মুখ্যমন্ত্ৰীকে ধৰি বিজেপিৰ ১৪ গৰাকী মন্ত্ৰী আৰু ৬২ গৰাকী বিধায়কক তিনিদিনৰ বাবে লগ নাপাব দিছ্পুৰ জনতা ভৱনত ।
১২ ৰ পৰা ১৪ নৱেম্বৰলৈ তিনিদিনীয়াকৈ মুম্বাইত অনুষ্ঠিত হ’ব বিজেপিৰ এক বিশাল প্ৰশিক্ষণ কাৰ্যসূচী ।
এই কাৰ্যসূচীত বিজেপিৰ প্ৰতিগৰাকী মন্ত্ৰী, বিধায়ক আৰু ৰাজ্যিক সাধাৰণ সম্পাদকক প্ৰদান কৰা হ’ব এক বিশেষ প্ৰশিক্ষণ।
উল্লেখ্য যে, তিনিদিনৰ বাবে ১৪ গৰাকীকৈ মন্ত্ৰী ৰাজ্যৰ বাহিৰত থকাৰ সময়ত অসমত উপস্থিত থাকিব মিত্ৰদলৰ তিনিজনহে। তেওঁলোক ক্ৰমে- কেশৱ মহন্ত, অতুল বৰা আৰু উৰ্খাও গৌৰা ব্ৰহ্ম ।
মুম্বাইত অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণৰ প্ৰথম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। ইফালে অন্তিম দিনাৰ কাৰ্যসূচীত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।






























