজাৰৰ তিনিজনীয়া যুৱকে মঙলবাৰে নিজ গৃহত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে উপৰযুপৰি আঘাত কৰে।
পৰৱৰ্তী সময়ত ততাতৈয়াকৈ সাহিন শেখক গোসাঁইগাওঁ হাব্ৰুবিলস্থিত আৰএনবি চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰে যদিও গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত সাহিল শেখক চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰন কৰাৰ পৰামৰ্শ দিয়ে। সাহিন শেখে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে মঙলবাৰে নিজ ঘৰত থকা সময়ত তেওঁৰ পৰিচিত বন্ধু ক্ৰমে আৰিফ আনছাৰী, আৰিফ আনছাৰীৰ পিতা মুছতাফা আনছাৰী আৰু নিজাম আনছাৰী অতৰ্কিতে সাহিনৰ গৃহত প্ৰৱেশ কৰি চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে।
উক্ত সময়ত পত্নী,মাতৃ আৰু ভগ্নীয়ে আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰাত দলটোৱে তেওঁলোককো অস্ত্ৰৰে আঘাত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইপিনে ঘটনা সম্পৰ্কে আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত অৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিওঁ আক্ৰমণকাৰী এতিয়ালৈ আটক কৰাৰ পৰা বিৰত থকা বুলি অভিযোগ উত্থাপন কৰিছে সাহিনৰ পিতৃ আয়নাল শেখে।
সম্প্ৰীতি উক্ত ঘটনাকলৈ আৰক্ষীৰ স্থিতিত সন্দেহৰ আৱৰ্ত্তত সোমাই পৰিছে। তথ্য অনুসৰি সাধাৰণ এটা টুপিক লৈ দুয়োপক্ষৰ মাজত বাক-বিতন্দা হোৱাৰ পৰিনতিত এনে এক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।