Pathsala:
পাঠশালাৰ সাংবাদিক ৰানা ডেকা আৰু তেওঁৰ আঠবছৰীয়া পুত্ৰক ফোনযোগে হত্যাৰ ভাবুকি দিয়াৰ সন্দৰ্ভত সাংবাদিকজনে পাঠশালা থানাত ৰজু কৰা গোচৰমৰ্মে মঙলবাৰে থানাত হাজিৰ হয় অৱসৰী আইএএছ বিষয়া হিতেশ দেৱ শৰ্মা ৷
এনআৰচিৰ প্ৰাক্তন সমন্বয়ক গৰাকী পাঠশালা থানাত উপস্থিত হোৱাৰ পিছতে শীৰ্ষ আৰক্ষী বিষয়াৰ জেৰা সন্মুখীন হয় ৷
আনহাতে থানালৈ অহাৰ সময়ত থানা চৌহদত এনআৰচিৰ প্ৰাক্তন সমন্বয় গৰাকীৰ প্ৰতিক্ৰিয়া সাংবাদিক জানিব বিচাৰে যদিও ৰহস্যজনকভাৱে মৌনতা অবলম্বন কৰে ৷
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে , অৱসৰী আইএএছ বিষয়া গৰাকী হয়তো গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে,অৱসৰী আইএএছ বিষয়া হিতেশ দেৱ শৰ্মাই তেওঁৰ পুত্ৰ তথা বাকসাৰ তদানীন্তন এএছপি গীতাৰ্থদেৱ শৰ্মাৰ সন্দৰ্ভত কেতবোৰ বাতৰি সাংবাদিক ৰানা ডেকাই কৰিছিল বুলি কৈ ম’বাইলত ভাবুকি দিছিল ডেকাক ৷




































