বিগত ডেৰ বছৰ ধৰি বিশ্বজুৰি অব্যাহত থকা কৰ’না মহামাৰীৰ সংক্রমণে মানুহৰ নিদ্রাক যথেষ্ট প্রভাৱিত কৰিছে ।বিশেষজ্ঞসকলে এই বিষয়ত চলােৱা অধ্যয়নত লাভ কৰা তথ্য অনুসৰি, বিশ্বজুৰি সম্প্রতি নিদ্রাহীনতাত ভােগা লােকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে।
আমেৰিকান একাডেমী অৱ শ্লিপ মেডিচিন-২০২০ সমীক্ষা অনুসৰি, কৰ’নাৰ আগমনৰ পূর্বে আমেৰিকাৰ ২০ শতাংশ লােকে নিদ্রাজনিত বিভিন্ন সমস্যাত আক্রান্ত হৈছিল। কিন্তু এতিয়া আমেৰিকাত নিদ্রাহীনতাত ভােগা লােকৰ সংখ্যা ৬০ শতাংশলৈ বৃদ্ধি পাইছে।
বিগত ডেৰ বছৰত কৰ’না কালত আমেৰিকাবাসীৰ মাজত নিদ্রাজনিত সমস্যা বৃদ্ধি পােৱাৰ ফলত সম্প্রতি দেশখনৰ ৬০ শতাংশ লােক নিদ্রাহীনতাত আক্রান্ত হৈছে।
কৰ’নাৰ কালত মানুহৰ মানসিক হেঁচা বৃদ্ধি পাইছে আৰু ইয়াৰ ফলত নিদ্রাজনিত সমস্যা বৃদ্ধি পােৱা বুলিও আমেৰিকান একাডেমী অৱ শ্লিপ মেডিচিনৰ অধ্যয়নটোত দাবী কৰা হৈছে।






























