Horoscope:মেষ: দুই ধৰণৰ চিন্তাই আপোনাৰ কৰ্মত আহুকালৰ সৃষ্টি কৰিব। শৰীৰৰ প্রতি নজৰ ৰাখক। প্রিয় লোকৰ কোনো কথাত সন্তুষ্ট নহ’ব। পিছে অপেক্ষা কৰা কোনো সংবাদত সুখ। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ২।
বৃষ: কৰ্মৰ ওপৰত বিশ্বাস থাকিব। কোনো কাৰণে বিৰক্ত ভাব আহিব পাৰে। আর্থিক আমদানিৰ লগতে খৰচৰ পথো মুক্ত থাকিব। সন্তানৰ ভালেই। সন্তান সম্ভৱাৰ কন্যা সন্তান লাভৰ যোগ। শুভ ৰং নীলা। শুভ সংখ্যা ৩।
মিথুন: সাধাৰণ খং-ৰাগ। কিন্তু উন্নত পৰিৱেশক সিয়ে ক্ষতি নকৰিব। প্রেম-প্রীতিত মধ্যম আবেগ বৃদ্ধি। খৰচ বাঢ়িব। দৰকাৰী কামৰ বাবে কোনোৱে কৰা চেষ্টাত সফল হ’ব। সাময়িকভাৱে চিন্তাৰ পৰিৱেশ। শুভ ৰং আকাশী নীলা। শুভ সংখ্যা ৫।
কর্কট: ক্ষিপ্ত পৰিৱেশ আৰম্ভণিৰ সম্ভাৱনা হ’লেও প্রকট নহ’ব। শৰীৰৰ প্ৰতি যত্ন লোৱাটো দৰকাৰ। বিদ্যার্থীৰ মধ্যম। বন্ধু-বান্ধৱৰ পৰা উৎসাহ। কিন্তু তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰাই ভাল। শুভ ৰং বগা। শুভ সংখ্যা ৮।
সিংহ: ধৈৰ্যৰে প্ৰতিকূল বিষয়াদি নিয়ন্ত্ৰণৰ চেষ্টা কৰক। বিদ্যা লাভত বাধা কম। ভ্রমণাদিত কষ্ট হ’লেও শুভ। পিতৃৰ কথাত নিৰুৎসাহ। শৰীৰ বৰ ভালেৰে যোৱা টান। নতুন সংবাদত আনন্দ। শুভ ৰং ক্রীম। শুভ সংখ্যা ২।
কন্যা: আনৰ কথাত অসন্তুষ্টি প্রকাশ। শাৰীৰিকত বিশেষ দুৰ্ভাৱনা নাই। আত্মীয়ৰ সংগ লাভ। বিদ্যাত বেয়া নহ’ব। সক্রিয় কর্মত উন্নতি। ব্যৱসায়ত খুব বেয়া নহ’ব। বন্ধু লাভ। শুভ ৰং ক’লা। শুভ সংখ্যা ৬।
তুলা: সদায় স্বাৱলম্বিতা আপুনি পছন্দ কৰিব, কিন্তু সময়ে তাক উৎসাহিত নকৰিব। বাধ্য হৈ আনৰ সহানুভূতিৰ কথা বিবেচনা কৰিব লাগিব। আৰ্থিকত চিন্তিত। খৰচৰ মাত্রা বৃদ্ধি। শুভ ৰং কমলা। শুভ সংখ্যা ৮।
বৃশ্চিক: কেতু, মংগল, শুক্র, ৰবি যাৰ জীৱনত শুভ তেওঁৰ দিনটোত বেছি আহুকাল নাই। কিন্তু সামগ্রিক দৃষ্টিত আহুকাল সামান্য হ’লেও থাকিব। শৰীৰ মধ্যম। বিদ্যাত মধ্যম। শুভ ৰং নীলা। শুভ সংখ্যা ৯।
ধনুঃ দৰিদ্ৰ নাৰায়ণৰ প্ৰতি চিন্তা থাকিলেও কিছু সন্দেহ মনত লাগি থাকিব। দাম্পত্য, সন্তান আদিৰ লগত মধ্যম প্রভাৱ। অর্থ লাভ। স্বাৰ্থৰ বাহিৰত থকালৈ আপোনাৰ অহৈতুক অবিশ্বাস হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ১।
মকৰ: মধ্যম হ’লেও সাৱধানেৰে দিনটো পাৰ কৰক। খৰচ-পাতিৰ লগত কোনোৰ বাবে মনত দুখ বা অযথা কর্মত সময় অপব্যয় হ’ব। বিদ্যাত জটিলতা নাপায়। কর্মৰ্মাদিত অযথা মন্থৰতা। শুভ ৰং ৰঙা। শুভ সংখ্যা ৩।
কুম্ভ: ইচ্ছাকৃত কথাত কিবা বাধা পাব। শৰীৰৰ অথন্তৰো দেখা যায়। ব্যৱসায়-বাণিজ্যত বেয়া দেখা নাযায়। প্রাপ্যাদি কিছু পাব আৰু নতুন চিন্তাৰ উৎসাহ পাব, কিন্তু দাম্পত্যত উদ্বেগ। শুভ ৰং ক্রীম। শুভ সংখ্যা ৪।
মীন: খং-ৰাগ বৃদ্ধি পাব পাৰে। শৰীৰৰ উত্তাপ হ’লেও ভয়ৰ বিশেষ কাৰণ নাই। অৱশ্যে প্রাপ্য ধন পোৱাৰ সম্ভাৱনা থাকিব। ঘৰুৱাত মধ্যম। ভ্রমণত সাৱধান হ’লে ভয় কম। পঢ়াত মধ্যম। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৮।
































