Theft in Joyanagar:
মহানগৰীৰ স্মাৰ্ট আৰক্ষীক দুৰ্বৃত্তৰ পুনৰ বুঢ়া আঙুলি ৷ দিনদুপৰতে জয়ানগৰত গাড়ীৰ আইনা ভাঙি দুৰ্বৃত্তৰ লুটি নিলে নগদ দহহাজাৰ টকা সহ বহু নথিপত্ৰ দুৰ্বৃত্তৰ দলে।
সদাব্যস্ত জয়ানগৰ পুলিচ পইণ্টৰ সমীপতে কাষতে সংঘটিত হয় এই চুৰিকাণ্ড। টিংকু চলিহা নামৰ লোকজনে তেওঁৰ এএছ০১ডিভি-১৮৫০ নম্বৰৰ অল্ট’ বাহন খন আজি পথৰ কাষত কিছু সময়ৰ বাবে পাকিং কৰি চাহ খাবলৈ গৈছিল।
কিন্তু ৰখোৱাৰ পিছতে দুৰ্বৃত্তন বাহন খনৰ গ্লাছ ভাঙি লুটি নিয়ে এটা বেগ ৷ বেগটোৰ ভিতৰত আছিল নগদ ধন সহ কিছু গুৰুত্বপূৰ্ণ নথিপত্ৰ ৷
আনহাতে ,পিছত ঘটনাস্থলীত বশিষ্ট আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ ভূক্তভোগী টিংকু চলিহাই বশিষ্ট আৰক্ষী থানাত ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ ৷