আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক ভাবুকিৰ প্ৰতিশোধ ল’লে ভাৰতে। আমেৰিকাৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু বিমান ক্ৰয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে নতুন দিল্লীয়ে।
সংবাদ সংস্থাই দাবী কৰা অনুসৰি,কেইসপ্তাহমানৰ ভিতৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৱাশ্বিংটন ভ্ৰমণ কৰাৰ কথা আছিল।
সেই সময়ত ভাৰতে আমেৰিকাৰ পৰা কেবাটাও অস্ত্ৰ-শস্ত্ৰ আৰু বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল।
কিন্তু ট্ৰাম্পৰ শুল্ক ভাবুকিৰ বাবে নতুন দিল্লীয়ে আপাততঃ সেই পৰিকল্পনা বাতিল কৰাৰ সিদ্ধান্ত লৈছে।
প্ৰাপ্ত তথ্য অনুসৰি,ভাৰতে নিজৰ অস্ত্ৰভাণ্ডাৰ সমৃদ্ধ কৰিবলৈ আমেৰিকাৰ পৰা ষ্ট্ৰাইকাৰ যুদ্ধ বাহন, জেভেলিন এণ্টি টেংক মিছাইল, ছখন বয়িং পি ৮ আই চোৱাচিতা বিমান ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছিল।

































