Horoscope:✒️মেষঃ হাতলৈ টকা-পইচা আহিব। পুৰণি কেচ মোকদমাত জয় হ’ব। আনৰ পৰা পোৱা সহায়ে উৎসাহিত কৰিব। আজিৰ দিনটোত কৰা ভাল চিন্তাই আপোনাৰ জীৱন সলনি কৰিব পাৰে।
বৃষ: বন্ধুৰ লগত মনোমালিন্য হোৱাৰ ভয় আছে। পুৰণা ৰোগত ভোগাসকলে কষ্ট পাব পাৰে। সন্তানে কৰা ভাল কামৰ বাবে আনন্দ পাব। ব্যৱসায়ত সুফল পাবলৈ কষ্ট কৰিব লাগিব।
মিথুন: আজি আপোনাৰ বাবে আনন্দপূর্ণ দিন। ঘৰলৈ মূল্যৱান সম্পত্তি আহিব পাৰে। সন্তানে কৰা ভাল কামৰ বাবে সন্মান লাভ কৰিব। হাতলৈ টকা-পইচা আহিব। সময়ৰ কাম সময়ত নকৰা বাবে আর্থিক ক্ষতি হ’ব পাৰে।
কর্কট: অনাৱশ্যক খঙৰ বাবে আর্থিক ক্ষতি হোৱাৰ ভয়। সহায় কৰি প্রতিদান নল’ব। কর্মত বাধা দেখা যায়। ব্যৱসায়ত শুভ।
সিংহ: পৰিয়ালৰ ব্যক্তিৰ লগত মনোমালিন্য হোৱাৰ ভয়। চাকৰিৰ স্থান পৰিৱৰ্তন হ’ব পাৰে। ব্যৱসায়ত মধ্যম ফল পাব। হাত-ভৰিত আঘাত পাব পাৰে। আনৰ পৰা আৰ্থিক সহায় পাব।
কন্যা: চাকৰিয়ালৰ পদোন্নতি হোৱাৰ আশা আছে। নতুন ব্যৱসায়ৰ সন্ধান পাব পাৰে। সন্তানৰ অপকৰ্মৰ বাবে সম্মান হানি হোৱাৰ ভয়।
তুলা: আজি আপোনাৰ হাতেৰে শুভ কামৰ আৰম্ভ হ’ব পাৰে। শৰীৰ অসুস্থ হোৱাৰ ভয়। সন্তানৰ ভাল কামে আনন্দ দিব।
বৃশ্চিক: প্রাকৃতিক দুর্যোগত ক্ষতি হোৱাৰ আশংকা আছে। হাতৰ পৰা মূল্যৱান বস্তু হেৰুৱাব পাৰে। সমন্ধীয় ব্যক্তিৰ দুঃখবৰ শুনিব পাৰে।
ধনু: ঘৰলৈ মূল্যৱান সম্পত্তি আহিব। যিকোনো কামৰ সুফল লাভকৰিব। বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। সন্তানৰ ভাল কামে মনত আনন্দ দিব।
মকৰ : ব্যৱসায়ত লাভ কৰিব পাৰিব। চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব। শিক্ষার্থীৰ বাধা আহিব পাৰে।
কুম্ভ: আৰ্থিক সমস্যাৰ বাবে ক্ষতি হোৱাৰ ভয়। ব্যৱসায়ীসকলে টকা-পইচাৰ লেন-দেন নিজৰ হাতেৰে কৰিব। বন্ধুৰ লগত মনোমানিল্য হোৱাৰ ভয়। চাকৰিৰ স্থানৰ পৰিৱৰ্তন হ’ব পাৰে।
মীন: বিদ্যার্থীসকলৰ বাবে শুভ দিন। নিজৰ ভুলৰ বাবে টকা-পইচাৰ হানি-বিঘিনি হ’ব পাৰে। চাকৰি প্ৰত্যাশীসকলৰ ভাল খবৰ আহিব পাৰে। সন্তানৰ শুভ।































