Lurinjyoti Gogoi:✒️ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী তথা অসম জাতীয় পৰিষদ (AJP)-ৰ সভাপতি লুৰীণজ্যোতি গগৈ-ৰ জনসমৰ্থন ক্ৰমাৎ বৃদ্ধি পোৱা দেখা গৈছে।
সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা প্ৰতিদিনে বহু সংখ্যক লোক অজাপত যোগদান কৰি প্ৰাৰ্থীগৰাকীৰ সংগঠনগত শক্তি অধিক দৃঢ় কৰি তুলিছে।
সোমবাৰে নিশা এই ধাৰাবাহিকতাৰ মাজতে বিজেপিৰ এক গুৰুত্বপূর্ণ ক্ষয়ক্ষতি দেখা যায়। দলটোৰ প্ৰবীণ নেত্ৰী তথা চেপন জিলা পৰিষদৰ প্ৰাক্তন সদস্যা জ্যোৎস্না কৈৰী-ৰ লগতে অৰ্ধশতাধিক সক্ৰিয় বিজেপি কৰ্মীয়ে লুৰীণজ্যোতি গগৈৰ উপস্থিতিত অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগদান কৰে।
ইয়াৰ উপৰি, বিভিন্ন ৰাজনৈতিক দল, জাতীয় সংগঠন আৰু সমাজসেৱামূলক ক্ষেত্ৰৰ বহু সদস্যই সাম্প্ৰতিক সময়ত অজাপত যোগদান কৰি দলটোৰ ভেটি অধিক মজবুত কৰি তুলিছে।
নৱ-যোগদানকাৰীসকলক উষ্ম আদৰণি জনাই লুৰীণজ্যোতি গগৈয়ে কয় যে খোৱাঙৰ ৰাইজে এইবাৰ কেৱল পৰিবৰ্তন নহয়, বৰঞ্চ বিজেপিৰ অপশাসনৰ পৰা সম্পূৰ্ণ পৰিত্ৰাণ বিচাৰিছে।
বিগত ১০ বছৰত “পৰিবৰ্তন”ৰ নামত ৰাইজক প্ৰতাৰণা কৰা শক্তিসমূহৰ দিন এতিয়া অন্তৰ্ভুক্ত হৈছে বুলিও তেওঁ মন্তব্য কৰে। একে সময়তে তেওঁ কয় যে, জাতীয় চেতনা আৰু প্ৰকৃত জাতীয়তাবোধ বুকুত সাৱটি আইমাতৃৰ সেৱা কৰিবলৈ অসম জাতীয় পৰিষদ বদ্ধপৰিকৰ।
এই ধাৰাবাহিক যোগদানৰ জৰিয়তে খোৱাং সমষ্টিত অজাপৰ সংগঠনগত শক্তি যথেষ্ট বৃদ্ধি পোৱা বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে। আগন্তুক নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই পৰিৱর্তনে সমষ্টিৰ ৰাজনৈতিক সমীকৰণত গুৰুত্বপূর্ণ প্ৰভাৱ পেলাব বুলি ধৰা হৈছে।






























