Horoscope :
মেষ : কর্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। চাকৰি ক্ষেত্ৰত কৰ্তৃপক্ষৰ লগত মতবিৰোধ দেখা দিব পাৰে। শৰীৰত অৰ্থাৎ প্ৰাপ্তিৰ প্ৰবল যোগ দেখা যায়। গতিকে চলাফুৰাৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন কৰিব। ব্যৱসায়- বাণিজ্যৰ ক্ষেত্ৰত মধ্যমফলদায়ক হ’ব। বিদ্যাৰ্থীৰ কাৰণে নতুন সুযোগ আহিব পাৰে।
বৃষ : ঘৰুৱা দিশত শান্তিপূর্ণ পৰিৱেশ বজাই থাকিব। চাকৰিৰ ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। দিনৰ মাজভাগৰ পৰা এই ৰাশিৰ ব্যৱসায়ীসলকলৰ ভাল দেখা যায়। প্রাপ্যধন প্ৰাপ্তিৰ যোগ।
মিথুন : পৰিশ্ৰম আৰু চেষ্টাৰ দ্বাৰা দিনটোত বিভিন্ন সমস্যাৰ সমাধান কৰিব পাৰি। ব্যক্তিগত নিজৰ মনৰ কথা আনৰ আগত প্ৰকাশ কৰিলে কঠিন সমস্যাৰ সন্মুখীন হ’ব পাৰে। বুধৰ শুভ প্ৰভাৱৰ ফলত ব্যৱসায়-
বাণিজ্যত শুভ ফলদায়ক হ’ব। বিদ্যাৰ্থীৰ বাবে বাধা আহিব পাৰে।
কৰ্কট : এই ৰাশিৰ চাকৰিয়ালসকলৰ উন্নতিৰ যোগ। আয়বৃদ্ধিৰ সম্ভাৱনা থাকিবলেও অপ্রতাশিতভাৱে বাধা দেখা দিব পাৰে। বাণিজ্যৰ জৰিয়তে নতুন বন্ধু লাভৰ যোগ। ঘৰত আলহী আগমনৰ ফলত ব্যস্ততাৰ লগ আর্থিক ব্যয় বিদ্যাৰ্থীৰ ভ্ৰমণকাৰী যোগ দেখা যায়।
সিংহ : ভ্ৰমণত বাধা। আশাবাদী মন, কর্মত উন্নতি, ভ্ৰমণত সতর্ক হওক আর্থিক শুভ। শুভ সংখ্যা ৭, শুভ ৰং পাতল নীলা।
কন্যা : কৰ্মত উন্নত। বিদ্যা বুদ্ধিত শুভ। পূব দিশৰ পৰা ভ্ৰমণ কৰক; খৰচ বৃদ্ধি। শুভ সংবাদ আনন্দিত কৰিব। শুভ সংখ্যা ৪, শুভ ৰং বগা।
তুলা : কর্মযোগ্যতা বৃদ্ধি, বিদ্যা বুদ্ধিত উন্নতি; সন্মান বৃদ্ধি। গোপন শত্রু বৃদ্ধি। খৰচ বৃদ্ধি, শুভ সংখণ ৯, শুভ ৰং মেৰুণ।
বৃশ্চিক : মানসিক শান্তি বজাই ৰাখক, সন্মান বৃদ্ধি ৷ ভ্ৰমণত মাধ্যম। নতুন কর্মসংস্থাপনৰ। শিৱ মন্ত্ৰ স্মৰণ কৰক, শুভ সংখ্যা ১, শুভ ৰং পাতল গোপলীয়া৷
ধনু : পাৰিবাৰিক শান্তি। অর্থ লাভ, ভ্ৰমণত মাধ্যম। দুষ্ট লোকৰ পৰা সাৱধানে চলক, তুলসীৰ গুড়িত পানী দিয়ক, শুভ ৰং নীলা, শুভ সংখ্যা ৪।
মকৰ : সামাজিক দিশত নিষ্ঠা আৰু সততা বৃদ্ধি ৷ ধৈৰ্য্যৰ প্ৰয়োজন ৷ শিল্পী সাহিত্যিকৰ সন্মান বৃদ্ধি, কৰ্মত মাধ্যম। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।
কুম্ভ : কর্মত উন্নতি। সন্তানক লৈ চিন্তা বৃদ্ধি, আয় বৃদ্ধি, পৰিৱেশ অনুকুল। ভ্ৰমণত শুভ। শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৪।
মীন : আয়-ব্যয় সমতা ৰক্ষা কৰক; সন্মান বৃদ্ধি। যানবাহন ক্রয় কৰিব পাৰিব। কৰ্মন্নোতিৰ যুগ। শুভ ৰং সোণালী, শুভ সংখ্যা ৫।































