Jammu and Kashmir:✒️জম্মু–কাশ্মীৰৰ কিশ্তওৱাৰ জিলাত পুনৰ ভাৰতীয় সেনা আৰু উগ্ৰপন্থীৰ মাজত গুলি বিনিময় আৰম্ভ হৈছে। কিশ্তওৱাৰৰ সিংপোৰা এলেকাৰ পাহাৰীয়া গভীৰ জংঘলত আত্মগোপন কৰি থকা উগ্ৰপন্থীৰ সন্ধানত যোৱা দেওবাৰৰ পৰা অভিযান চলি আছে।
সেনা সূত্ৰ অনুসৰি, জংঘলৰ ভিতৰত দুই–তিনি জন জইশ-ই-মহম্মদৰ উগ্ৰপন্থী লুকাই থকাৰ সন্দেহ কৰা হৈছে।
দেওবাৰে ভাৰতীয় সেনাৰ হোৱাইট নাইট কোৰে অভিযান আৰম্ভ কৰাৰ সময়তেই প্ৰথম গুলি বিনিময় ঘটে। সেই সময়ত উগ্ৰপন্থীসকলে সেনা জোৱানক লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে।
বোমাৰ স্প্লিণ্টাৰৰ আঘাতত এজন পেৰাট্ৰুপাৰৰ মৃত্যু হয় আৰু আন সাতজন জোৱান আহত হয়। তাৰ পাছত কেইদিনমান নতুনকৈ কোনো গুলি বিনিময়ৰ খবৰ নাছিল যদিও বৃহস্পতিবাৰে পুৱা পুনৰ গুলি চলা ঘটনাৰ পোহৰলৈ আহে।
যি অঞ্চলত উগ্ৰপন্থীসকলে আত্মগোপন কৰি আছে, সেই অঞ্চল গভীৰ জংঘল আৰু ওখ পাহাৰেৰে আৱৰি থকা। নিশা দৃশ্যমানতা কমি যোৱাৰ লগতে প্ৰতিকূল পৰিস্থিতিৰ বাবে দেওবাৰে নিশা অভিযান স্থগিত ৰাখিবলগীয়া হৈছিল।
সোমবাৰে পুৱা পুনৰ অভিযান আৰম্ভ কৰা হয় যদিও উগ্ৰপন্থীৰ স’তে মুখামুখি হোৱা নাছিল।অৱশ্যে অভিযান চলাকালীন সেনাই উগ্ৰপন্থীৰ এটা গোপন বাঙ্কাৰৰ সন্ধান পায়।
সেই বাঙ্কাৰৰ পৰা প্ৰায় ৫০ পেকেট মেগী, চাউল, কেঁচা শাক-পাচলি, ৰান্ধণীৰ সামগ্ৰী আৰু শুকান কাঠ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা সামগ্ৰীৰ পৰিমাণে উগ্ৰপন্থীসকলে বহুদিন ধৰি সেই বাঙ্কাৰত আশ্ৰয় লৈ থকা আৰু কেইমাহৰ খাদ্য মজুত কৰি ৰখাৰ ইংগিত দিয়ে।
সেনা সূত্ৰই আশংকা কৰিছে যে স্থানীয় একাংশ লোকৰ সহযোগিতা অবিহনে এনে গভীৰ জংঘলত বাঙ্কাৰ নিৰ্মাণ আৰু খাদ্য মজুত কৰা সম্ভৱ নহয়। ইতিমধ্যে কেবাজন লোকক আটক কৰি সোধপোছ আৰম্ভ কৰা হৈছে।






























