Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

    মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

    মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gir-Gai Scam:গৰু চোৰ মৰ্দাবাদ’ ধ্বনিত উত্তাল ৰাজ্য

গো-পালক কৃষকক প্ৰৱঞ্চনা কৰি বিজেপি মন্ত্ৰী-বিধায়কৰ পত্নীৰ নামত ৰাজসাহায্য আদায়, গীৰ গাই কেলেংকাৰিৰ নিৰপেক্ষ তদন্তৰ দাবীত ৰাজ্যজুৰি কংগ্ৰেছৰ প্ৰতিবাদ

publisher by publisher
July 1, 2025
in Assam, News
Reading Time: 2 mins read
0
Gir-Gai Scam:গৰু চোৰ মৰ্দাবাদ’ ধ্বনিত উত্তাল ৰাজ্য
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:দিল্লীত প্রদ্যুৎ বৰদলৈয়ে গেৰুৱাবসন পিন্ধাৰ পিছতে নগাঁৱৰ ৰাজীৱ ভৱনত উত্তাল পৰিৱেশ

Police Torture In Golokganj: গোলোকগঞ্জত আক্ৰাছুৰ জোঁৰ সমদলকাৰীক ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে কঠোৰ দিছপুৰ

Congress Protest in Dhubri :ধুবুৰী ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি,কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা থাকিও জিলা পৰিষদ এআইইউডিএফৰ দখলত, সাংসদ ৰকিবুল হুছেইন সহ দুই বিধায়কক বয়কত ক্ষুব্ধ কংগ্ৰেছীৰ

Gir-Gai Scam:

গীৰ গাই আৰু মন্ত্রী-বিধায়কৰ পত্নীক ৰাজসাহায্য প্ৰদানৰ কেলেংকাৰিক লৈ সৃষ্টি হোৱা তীব্র প্রতিক্রিয়াৰ সময়তে সোমবাৰে সমগ্র ৰাজ্যজুৰি বিৰোধী দল কংগ্রেছে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ গো-পালক আৰু কৃষকক প্রবঞ্চনা কৰি বিজেপি চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু বিজেপি বিধায়কৰ আত্মীয়ৰ নামত দুর্নীতি সংঘটিত কৰি ৰাজসাহায্য আদায়ৰ লগতে গীৰ গাই হস্তগত কৰাৰ বিৰুদ্ধে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিৰোধী দলটোৱে।

ADVERTISEMENT

প্রতিবাদীসকলে গাই গৰু লৈও অভিনব প্রতিবাদ সাব্যস্ত কৰে। তেওঁলোকে ‘মন্ত্রী জয়ন্ত মল্লই পদত্যাগ কৰক ‘গৰু চুৰিৰ তদন্ত কৰক’, ‘মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ ৰাজসাহায্য উঠাই লওক’, ‘ন্যায়ৰ বাবে তদন্তকৰক’, ‘খেদ ঐ খেদ গৰু চোৰক খেদ’, ‘ধৰ ঐ ধৰ গৰু চোৰক ধৰ’, ‘অসম চৰকাৰ হায় হায়’, ‘বিজেপি চৰকাৰ মুৰ্দাবাদ’ আদি ধ্বনিৰে উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। নগাঁৱত গাই গৰু লৈ অভিনৱ প্রতিবাদ কৰে |

সমগ্র ৰাজ্যৰ লগতে নগাঁও জিলাতো কংগ্রেছে উত্তাল প্রতিবাদ সাব্যস্ত কৰে। অসম প্রদেশ কিষাণ কংগ্রেছ কমিটী আৰু নগাঁও জিলা কিষাণ কমিটীৰ উদ্যোগত নগাঁও ছহিদ ভৱনৰ সমীপত এই কার্যসূচী ৰূপায়ণ করে। এজনী গাই গৰু লৈ অভিনৱ প্রতিবাদ সাব্যস্ত কৰি কংগ্রেছ নেতা-কর্মীসকলে বিভিন্ন শ্ল’গানৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে।

প্রতিবাদী কার্যসূচীত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি প্রশান্ত শইকীয়া, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, প্রদেশ কংগ্রেছ কমিটীৰ সম্পাদক মৃণাল হাজৰিকা, প্রদেশ কংগ্ৰেছ কমিটীৰ পৰ্যবেক্ষক হিমাশ্রী ৰাজা, নগাঁও জিলা কিষাণ কংগ্ৰেছৰ সভাপতি দীপাংকৰ হাজৰিকাৰ স’তে ৰূপালী শইকীয়া প্রমুখ্যে জিলা কংগ্রেছ, মহিলা কংগ্রেছ, যুৱ কংগ্রেছ, এনএইছইউআই আৰু সেৱা দলৰ নেতা কর্মীসকলে অংশগ্রহণ কবে।

