মহামাৰী কৰ’না ভাইৰাছে দ্বিতীয় বাৰৰ বাবে যি ধৰনৰ সংহাৰি ৰূপ ধাৰণ কৰিছে তাৰ ফলত ইতিমধ্যে দিল্লী, মহাৰাষ্ট্ৰ আদি ৰাজ্যত চৰকাৰীভাবে তলা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।
অসমতো মহামাৰী কৰ’না ভাইৰাছৰ ফলত কে’বাজনো লোকৰ মৃত্যু হোৱাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগকে ধৰি অসমৰ মুখ্যমন্ত্ৰীয়ে মহামাৰী কৰ’না ভাইৰাছৰ পৰা হাতসাৰি থাকিবলৈ কে’বাবাৰো আলোচনাত মিলিত হৈ আছে উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ লগত।
ইতিমধ্যে আৰক্ষী বিভাগে বিভিন্ন হাট, বজাৰ আদিত মাইকেৰে ঘোষনা কৰি আছে যে মাক্স পিন্ধাটো বাধ্যতামূলক অন্যথা জৰিমনা বিহিব।আৰক্ষী প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাকো আওকান কৰি একাংশ অশোকাষ্টমী উদযাপন সমিতিয়ে ঠায়ে ঠায়ে পূজা আৰু মেলা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে।
ঠিক সেইদৰে পিছ পৰি ৰোৱা নাই ফকিৰাগ্ৰাম, দোতমা, ভাওঁৰাগূৰী আদি থানাৰ অধীনত অশোকাষ্টমী উৎযাপন সমিতিসমুহ। লক্চা,লোঙা, ঘুক্চি আদি নৈৰ পাৰত অশোকাষ্টমী আৰু মেলা অনুষ্ঠিত হোৱাত কৰ’না মহামাৰীৰ ভয়াবহতা বৃদ্ধি হোৱাৰ আশংকা আছে বুলি সচেতন মহলে অনুমান কৰিছে।





























