দেশজুৰি পুনৰ বৃদ্ধি পাইছে কৰ’না ভাইৰাছ সংক্ৰমণ । বুধবাৰৰ তুলনাত বৃহস্পতিবাৰে দৈনিক সংক্রমণ আৰু বাঢ়িল । সংক্রমণৰ লগতে বাঢ়িছে মৃত্যুৰ সংখ্যাও ।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি জানিব পৰা গৈছে, বিগত ২৪ ঘণ্টাত দেশত সংক্রমিত হৈছে ১৮ হেজাৰ ৯৩০ জন । বুধবাৰে এই সংখ্যা আছিল ১৬ হেজাৰ ১৫৯ । এদিনত মৃত্যু হৈছে ৩৫ জনৰ । বুধবাৰে দৈনিক মৃত্যুৰ সংখ্যা আছিল ২৮ ।
দেশত সম্প্ৰতি সক্রিয় ৰোগীৰ সংখ্যা এক লাখ ১৯ হেজাৰ ৪৫৭ । মুঠ মৃত্যু হৈছে পাঁচ লাখ ২৫ হেজাৰ ৩০৫ জনৰ । সুস্থতাৰ হাৰ ৯৮.৫৩ শতাংশ ।
আনহাতে, ভাৰতত কৰ’না ভাইৰাছৰ অ’মিক্রনৰ উপৰূপ বিএ.২.৭৫ৰ সংক্ৰমণ হৈছে । এই কথা জনাইছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে । কৰ’নাৰ নতুনকৈ সংক্রমণ বৃদ্ধি প্রসংগত হু প্রধানে কয়, ‘‘বিগত দুসপ্তাহত বিশ্বত ক’ভিড সংক্রমণ প্রায় ৩০ শতাংশ বৃদ্ধি পাইছে । ইউৰোপ আৰু আমেৰিকাত বিএ.৪ আৰু বিএ.৫-ৰ সংক্রমণ ঘটিছে । ভাৰতত বিএ.২.৭৫ উপৰূপৰ সন্ধান পোৱা গৈছে ।’’
হুৰ প্রধান বিজ্ঞানী সৌম্যা স্বামীনাথনে জনাইছে, কৰ’নাৰ এই নতুন উপৰূপ বিএ.২.৭৫ প্রথম পোৱা গ’ল ভাৰতত । তাৰ পাছত সেয়া আৰু ১০খন দেশত বিয়পিছে ।





























