ভাৰত-চীন সীমান্তত সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ ভাৰতীয় সেনাই কৃত্ৰিম বুদ্ধিমত্তা (AI) ভিত্তিক আধুনিক প্ৰযুক্তি ব্যৱহাৰ আৰম্ভ কৰিছে। বিশেষকৈ অৰুণাচল প্ৰদেশৰ এলএচিএচ (LAC) অঞ্চলত চীনৰ গতিবিধি নজৰত ৰাখিবলৈ এই ব্যৱস্থা প্ৰয়োগ কৰা হৈছে।
উচ্চ পাহাৰীয়া আৰু দূৰ্গম অঞ্চলত মানুহৰ পহৰা বজাই ৰখা কঠিন হোৱাৰ বাবে সেনাই AI-চালিত নজৰদাৰী ব্যৱস্থাৰ সহায় লৈছে। এই ব্যৱস্থাই সীমান্ত অঞ্চলত সন্দেহজনক গতিবিধি আগতেই চিনাক্ত কৰি সেনাক সতৰ্ক কৰি তোলে।
ফলত সম্ভাব্য অনুপ্ৰৱেশ বা সামৰিক তৎপৰতাৰ আগতীয়াকৈ মোকাবিলা কৰাটো সহজ হৈছে।সেনাৰ সূত্ৰ মতে, ড্ৰ’ন, উন্নত চেন্সৰ আৰু ডাটা এনালাইছিছ ব্যৱস্থাৰ সমন্বয়ে এই প্ৰযুক্তি সীমান্তত ২৪ ঘণ্টা নজৰদাৰী বজাই ৰাখিবলৈ সক্ষম।
বিশেষকৈ কুঁৱলী, তুষাৰপাত বা প্ৰতিকূল বতৰতো এই ব্যৱস্থা কার্যক্ষম থাকে।
বিশেষজ্ঞসকলৰ মতে, এই পদক্ষেপে সীমান্ত সুৰক্ষাত এক নতুন অধ্যায় আৰম্ভ কৰিছে আৰু ভৱিষ্যতত ভাৰতীয় সেনাৰ কাৰ্যক্ষমতা অধিক বৃদ্ধি কৰিব।






























