দেশত এই পৰ্যন্ত ক’ভিডত আক্ৰান্ত হৈ চাৰি লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে । কোনোৱে ভাতৃ-ভগ্নী, কোনোৱে পিতৃ-মাতৃক হেৰুৱাইছে । কোনোৱে পৰিয়ালৰ সকলোকে হেৰুৱাই অকলশৰীয়া হৈ পৰিছে ।

আটাইতকৈ ভয়ানক পৰিস্থিতি সেই সকল শিশুৰ হৈছে, যিসকলে পিতৃ-মাতৃ দুয়োজনকে হেৰুৱাইছে । দেশত এনে শিশুৰ সংখ্যা কম নহয় ।

তেওঁলোকৰ বিষয়ে চিন্তা কৰি আগবাঢ়ি আহিল জয় শৰ্মা । এনে প্ৰায় এশজন শিশুক তেওঁ লালন-পালন কৰাৰ অংগীকাৰ কৰিছে । ২৬ বছৰীয়া জয়ৰ এটা স্বেচ্ছাসেৱী সংস্থা আছে । তেওঁ ডেৰাডুনত ডাঙৰ হৈছে ।

সৰুৰ পৰাই তেওঁ মানুহক সহায় কৰিবলৈ আগবাঢ়ি আহে । কোনো লোক বিপদত পৰাৰ কথা গ’ম পালেই জয় সেই স্থানত গৈ উপস্থিত হয় । সেয়ে পঢ়া-শুনা শেষ কৰি তেওঁ এটা স্বেচ্ছাসেৱী সংস্থা আৰম্ভ কৰে ।

অতিমাৰী পৰিস্থিতিত আৰম্ভণিৰ পৰাই জয়ে ডেৰাডুনৰ মানুহক সহায় কৰি আহিছে । য’তেই প্ৰয়োজন তাতেই বিনামূল্যে অক্সিজেনৰ যোগান ধৰিছে । নিত্য প্ৰয়োজনীয় সামগ্ৰী, ঔষধ আদিও ঘৰে ঘৰে প্ৰেৰণ কৰিছে সম্পূৰ্ণ বিনামূল্যে ।

সম্প্ৰতি চকুৰ প্ৰচাৰত ঘটা কেতবোৰ ঘটনাই তেওঁক দুঃখিত কৰি তুলিছিল । ডেৰাডুনৰেই পাঁচ শিশুক অনাথ হোৱা দেখিছে জয়ে ।

পিতৃ-মাতৃক হেৰুৱাই দিশহাৰা হৈ পথত জীৱন যাপন কৰাৰ উপক্ৰম হৈছিল শিশুসকলৰ । সেয়ে তেওঁ আৰু চাই থাকিব নোৱাৰি, তেওঁলোকৰ ভৰণ-পোষণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

কিন্তু পাঁচটি শিশুৱেইটো নহয়, দেশত এনে বহু শিশুৱে পিতৃ-মাতৃক হেৰুৱাই অনাথ হৈ পৰিছে । তেওঁলোকৰ বিষয়ে নভবাকৈ থাকিব কেনেকৈ !

সেয়ে জয়ৰ সংস্থাই এনে এশটি শিশুক তুলি লোৱাৰ মনস্থ কৰে । ইতিমধ্যে ২০ টি শিশুক তুলি লৈছে তেওঁলোকে । তেওঁলোকৰ খাদ্য, বস্ত্ৰ, শিক্ষা, ঔষধসহ যাৱতীয় ভাৰ বহন কৰিছে জয়ে ।

জয়ে জনায়, আগন্তুক সপ্তাহৰ ভিতৰত এই সংখ্যা তেওঁলোকে ৫০ লৈ বৃদ্ধি কৰিব । ইয়াৰ পাছত এশটি শিশুক তুলি ল’ব ।

এই পৰ্যন্ত জয়ে তুলি লোৱা ২০টি শিশুৰ বয়স চাৰিৰ পৰা পাঁচ বছৰৰ ভিতৰত । ১২-১৩ বছৰীয়া শিশুও আছে । তেওঁলোক বালক নোহোৱা পৰ্যন্ত তেওঁলোকৰ দায়িত্ব বহন কৰিব জয়ে ।































