Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-বিশিষ্ট শিক্ষাবিদ- সাহিত্যিক ড° তিলোত্তমা মিশ্ৰক দেওবাৰে গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত ক্ৰান্তিকাল সন্মান প্ৰদান কৰা হয় । নগাঁৱৰ ‘শিৱকান্ত- ক্ৰান্তিকাল ন্যাস’ৰ উদ্যোগত প্ৰতিবছৰে আগবঢ়াই অহা এই বঁটা ২০২৫ বৰ্ষৰ বাবে প্ৰসিদ্ধ ঔপন্যাসিক ড° তিলোত্তমা মিশ্ৰক দেওবাৰে গুৱাহাটীৰ শিলপুখুৰীত অৱস্হিত মুনীন বৰকটকী ন্যাসৰ পঞ্চৱতীৰ সভাগৃহত প্ৰদান কৰা হয় । এই বঁটাত আছে স্মাৰক আৰু অন্যান্য উপহাৰৰ লগতে নগদ ত্ৰিশ হাজাৰ টকা । অনুষ্ঠানত অংশগ্ৰহণ কৰি বঁটা প্ৰদান কৰে সাহিত্য অকাডেমি বঁটা প্ৰাপক দুগৰাকী বিশিষ্ট গল্পকাৰ দেবব্ৰত দাস আৰু মনোজ কুমাৰ গোস্বামীয়ে ।
অনুষ্ঠানত বিশিষ্ট সাংবাদিক মুনীন বায়নে বঁটা প্ৰাপক লেখিকা গৰাকীৰ সাহিত্য কৃতিৰ বিষয়ে উল্লেখ কৰি কয় , তিলোত্তমা মিশ্ৰৰ তিনিওখন উপন্যাস মাইলষ্টোন বুলিব পাৰি । ঐতিহাসিক সমল অটুত ৰাখি সৃষ্টি কৰা তেওঁৰ এই সাহিত্য কৃতি উল্লেখনীয় । সাধাৰণতে ঐতিহাসিক উপন্যাসত চৰিত্ৰক গুৰুত্ব দিয়া নহয় কিন্তু লেখিকা গৰাকী ইয়াৰ ব্যতিক্ৰম । এই উপন্যাস কেইখন পঢ়িলে অসমৰ ইতিহাসৰ নজনা কথাবোৰ জানিব পাৰিব । বিশিষ্ট গল্পকাৰ – সাংবাদিক, ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীয়ে অনুষ্ঠানত নিজৰ বক্তব্যত কয়, ক্ৰান্তিকালে যি কৰি আছে তাৰ দ্বাৰা বৌদ্ধিক বা সংবেদনশীলতাৰ পৰিচয দিছে ।
তেওঁ কয়, মানুহে নিজৰ কৰ্মৰ স্বীকৃতি ৫০ বছৰ বয়সৰ আগতে পাব লাগে । মই ভাবো এনে বঁটা সৃষ্টিশীল লোকৰ ক্ষেত্ৰত অত্যন্ত জৰুৰী ।এনে বঁটাই মানুহৰ সৃষ্টিশীলতাক উদগনি দিয়ে ।তেওঁ বঁটা প্ৰাপক সকলৰ দৰে বঁটা প্ৰদান কৰা সকলকো সন্মান জনাই উৎসাহিত কৰিব লাগেবুলি মন্তব্য কৰে । অনুষ্ঠানত বিশিষ্ট গল্পকাৰদেৱব্ৰত দাসে চমু বক্তব্যত কয়, ড° তিলোত্তমা মিশ্ৰই এনেকুৱা স্বীকৃতি আগতেই পাব লাগিছিল । অনুষ্ঠানত বিশিষ্ট সমালোচক বিভাস চৌধুৰীয়ে কয়, অসমীয়াত হিচটৰিকেল ফিকচন আগতে হৈছে । তিলোত্তমা মিশ্ৰৰ উপন্যাস কেইখনত জেনেৰিক ডাইভাৰচিটি আছে । তেখেতক দেখিলে শ্ৰদ্ধা ওপজে। বঁটা গ্ৰহণ কৰি ড° তিলোত্তমা মিশ্ৰই কয়, আজি মোৰ নিজৰ লিখাৰ বিষয়ে গুনী জ্ঞানী লোকৰ মুখত কথাখিনি শুনি ভাল লাগিছে । ৰাইজে যদি লেখা পঢ়ে আৰু তাৰ ওপৰত কিবা এটা কয় সেয়াই লেখকৰ বাবে বঁটা ।
তেওঁ বৰ্তমান সময়ত বিশ্বত বঁটাৰ নামত অধঃপতন হৈছে বুলি উল্লেখ কৰি কয়, বিশ্বত চাৰিওফালে সন্ত্ৰাস বিযপাই মানুহ মাৰি ফুৰা মানুহেও নোবেল বঁটা নাপাই যেতিয়া অশান্তি কৰে । গতিকে বঁটাৰ প্ৰতি মোৰ কিছু বিৰূপ ভাব আহিছিল । তেওঁ নগাঁৱৰ প্ৰসংগ উল্লেখ কৰি কয়, এটা সময়ত নগাঁওখন মোৰ সপোনৰ চহৰ আছিল । কাৰণ নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন, গুনাভিৰাম বৰুৱাৰ চহৰ । সেইখন চহৰৰ পৰা এই বঁটা আগবঢ়োৱাত অতি সুখী হৈছো ।
ক্ৰা
ন্তিকাল নামটোৱে অন্তৰত এক ক্ৰান্তিৰ ভাব আনে বুলি তেওঁ কয় । ড° মিশ্ৰই কয়, আশাবোৰ আছে বাবেই লিখি আছো । অনুষ্ঠানৰ আঁত ধৰে বিশিষ্ট সমালোচক অৰিন্দম বৰকটকীয়ে । অনুষ্ঠানত অতিথি সকল আৰু বঁটা প্ৰাপকক কৃতজ্ঞতা জ্ঞাপন কৰে ক্ৰান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰ কৈলাস কুমাৰ ৰাজখোৱাই । অনুষ্ঠানত ড° তিলোত্তমা মিশ্ৰৰ স্বামী ড° উদয়ন মিশ্ৰ, গল্পকাৰ জ্যোতিষ শিকদাৰ, মানস কুমাৰ মহন্ত, কামাল উদ্দিন আহমেদ, সিদ্ধাৰ্থ শঙ্কৰ বেজবৰুৱা,অনন্ত হাজৰিকা , জ্যোতি প্ৰসাদ ভূঞা, মিনাক্ষী বৰকটকী, বেলি ৰাজখোৱা, শৈলেন শইকীয়া,নয়নমনি বৰঠাকুৰ,
মন্দিতা বৰঠাকুৰ উপস্থিত থাকে ।






