#তেজপুৰত কংগ্ৰেছৰ প্ৰতিবাদ

শোণিতপুৰ জিলা কংগ্ৰেছেও সোমবাৰে তেজপুৰত গীৰ গাই প্ৰসংগক লৈ উত্তাল প্রতিবাদ সাব্যস্ত কৰে। তেজপুৰস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা জিলা সভাপতি দাদুল বৰকটকীৰ নেতৃত্বত নেতা-কর্মীসকলে প্রতিবাদী সমদল উলিয়াই আদালত পাঁচআলিত উপস্থিত হয়। শোণিতপুৰৰ আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত কংগ্ৰেছৰ স্থানীয় নেতা-কর্মীসকলে ‘খেদ ঐ খেদ গৰু চোৰক খেদ’, ‘ধৰ ঐ ধৰ গৰু চোৰক ধৰ’, ‘অসম চৰকাৰ হায় হায়’ আদি ধ্বনি দিয়ে। এইখন চৰকাৰ সাধাৰণ ৰাইজৰ লগত নাই বুলি অভিযোগ কৰি প্ৰতিবাদকাৰীসকলে চৰকাৰৰ মন্ত্ৰীয়ে পত্নীৰ নামত ৰাজসাহায্য লোৱাতহে ব্যস্ত বুলি কটাক্ষ কৰে।

#ধেমাজিত গাই গৰু লৈ প্ৰতিবাদ

বিজেপিৰ মন্ত্রী-বিধায়কৰ পত্নীয়ে গো-পালনৰ বাবদ ৰাজকোষৰ পৰা ৫০ লাখ টকাৰ ৰাজসাহায্য লাভৰ কাহিনীক লৈ ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া অব্যাহত থকাৰ মাজতে  ধেমাজি জিলা কংগ্ৰেছ কমিটীয়ে প্রতিবাদ সাব্যস্ত কৰে। ধেমাজি জিলা কংগ্রেছে তিনিআলিস্থিত ইন্দিৰা ভৱনৰ প্ৰাংগণৰ পৰা প্ৰতিবাদী সমদল উলিয়াই ধেমাজি চহৰলৈ আহে | অংশগ্রহণকাৰীসকলে বিভিন্ন শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে কয় যে গাঁৱৰ দুখীয়া মহিলাক ১২৫০ টকা আৰু মন্ত্রী-বিধায়কৰ পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য দিয়াৰ বিষয়টোৱে চৰকাৰখনৰ প্ৰকৃত স্বরূপ উদঙাই দিছে। এই সমগ্র ঘটনাৰ তদন্ত দাবী জনায় জিলা কংগ্রেছে।

#বিশ্বনাথত প্রতিবাদী কার্যসূচী

ইপিনে, বিশ্বনাথ জিলা কংগ্ৰেছ কমিটী আৰু বিশ্বনাথ জিলা কিষাণ কংগ্ৰেছ-গোর্খা কোষৰ সহযোগত এক প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিশ্বনাথ জিলা কার্যালয়ত কিষাণ কংগ্ৰেছ আৰু গোর্খা কোষ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীত প্রকৃত দুগ্ধ ফার্মৰ হিতাধিকাৰী বঞ্চিত কৰি মন্ত্রী-পত্নীয়ে ৰাজসাহায্য লাভ কৰাৰ ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়ে। আনহাতে, মন্ত্রী জয়ন্ত মল্ল বৰুবাই দুর্নীতি সংঘটিত কৰা বুলি বিশ্বনাথ চাৰিআলি সদব আৰক্ষী থানাত এজাহাৰ দাখিল কৰে বিশ্বনাথ জিলা যুৱ কংগ্রেছে। গীৰ গাই কেলেংকাৰি, ৰাজহুৱা সম্পত্তি অপৰাধমূলক অপব্যৱহাৰৰ লগতে কংগ্ৰেছত থকা সময়ত বৰ্তমানৰ মন্ত্রীজনে কৰা দুর্নীতিৰ বিৰুদ্ধে এইদৰে এজাহাৰ দাখিল কৰা হয় বুলি সদৰী কৰিছে জিলা যুৱ-কংগ্ৰেছে।

