CCTOA:
অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সংগঠন কেইটাই অব্যাহত থকা আন্দোলনৰ মাজতে আজি মহানগৰীৰ পল্টনবজাৰস্থিত ট্ৰাইবেল ৰেষ্ট হাউচত জনজাতি সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । সভাত ছয় জনগোষ্ঠীক জনজাতিকৰণ ক্ষেত্ৰত ২৫ নবেম্বৰত ৰাজ্য চৰকাৰে বিধানসভাত প্রতিবেদন দাখিল কৰাৰ বিষয়টোক লৈ বিশেষ আলোচনা হয় ৷ সভাত লোৱা সিদ্ধান্ত অনুসৰি জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰুদ্ধে ১০ নবেম্বৰত গুৱাহাটীত বৃহৎ গণ সমাবেশ অনুষ্ঠিত কৰা হ’ব ৷ আনহাতে ৩০ নবেম্বৰত জননেতা ভীমবৰ দেউৰীৰ মৃত্যু বার্ষিকী উদযাপন কৰিব সমন্বয়ৰক্ষী সমিতিয়ে ৷
সভাৰ অন্তত এক সংবাদমেল সম্বোধন কৰি কয় ,আদিত্য খাকলাৰীক ব্যক্তিগত আক্ৰমণ কৰি লাভ নাই ৷ আদিত্য খাকলাৰীয়ে নিজৰ লাভালাভৰ কথা নকয়, ৪০ লাখ জনজাতীয় লোকৰ মনোভাৱ আৰু সিদ্ধান্তহে ৰাইজ তথা চৰকাৰক বাৰ্তা হিছাপে প্ৰেৰণ কৰে৷জনজাতিকৰণক লৈ আমাৰ স্থিতি অটল , জনবহুল আৰু শৈক্ষিক আৰু অৰ্থনীতিক ভাবে আগবঢ়া সকলক জনজাতিকৰণ কৰিলে সৰু জনজাতিবোৰ ধ্বংস হৈ যাব গতিকে আমি এই প্ৰক্ৰিয়া বিৰোধ কৰোঁ ৷
আদিত্য খাগলাৰীয়ে আৰু কয় যে,হোমেন বৰগোহাঞিয়ে বিচৰা নাছিল আহোমৰ জনজাতিকৰণ কাৰো শ্ৰুতলিপিত আমি কথা নকও, বাস্তৱ কথালৈ আহক আজিৰ দিনত আহোম দৰে ইমান আগবঢ়া জনজাতিয়ে কিয় বিচাৰিছে জনজাতিকৰণ তেওঁলোকৰ মুখ্যমন্ত্রী আছিল, মন্ত্রী আছে, বিধায়ক আছে ৷



































