অক্সিজেনৰ অভাৱত পুনৰ পাঁচজন কৰ’না ৰোগীৰ মৃত্যুৰ অভিযোগ। তাক লৈ উত্তাল হাৰিয়ানাৰ হিচাৰ চিকিৎসালয়ৰ বাহিৰত প্ৰতিবাদ মৃতকৰ পৰিয়ালৰ সদস্যসকলৰ। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ চিকিৎসালয়ৰ বাহিৰত আৰক্ষী মোতায়েন কৰা হৈছে।
মৃতকৰ পৰিয়ালে অভিযোগ কৰিছে যে অক্সিজেন যোগানৰ অভাৱত ৰোগীৰ মৃত্যু হৈছে। মৃতসকলৰ এজনৰ ভাতৃয়ে অভিযোগ কৰিছে যে তেওঁ আন এখন চিকিৎসালয়ৰ পৰা অক্সিজেন চিলিণ্ডাৰ সংগ্ৰহ কৰিছিল। তথাপিও, তেওঁৰ ভায়েকক অক্সিজেন দিয়া হোৱা নাছিল।
চিকিৎসালয় কৰ্তৃপক্ষই এতিয়ালৈকে বিষয়টোত কোনো মন্তব্য কৰা নাই। যোৱা ২৪ ঘণ্টাত এইটো তৃতীয়বাৰৰ বাবে হাৰিয়ানাত অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যুৰ অভিযোগ পোহৰলৈ আহিছে।
দেওবাৰে গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত চাৰিজন কৰ’না ৰোগীৰ মৃত্যু হয়। ৰাজধানী চণ্ডিগড়ৰ পৰা ৩৩০ কিলোমিটাৰ দূৰত থকা ৰেৱাৰীৰ এখন চিকিৎসালয়ত চাৰিজন কৰ’না ৰোগীয়েও প্ৰাণ হেৰুৱাইছিল। দুয়োটা ক্ষেত্ৰতে আছে অক্সিজেনৰ অভাৱৰ অভিযোগ । জিলা প্ৰশাসনৰ দ্বাৰা দুয়োটা ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।
ক’ভিডে দেশত যথেষ্ট প্ৰভাৱ পেলাইছে। যোৱা ২৪ ঘণ্টাত, ১০হেজাৰৰো অধিক লোক নতুনকৈ আক্ৰান্ত হৈছে। ইয়াৰ মাজতে, একাধিক স্থানৰ পৰা অক্সিজেনৰ অভাৱৰ অভিযোগ আহিছে।





























