কৰ’নাৰ সম্ভাৱ্য তৃতীয় ঢৌৱে অক্টোবৰ-নৱেম্বৰত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে । অৱশ্যে এই ভয়াবহতা দ্বিতীয় ঢৌৰ দৰে মাৰাত্মক নহ’ব বুলি মত প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিশেষজ্ঞ পেনেলৰ বৈজ্ঞানিইসকলে । তেওঁলোকৰ ধাৰণা, তৃতীয় ঢৌত সৰ্বোচ্চ পৰ্যায়ত দৈনিক ডেৰৰ পৰা দুই লাখ লোক সংক্ৰমিত হ’ব পাৰে । যি দ্বিতীয় ঢৌৰ সৰ্বোচ্চ দৈনিক সংক্ৰমণৰ অৰ্ধেকৰো কম ।
যোৱা সাত মে’ত ভাৰতত দৈনিক সংক্ৰমণৰ সংখ্যাই শিখৰ চুইছিল । এদিনত চাৰি লাখ ১৪ হেজাৰ ১৮৮জন আক্ৰান্ত হৈছিল কৰ’নাত । ভাৰতৰ দ্বিতীয় ঢৌত এইটোৱে সৰ্বোচ্চ সংক্ৰমণৰ মান আছিল । কৰ’নাৰ গতিবিধিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ দায়িত্বত থকা চৰকাৰী পেনেলৰ বৈজ্ঞানিকসকলৰ মতে, তৃতীয় ঢৌ দ্ৰুত সংক্ৰামক হ’লেও দ্বিতীয় ঢৌক পিছ পেলাব নোৱাৰে । তৃতীয় ঢৌৰ পৰিস্থিতি যদি নিত্যান্তই বেয়ালৈ যায়, তেন্তে দৈনিক ডেৰৰ পৰা দুই লাখ লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে ।
বৈজ্ঞানিকসকলে তিনিটা চৰ্ত আগবঢ়াইছে । প্ৰথম, জনসাধাৰণে যদি ক’ভিড বিধি অৱলম্বন নকৰে । দ্বিতীয়, যদি প্ৰতিষেধক কাৰ্যকৰী নহয় বা ২০ শতাংশ কম কাৰ্যকৰী হয় । তৃতীয়, যদি কৰ’নাৰ পুনৰ নতুন ৰূপে আত্মপ্ৰকাশ কৰে, যি পূৰ্বৰ তুলনাত ২৫ শতাংশ বেছি সংক্ৰামক হয় । এই তিনিটা বিষয় একেলগ হ’লেহে কৰ’নাৰ তৃতীয় ঢৌ অক্টোবৰ-নৱেম্বৰত সৰ্বোচ্চ পৰ্যায়ত যাব পাৰে বুলি মত পোষণ কৰে কৰ’না সংক্ৰান্ত কেন্দ্ৰীয় বিশেষজ্ঞ পেনেলে ।
কৰ’নাৰ গতিবিধিৰ ওপৰত দৃষ্টি ৰখা এই চৰকাৰী পেনেলে আগৰ পৰাই এই বিষয়ত সতৰ্ক কৰিছে । কাৰণ দ্বিতীয় ঢৌৰ ক্ষেত্ৰত কৰ’নাৰ সম্ভাব্য ভয়াবহতা পূৰ্বে অনুমান কৰিব পৰা নাছিল । ফলত সমালোচনাৰো সম্মুখীন হ’বলগীয়া হৈছিল কেন্দ্ৰই । সেয়ে তৃতীয় ঢৌত পুনৰ একেই ভুল কৰিব নিবিচাৰে তেওঁলোকে । কৰ’না ভাইৰাছৰ গতিবিধিৰ এক গাণিতিক মডেল প্ৰস্তুত কৰিছে এই পেনেলৰ সদস্য বৈজ্ঞানিকসকলে । এই মডেলটোৰ নাম দিয়া হৈছে ‘সূত্ৰ মডেল’ । এই সূত্ৰ মডেলতে তিনিটা সম্ভাৱনাক উল্লেখ কৰি সতৰ্ক হ’বলৈ কৈছে তেওঁলোকে ।
সূত্ৰ মডেল প্ৰস্তুতকৰণত জড়িত হৈ আছে আইআইটি কানপুৰৰ বৈজ্ঞানিক মনিন্দ্ৰ আগৰৱালা । তেওঁ কয়, ‘আমি তিনিটা বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো । প্ৰথমতে, মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা । দ্বিতীয়তে প্ৰতিষেধক যিমান কাৰ্যকৰী হ’ব বুলি ধাৰণা কৰা হৈছিল, সিমান কাৰ্যকৰী নোহোৱা আৰু তৃতীয়তে কৰ’নাই অধিক সংক্ৰামক ৰূপ ধাৰণ কৰা ।’
আগৰৱালাই লগতে কয় যে, এই তিনিটা বিষয়েই যদি বাস্তৱায়িত হয় আৰু জনসাধাৰণে ক’ভিড বিধি যথাযথ পালন নকৰে, তেন্তে অক্টোবৰৰ পৰা নৱেম্বৰৰ ভিতৰতেই সৰ্বোচ্চ পৰ্যায়ত পাব তৃতীয় ঢৌ । কৰ’নাৰ ডেল্টা প্লাছ ৰূপ তৃতীয় ঢৌৰ কাৰণ নহয় । জানিব পৰা গৈছে যে, কৰ’নাৰ ডেল্টা প্লাছ ৰূপ ডেল্টাৰ দৰে সংক্ৰামক নহয় ।






























