Trampling incident in Bihar:
:বিহাৰৰ নালন্দা জিলাৰ পৰা আহিছে এক মৰ্মান্তিক ঘটনা। মঙলবাৰে দীপনগৰ আৰক্ষী থানা এলেকাৰ অন্তৰ্গত মাঘ্ৰাৰ শীতলা মাতা মন্দিৰত আয়োজিত মেলাত অংশ ল’বলৈ গৈ পদপিষ্ট হৈ মৃত্যু আঠজন ভক্তৰ ৷ শোকাৱহ ঘটনাটোত গুৰুতৰভাৱে আহত হয় শিশু – মহিলা সহ আঠজন ৷ আহত সকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে বিহাৰ শ্বৰীফৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী আৰু উচ্চপহস্থ বিষয়া উপস্থিত হৈ পৰিস্থিতিৰ তদাৰক কৰে। ৷
আনহাতে নালন্দা জিলাৰ দণ্ডাধীশে ইতিমধ্যে শোকাৱহ ঘটনাৰ তদন্ত ঘোষণা কৰিছে ।
উল্লেখ্য যে যিহেতু আজি মঙলবাৰ হোৱা হেতুকে মন্দিৰত পুৱাৰে পৰা ভক্তৰ বিপুল জনসমাগম হয় ৷যাৰ ফলত এক বিশৃংখলতাৰ সৃষ্টি হৈছিল ৷






























