Legendary footballer Gilbertson Changma passes away:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-ৰাজ্যৰ কিংবদন্তী ফুটবলাৰ গিলবার্টচন চাংমাৰ পৰলোকপ্ৰাপ্তি ৷ মহানগৰীৰ কাহিলিপাৰাস্থিত নিজা বাসগৃহত পুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে মেন অফ গ’ল্ডেন বুট হিচাপে জনাজাত প্ৰখ্যাত ফুটবলাৰ গৰাকীয়ে।
উল্লেখ্য যে,বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল ৭১ বছৰীয়া প্ৰখ্যাত খেলুৱৈজন ৷ ২০২২ চনৰ পৰা ডিমেনচিয়া ৰোগত আক্ৰান্ত আছিল প্ৰাক্তন কিংবদন্তী ফুটবলাগৰাকী ৷ অসম আৰক্ষীত কৰ্মৰত হৈ থকাৰ সময়তে ফুটবলৰ স’তে জড়িত হৈ অতি কম ভিতৰতে ভাৰতৰ এগৰাকী প্ৰথিতযশা ফুটবলাৰ হিচাপে পৰিচিত হৈ পৰে ৷ অসম আৰক্ষী ফটবল টিমৰো কে’বাবাৰো অধিনায়কৰ দায়িত্বত আছিল।
১৯৫৪ চনত ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা চাংমা আছিল এগৰাকী উৎকৃষ্ট ফৰৱাৰ্ড যিয়ে ১৭ বছৰ (১৯৭১–১৯৮৭) শীৰ্ষ পৰ্যায়ত খেলি অসমৰ অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল ৷ একেদৰে ১৯৭৫ চনত তেওঁ ভাৰতীয় জাতীয় দলটোক প্ৰতিনিধিত্ব কৰিছিল ৷ ইণ্ডোনেছিয়াকে ধৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল চাংমাই।
বিশিষ্ট ক্ৰীড়াবিদ গৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে অসমৰ ক্ৰীয়া ক্ষেত্ৰ খনত ৷ দেওবাৰে মহানগৰীৰ আডিংগিৰী পাহাৰত শেষকৃত্য সম্পন্ন কৰা হ’ব প্ৰবীণ ক্ৰীড়াবিদ গৰাকীৰ ৷



