ইপিনে, মন্ত্ৰীজনৰ অবাঞ্ছিত আৰু অশোভনীয় মন্তব্যৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে বিশ্বনাথৰ সাংবাদিকসকলে। বিশ্বনাথ প্ৰেছ ক্লাবৰ সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত প্রতিবাদী ধর্ণা কার্যসূচী ৰূপায়ণ কৰে। সাংবাদিকক ৰাজহুৱাকৈ ক্ষমা নোখোজা পর্যন্ত মন্ত্রীজনৰ কোনো ধৰণৰ বাতৰি পৰিবেশনৰ পৰা বিৰত থাকিবলৈ তেওঁলোকে হুংকাৰ দিয়ে।

#ৰঙিয়াত কংগ্ৰেছৰ জুমুঠি দাহ

ৰাজ্যৰ প্রভাৱশালী মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া কার্যকলাপ তথা দুগ্ধ ফার্মৰ ৰাজসাহায্য আৰু গীৰ গাই প্ৰসংগৰ লগতে বিতর্কিত মন্তব্যৰ বিৰুদ্ধে ৰঙিয়াত বিৰোধী দল কংগ্ৰেছে প্রতিবাদ সাব্যস্ত কৰে। ৰঙিয়া ৰাজীৱ ভৱনৰ পৰা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা লৈ বৃহৎ প্রতিবাদী সমদল উলিয়াই ‘মন্ত্রী জয়ন্ত মল্ল বৰুৱাই পদত্যাগ কৰক’, ‘চৰকাৰী তহবিলৰ অপব্যৱহাৰ বন্ধ কৰক’, ‘গৰু চুৰি তদন্ত কৰক’ আদি শ্ল’গান দিয়ে। ইয়াৰ পাছতে প্রতিবাদকাৰীসকলে ৰঙিয়াৰ হাইবেচ ‘কত উপস্থিত হৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

কংগ্ৰেছ নেতা বিবুলাৰ ৰহমান, ডাঃ মৃণাল ডেকা, প্রাণজিৎ চৌধুৰী আৰু প্রশান্ত মহন্তৰ নেতৃত্বত উলিওৱা প্রতিবাদী সমদলে বিভিন্ন চৰকাৰী বিৰোধী শ্ল’গানৰে ৰঙিয়াৰ আকাশ-বতাহ উত্তাল কৰি তোলে। প্রতিবাদকাৰীসকলে গৰুখুঁটি প্ৰকল্পৰ অধীনত গীৰ গাইৰ সৰবৰাহৰ ক্ষেত্ৰতো অনিয়মৰ অভিযোগ উত্থাপন কৰে। তদুপৰি সাধাৰণ কৃষকৰ পৰিৱৰ্তে ৰাজনৈতিকভাবে প্রভাৱশালী ব্যক্তিৰ পৰিয়ালে ৰাজসাহায্য পোৱাৰ ঘটনা তীব্র প্রতিবাদ জনায়।

#গৰু চোৰ মন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত মৰিগাঁৱত প্রতিবাদ

মৰিগাঁও জিলা কংগ্ৰেছৰ উদ্যোগতো উত্তাল প্রতিবাদ সাব্যস্ত কৰা হয়। মৰিগাঁৱৰ মাজমজিয়াত জিলা কংগ্রেছে তীব্র প্রতিবাদ সাব্যস্ত কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । প্রতিবাদী কার্যসূচীত অংশগ্রহণকাৰীসকলে ‘আহ ঐ ওলাই আহ’, ‘খেদ ঐ খেদ গৰু চোৰক খেদ’, ‘গৰু চোৰ মুৰ্দাবাদ’, ‘কৃষকসকলক প্ৰতাৰণা কৰা অসম চৰকাৰ মুৰ্দাবাদ’, ‘অভব্য মন্ত্রী জয়ন্ত মল্ল বৰুৱা মুর্দাবাদ’, ‘গৰু চোৰক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি শাস্তি বিহক’, ‘ৰাজ্যৰ গো-পালকসকলক প্রৱঞ্চনা কৰা মন্ত্রী জয়ন্ত মল্ল বৰুৱা নিপাত যাওক’ আদি শ্ল’গানৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

গো-ধনক গো-মাতা আখ্যাৰে ৰাজনীতি কৰা বিজেপি চৰকাৰখনে গীৰ গাই ক্রয়, বিক্রয় আৰু ৰাজসাহায্য উদৰস্থ কৰাক লৈ সংঘটিত কৰা কেলেংকাৰিয়ে বিজেপিৰ প্রকৃত স্বৰূপ উদঙাই দিছে বুলি অভিযোগ কৰে। শাসনৰ নামত অপশাসনৰ বীজ সিঁচি গেৰুৱা দলৰ চৰকাৰে সংঘটিত কৰা সীমাহীন দুর্নীতি, ভ্ৰষ্ট্ৰচাৰৰ তালিকাত শেহতীয়াকৈ সংযোজন হোৱা গীৰ গাই কেলেংকাৰিৰ নায়ক মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ লগতে অন্যান্য খলনায়কক চিনাক্ত কৰি আইনগত শাস্তি বিহাৰ দাবী জনায় এই কাৰ্যসূচীত লাহৰীঘাটৰ বিধায়ক ডাঃ আছিফ নাজাৰ, মৰিগাঁও জিলা কংগ্ৰেছ সভাপতি ৰমেশ বৰদলৈ, সাধাৰণ সম্পাদক ৰবীন্দ্ৰ তামুলী প্রমুখ্যে নেতাসকল উপস্থিত থাকে।

#মাজুলীত কংগ্ৰেছৰ তীব্র প্রতিবাদ

মাজুলীৰ জিলা কংগ্ৰেছে  সদৰ গড়মূৰত তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কবে। মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু তেওঁৰ পত্নী, শাসকীয় দলৰ কেইগৰাকীমান বিধায়কৰ বিৰুদ্ধে উত্থাপন হোৱা গীৰ গাই আৰু কেলেংকাৰিৰ প্ৰতিবাদকল্পে এই প্রতিবাদ সাব্যস্ত কৰে। চৰকাৰখনৰ বিৰুদ্ধে তদন্ত বিচাৰি জিলা কংগ্ৰেছৰ নেতাসকলে ‘অসম চৰকাৰ হায় হায়’, ‘ গাই প্ৰসংগ তদন্ত কৰক’ আদি শ্ল’গান দিয়ে। গড়মূৰত থকা কংগ্ৰেছৰ জিলা কাৰ্যালয়ৰ পৰা উলিওৱা প্রতিবাদী সমদল গড়মূৰ তিনিআলিলৈ উলিওৱা হয়। কার্যসূচীত প্রাক্তন বিধায়ক ৰাজীৱ লোচন পেগুকে ধৰি জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

# ধুবুৰীত জিলা যুব কংগ্ৰেছে দাখিল কৰিলে এজাহাৰ

একেদৰে ধুবুৰী জিলা কংগ্ৰেছেও  গীৰ গাই প্রসংগক লৈ তীব্র প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ধুবুৰী জিলা কংগ্রেছ আৰু জিলা যুৱ কংগ্রেছৰ নেতৃত্বত উলিওৱা সমদলত বিভিন্ন শ্ল’গনৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে । ৰাজসাহায্যযুক্ত গীৰ গাই বিতৰণৰ প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি বিজেপি চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ পত্নী আৰু বিধায়কৰ আত্মীয়ক প্ৰদান কৰা দুর্নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰা জিলা যুৱ কংগ্ৰেছৰ এটা দলে ধুবুৰী সদৰ আৰক্ষী থানাত মন্ত্রীজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। তদুপৰি গীৰ গাই কেলেংকাৰিৰ স’তে মুখ্যমন্ত্রীও জড়িত থকা বুলি অভিযোগ কৰি ঘটনাৰ তদন্ত কৰিবলৈ এছআইটি গঠন কৰিবলৈ যুৱ কংগ্ৰেছে মুখ্যমন্ত্রীক প্রত্যাহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: congress protestGir-Gai ScamJayanta Malla Baruah
publisher

publisher

Related Posts

হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ
Assam

October 18, 2026
চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া
India

চোৰবাগানৰ দুৰ্ঘটনাৰ ঘটনাত গ্ৰেপ্তাৰ সাত , ধৃতসকলৰ মাজত পূজা কমিটীৰ একাধিক বিষয়ববীয়া

October 18, 2026
মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ
India

মুচলেকাত স্বাক্ষৰ কৰি জামিন লাভ ককৰোচ জনতা পাৰ্টিৰ মুৰব্বী অভিজিৎ দীপকেৰ

October 18, 2026
মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d